ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ১ কৰিন্থীয়া ১০-১৩
যিহোৱা হৈছে বিশ্বাসযোগ্য
যিহোৱা ঈশ্বৰে হয়তো আমাক পৰীক্ষাৰপৰা ৰক্ষা কৰিব পাৰে। কিন্তু আমি যাতে পৰীক্ষাবোৰৰ সন্মুখীন হʼব পাৰোঁ, তাৰ বাবে প্ৰয়োজনীয় সহায় আগবঢ়ায়। এইদৰে তেওঁ আমাক পৰীক্ষাৰপৰা ওলাই আহিবলৈ ‘উপায়’ দিয়ে।
যিহোৱা ঈশ্বৰে নিজৰ বাক্য, পবিত্ৰ আত্মা আৰু আধ্যাত্মিক আহাৰৰ যোগেদি আমাক চিন্তা কৰিবলৈ সহায় কৰে, উৎসাহিত কৰে আৰু সান্ত্বনা দিয়ে।—মথি ২৪:৪৫; যোহ ১৪:১৬; ৰোম ১৫:৪
তেওঁ পবিত্ৰ আত্মাৰ যোগেদি আমাক নিৰ্দেশনা দিয়ে। পবিত্ৰ আত্মাই আমাক বাইবেলৰ ঘটনা আৰু সিদ্ধান্তবোৰ মনত পেলাবলৈ সহায় কৰে। ইয়াৰ দ্বাৰা আমি সঠিক নিৰ্ণয় লʼবলৈ সক্ষম হওঁ।—যোহ ১৪:২৬
তেওঁ স্বৰ্গদূতৰ যোগেদি আমাক সহায় আগবঢ়াব পাৰে।—ইব্ৰী ১:১৪
তেওঁ ভাই-ভনীসকলৰ যোগেদি আমাক সহায় কৰিব পাৰে।—কল ৪:১১