ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 জুলাই পৃষ্ঠা ১১
  • নিজৰ পৰিয়ালত আনন্দ বজাই ৰাখিবলৈ সহযোগ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নিজৰ পৰিয়ালত আনন্দ বজাই ৰাখিবলৈ সহযোগ কৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • আপোনাৰ পৰিয়াল সুখী হ’ব পাৰে
    বাইবেলে আমাক কি শিকায়?
  • যিহোৱাই আমাক প্ৰেম কৰাৰ বাবে অনুশাসন দিয়ে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • বাইবেলৰ সিদ্ধান্ত মনত ৰাখি নিজৰ লʼৰা-ছোৱালীক শিকাওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • “তোমাৰ পিতৃ-মাতৃক সন্মান কৰিবা”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 জুলাই পৃষ্ঠা ১১
ছবি: “নিজৰ পৰিয়াল আনন্দপূৰ্ণ কৰি তোলক” ভিডিঅʼখনৰ ওপৰত আধাৰিত ছবিবোৰ। ১. ছোৱালী কেইজনীয়ে নিজৰ মা-দেউতাকক একেলগে আনন্দেৰে কেক খাই থকাটো চাই আছে। ২. পাৰিবাৰিক উপাসনাৰ সময়ত ছোৱালী কেইজনীয়ে কিবা কথাৰ বাবে হাঁহি আছে। ৩. এজনী ছোৱালীয়ে চʼফাত শুই থকা অসুস্থ মাকৰ চোৱা-চিতা কৰি আছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

নিজৰ পৰিয়ালত আনন্দ বজাই ৰাখিবলৈ সহযোগ কৰক

সকলো পৰিয়াল আনন্দত থকাটো যিহোৱাই বিচাৰে। (গীত ১২৭:৩-৫; উপ ৯:৯; ১১:৯) কিন্তু বহু বাৰ আমাৰ আনন্দ নাইকিয়া হয়। কিয়নো আমি বহুতো সমস্যাৰ সন্মুখীন হʼবলগীয়া হয় বা আমাৰ পৰিয়ালৰ লোকসকলৰ পৰা কিছুমান ভুল হʼব পাৰে। এনে পৰিস্থিতিত আমাৰ পৰিয়ালত আনন্দ বজাই ৰাখিবলৈ আমি প্ৰতিজনে কি কৰিব পাৰোঁ?

এজন স্বামীয়ে নিজৰ পত্নীক সন্মানকৰে। (১পিত ৩:৭) তেওঁৰ পত্নীৰ লগত সময় কটায় আৰু তাইৰ পৰা বেছি আশা নকৰে। পত্নীয়ে তেওঁৰ আৰু পৰিয়ালৰ কাৰণে যি কৰে, তাৰ বাবে তেওঁ মূল্যাংকন কৰে। (কল ৩:১৫) তেওঁ নিজৰ পত্নীৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰে আৰু তাইৰ প্ৰশংসা কৰে।—হিতো ৩১:২৮, ৩১.

এজনী পত্নীয়ে নিজৰ স্বামীক সম্পূৰ্ণৰূপে সহায় কৰিবলৈ চেষ্টা কৰে। (হিতো ৩১:১২) তাই স্বামীৰ অধীনত থাকে আৰু তেওঁক সহযোগ কৰে। (কল ৩:১৮) তাই তেওঁৰ লগত মৰমেৰে কথা পাতে আৰু আনৰ ওচৰত তেওঁৰ ভাল কথাবোৰ কয়।—হিতো ৩১:২৬.

মাক-দেউতাকে নিজৰ লʼৰা-ছোৱালীৰ লগত সময় কটায়। (দ্বিতী ৬:৬, ৭) তেওঁলোকে নিজৰ লʼৰা-ছোৱালীক বহুত প্ৰেম কৰে বুলি জনায়। (মথি ৩:১৭) তেওঁলোকে মৰমেৰে লʼৰা-ছোৱালীক শুধৰণি কৰে আৰু বুদ্ধিমতাৰে কাম কৰে।—ইফি ৬:৪.

লʼৰা-ছোৱালীয়ে নিজৰ মাক-দেউতাকক সন্মান কৰে আৰু তেওঁলোকৰ কথা মানি চলে। (হিতো ২৩:২২) তেওঁলোকৰ মনত কি চলি আছে আৰু কেনে অনুভৱ কৰিছে, তাৰ বিষয়ে মাক-দেউতাকক খুলি কয়। মা-দেউতাই তেওঁলোকক শুধৰণি কৰিলেও লʼৰা-ছোৱালীয়ে তেওঁলোকক সন্মান কৰে আৰু তেওঁলোকে দিয়া পৰামৰ্শ পালন কৰে।—হিতো ১৯:২০.

নিজৰ পৰিয়াল আনন্দপূৰ্ণ কৰি তোলক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নৰ উত্তৰ দিয়ক:

• পৰিয়ালত আনন্দ বজাই ৰাখিবলৈ প্ৰতিজন ব্যক্তিয়ে কি কৰিলে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক