ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 অক্টোবৰ পৃষ্ঠা ৫
  • কিশোৰ-কিশোৰীসকল—যিহোৱা আপোনাৰ প্ৰকৃত বন্ধু হয়নে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • কিশোৰ-কিশোৰীসকল—যিহোৱা আপোনাৰ প্ৰকৃত বন্ধু হয়নে?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • আপুনি যিহোৱাৰ বন্ধু হʼব পাৰে!
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • যিহোৱাৰ বন্ধু হোৱা
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 অক্টোবৰ পৃষ্ঠা ৫
এজন ডেকা ভাইয়ে টেবুলত বহি, ধ্যান দি ব্যক্তিগত অধ্যয়ন কৰিছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

কিশোৰ-কিশোৰীসকল—যিহোৱা আপোনাৰ প্ৰকৃত বন্ধু হয়নে?

আপুনি কেনেধৰণৰ ব্যক্তিৰ লগত বন্ধুত্ব কৰি ভাল পায়? হয়তো যি ব্যক্তিয়ে আপোনাক সদায় সহায় কৰে, চিকটা নহয় আৰু আপোনাৰ লগত ভাল ব্যৱহাৰ কৰে, তেওঁৰ লগত আপুনি বন্ধুত্ব কৰে। যিহোৱাও এইদৰেই কৰে। (যাত্ৰা ৩৪:৬; পাঁচ ১৪:১৭) আপুনি প্ৰাৰ্থনা কৰিলে তেওঁ শুনে। আপোনাক সহায়ৰ প্ৰয়োজন হʼলে, তেওঁ সহায় কৰে। (গীত ১৮:১৯, ৩৫) যদি আপোনাৰ কিবা ভুল হয়, তেতিয়া তেওঁ আপোনাক ক্ষমা কৰে। (১যোহ ১:৯) সঁচাকৈ, যিহোৱাৰ দৰে বন্ধু আমি কʼতো বিচাৰি নাপাওঁ!

যিহোৱাৰ লগত বন্ধুত্ব কৰিবলৈ আপুনি কি কৰিব পাৰে? বাইবেল অধ্যয়ন কৰি তেওঁৰ বিষয়ে শিকক। তেওঁক হৃদয়ৰ সকলো কথা জনাওক। (গীত ৬২:৮; ১৪২:২) যিহোৱাৰ বাবে তেওঁৰ পুত্ৰ, তেওঁৰ ৰাজ্য আৰু ভৱিষ্যতৰ বাবে কৰা প্ৰতিজ্ঞা অতি গুৰুত্বপূৰ্ণ আৰু আপুনিও এই বিষয়বোৰ গুৰুত্ব সহকাৰে লওক। যিহোৱাৰ বিষয়ে আন লোকসকলক জনাওক। (দ্বিতী ৩২:৩) যদি আপুনি যিহোৱাৰ লগত প্ৰকৃত বন্ধুত্ব কৰে, তেনেহʼলে তেওঁ সদায় আপোনাৰ বন্ধু হৈ থাকিব।—গীত ৭৩:২৫, ২৬, ২৮.

কিশোৰ-কিশোৰীসকল—“যিহোৱা যে মঙ্গলময়, তাক তোমালোকে আস্বাদন কৰি চোৱা” নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ‘কিশোৰ-কিশোৰীসকল—যিহোৱা যে মঙ্গলময়, তাক তোমালোকে আস্বাদন কৰি চোৱা’ ভিডিঅʼখনৰ এখন দৃশ্য। এগৰাকী ভনীয়ে তাইৰ ব্যক্তিগত অধ্যয়ন কৰাৰ আগতে প্ৰাৰ্থনা কৰিছে।

    সমৰ্পণ কৰিবলৈ আৰু বাপ্তিষ্মা লʼবলৈ আপোনাক কি কৰিব লাগিব?

  • ‘কিশোৰ-কিশোৰীসকল—যিহোৱা যে মঙ্গলময়, তাক তোমালোকে আস্বাদন কৰি চোৱা’ ভিডিঅʼখনৰ এখন দৃশ্য। অগ্ৰগামী সেৱা কৰা এজন ভাইয়ে কাৰীন (চোৱাং) ভাষাত মানুহ এজনক শাস্ত্ৰ পদ দেখুৱাইছে।

    মণ্ডলীৰ ভাই-ভনীসকলৰ সহায়ত আপুনি কেনেকৈ যিহোৱাৰ সেৱা ভালদৰে কৰিব পাৰে?

  • ‘কিশোৰ-কিশোৰীসকল—যিহোৱা যে মঙ্গলময়, তাক তোমালোকে আস্বাদন কৰি চোৱা’ ভিডিঅʼখনৰ এখন দৃশ্য। এজন ডেকা ভাইয়ে বৃদ্ধ ভাইজনৰ লগত প্ৰচাৰলৈ গৈ আছে, বৃদ্ধ ভাইজনে ডেকা ভাইজনক কৃতজ্ঞতা দেখুৱাইছে।

    প্ৰচাৰ কাৰ্য্য কৰিলে যিহোৱাৰ লগত থকা আপোনাৰ সম্পৰ্ক কেনেকৈ দৃঢ় হʼব?

  • ‘কিশোৰ-কিশোৰীসকল—যিহোৱা যে মঙ্গলময়, তাক তোমালোকে আস্বাদন কৰি চোৱা’ ভিডিঅʼখনৰ এখন দৃশ্য। ভনী এগৰাকীয়ে ঘৰৰপৰা দুঘণ্টা খোজ-কাঢ়ি আহি, এগৰাকী কাণেৰে নুশুনা মহিলাক অধ্যয়ন কৰিছে।

    যিহোৱাৰ লগত আপোনাৰ বন্ধুত্ব কেতিয়াও নাইকিয়া নহʼব!

    আপুনি কি কি উপায়েৰে যিহোৱাৰ সেৱা কৰিব পাৰে?

  • আপোনাক যিহোৱাৰ কোনটো কথা ভাল লাগে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক