জুলাই ১৩-১৯
যাত্ৰাপুস্তক ৮-৯
গীত ১২ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“অহংকাৰী ফৰৌণে অজানিতে ঈশ্বৰৰ উদ্দেশ্য পূৰ কৰিলে”: (১০ মি.)
যাত্ৰা ৮:১৫—ফৰৌণে নিজৰ মন কঠোৰ কৰিলে আৰু মোচি আৰু হাৰোণৰ কথা শুনিবলৈ অস্বীকাৰ কৰিলে (it-২-E ১০৪০-১০৪১)
যাত্ৰা ৮:১৮, ১৯—মায়াকৰ্ম্ম কৰা শাস্ত্ৰজ্ঞবিলাকে যিহোৱাৰ ওচৰত হাৰ মানি লʼলে, তেতিয়াও ফৰৌণে নিজৰ মন কঠোৰ কৰি লয়
যাত্ৰা ৯:১৫-১৭—যিহোৱাই নিজৰ নাম মহিমান্বিত কৰিবলৈ ফৰৌণক তৎক্ষণাত শেষ নকৰিলে (it-২-E ১১৮১ ¶৩-৫)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
যাত্ৰা ৮:২১—ডাঁহ মাখি কি হয়? (it-১-E ৮৭৮)
যাত্ৰা ৮:২৫-২৭—ইস্ৰায়েলে কৰা বলিদান “মিচৰীয়াবিলাকৰ ঘৃণাজনক” হʼব বুলি মোচিয়ে কিয় কৈছিল? (w০৪ ৩/১ ২৯ ¶৯)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি. বা কম) যাত্ৰা ৮:১-১৯ (শিক্ষা অধ্যায় ১২)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাতৰ ভিডিঅʼ: (৪ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক: যেতিয়া গৃস্থই কথা-বতৰাত আপত্তি কৰিছিল, তেতিয়া প্ৰচাৰজনে কি কৰিলে? প্ৰচাৰকজনে কেনেকৈ শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা কোনো এখন প্ৰকাশন ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন?
প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৬)
প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ৩)
প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। অধ্যয়নৰ বাবে ব্যৱহাৰ হোৱা এখন প্ৰকাশন আগবঢ়াওক। (শিক্ষা অধ্যায় ১২)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“নম্ৰ হওক—আত্মপ্ৰশংসাৰপৰা আঁতৰি থাকক”: (৭ মি.) আলোচনা। যিহোৱাৰ বন্ধু হোৱা—নম্ৰ হওক নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত কেইজনমান লʼৰা-ছোৱালীক ষ্টেজলৈ নিমন্ত্ৰণ কৰক আৰু ভিডিঅʼখনৰ বিষয়ে প্ৰশ্ন সোধক।
“আনে প্ৰশংসা কৰাৰ সত্ত্বেও নম্ৰ হৈ থাকক”: (৮ মি.) আলোচনা। যীচুৰ দৰে নম্ৰ হৈ থাকক—প্ৰশংসা কৰাৰ সময়ত নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ৪, পৃ. ৫৩-৫৬
সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)
গীত ৮৩ আৰু প্ৰাৰ্থনা