ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাত্ৰাপুস্তক ৩৩-৩৪
যিহোৱাৰ মনোমোহা গুণ
৩৪:৫-৭
মোচিয়ে যিহোৱাৰ গুণবোৰৰ বিষয়ে ভালদৰে জানিছিল, সেইবাবে তেওঁ ইস্ৰায়েলীসকলৰ লগত ধৈৰ্য্য ধৰিলে। যদি মোচিৰ দৰে আমিও যিহোৱাৰ গুণবোৰ জানিবলৈ চেষ্টা কৰিম, তেনেহʼলে আমি খ্ৰীষ্টান ভাই-ভনীসকলৰ লগত ভাল ব্যৱহাৰ কৰিম।
“কৃপা আৰু দয়াৰে পৰিপূৰ্ণ”: পিতৃ-মাতৃয়ে যিদৰে নিজৰ সন্তানৰ চোৱা-চিতা কৰে, ঠিক সেইদৰে যিহোৱাও নিজৰ সেৱকসকলৰ যত্ন লয় আৰু তেওঁলোকক প্ৰেম কৰে
“ক্ৰোধত ধীৰ”: যিহোৱাই ধৈৰ্য্য ধৰে, যেতিয়া তেওঁৰ সেৱকসকলে কিবা ভুল কৰে, তেতিয়া তেওঁ ক্ৰোধীত হৈ নুঠে, ইয়াৰ পৰিৱৰ্তে তেওঁলোকক শুধৰণি কৰিবলৈ সময় দিয়ে
‘দয়াৰে ভৰপূৰ’: যিহোৱাই নিজৰ লোকসকলক প্ৰকৃত প্ৰেম কৰে। যিহোৱাৰ প্ৰেম তেওঁলোকসকলৰ প্ৰতি কেতিয়াও লুপ্ত নহʼব
নিজকে সোধক, ‘মই কেনেকৈ লোকসকলৰ প্ৰতি যিহোৱাৰ দৰে কৃপা আৰু দয়া দেখুৱাব পাৰোঁ?’