ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 এপ্ৰিল পৃষ্ঠা ৮
  • মোৰ বাবে কি আটাইতকৈ গুৰুত্বপূৰ্ণ?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মোৰ বাবে কি আটাইতকৈ গুৰুত্বপূৰ্ণ?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • খ্ৰীষ্টানসকলে কিয় আগবাঢ়ি যোৱা উচিত?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • যিহোৱাৰ লগত থকা আপোনাৰ বন্ধুত্ব দৃঢ় কৰি থাকক
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • লক্ষ্য ৰাখক আৰু তাত উপনীত হওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 এপ্ৰিল পৃষ্ঠা ৮
যাকোবে এজন স্বৰ্গদূতৰ লগত মালযুদ্ধ কৰিছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

মোৰ বাবে কি আটাইতকৈ গুৰুত্বপূৰ্ণ?

যাকোবে যিহোৱা ঈশ্বৰৰপৰা আশীৰ্ব্বাদ লাভ কৰিবলৈ এজন স্বৰ্গদূতৰ লগত মালযুদ্ধ কৰিছিল। কিয় বাৰু? কিয়নো যিহোৱাৰপৰা আশীৰ্ব্বাদ লাভ কৰাটো তেওঁৰ বাবে গুৰুত্বপূৰ্ণ আছিল। (আদি ৩২:২৪-৩১; হোচে ১২:৩, ৪) আমাৰ বিষয়নো কি? আমি যিহোৱাৰ আজ্ঞা পালন কৰিবলৈ আৰু তেওঁৰ আশীৰ্ব্বাদ লাভ কৰিবলৈ পৰিশ্ৰম কৰিছোঁনে? উদাহৰণস্বৰূপে, আমি মণ্ডলীৰ সভালৈ যোৱাৰ সময়ত যদি আমাক কামৰ ঠাইত বেছি সময় কাম কৰিবলৈ কোৱা হয়, তেনেহʼলে আমি কি কৰিম? এনে পৰিস্থিতিত যদি আমি যিহোৱাৰ সেৱাত মনে-প্ৰাণে নিজৰ সময়, শক্তি আৰু সাধন ব্যৱহাৰ কৰোঁ, তেনেহʼলে যিহোৱাই আমাক প্ৰতিজ্ঞা কৰিছে যে তেওঁ ‘ঠায়ে নধৰাকৈ আশীৰ্ব্বাদ বৰ্ষাব।’ (মলা ৩:১০) তেওঁ আমাক সঠিক পথ দেখুৱাব, আমাক সুৰক্ষা দিব আৰু প্ৰয়োজনীয় সকলো বস্তু দিব।—মথি ৬:৩৩; ইব্ৰী ১৩:৫.

ঈশ্বৰৰ সেৱাত ৰখা লক্ষ্যৰপৰা নিজৰ ধ্যান বিচলিত হʼব নিদিব নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  •  অগ্ৰগামী সেৱা কৰা এগৰাকী ভনীয়ে সঙ্কেতিক ভাষাৰ অনুবাদক হিচাপে চাকৰি কৰিছে।

    এই ভনী গৰাকীক যি বস্তুবোৰ ভাল লাগিছিল, সেয়া তাইৰ বাবে কেনেকৈ বিপদজনক হৈ পৰিল?

  • সেই ভনী গৰাকীয়ে লাইট অন নকৰাকৈ অফিচত ৰাতিলৈকে কাম কৰি আছে।

    আমাৰ চাকৰি আমাৰ বাবে কেনেকৈ বিপদজনক হʼব পাৰে?

  • তীমথিয়ই ৰাতি খিৰকীৰ ওচৰত থিয় হৈ এখন নুৰা পঢ়ি আছে।

    তীমথিয় এজন আধ্যাত্মিক ব্যক্তি হোৱাৰ সত্ত্বেও, নতুন লক্ষ্য ৰখা আৰু তাত লাগি থকাৰ কিয় প্ৰয়োজন আছিল?—১তীম ৪:১৬

  • অগ্ৰগামী ভনী গৰাকী আৰু আন এগৰাকী ভনীয়ে, তাইৰ বাইবেল বিদ্যাৰ্থীৰ ঘৰত অধ্যয়ন কৰিবলৈ লগ কৰিছে।

    আপোনাৰ জীৱনত কি কথা আটাইতকৈ গুৰুত্বপূৰ্ণ?

    আমি কেনেকৈ জানিব পাৰোঁ যে আমাৰ বাবে “আটাইতকৈ গুৰুত্বপূৰ্ণ কাম” কি?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক