ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 জুলাই পৃষ্ঠা ১০-১৬
  • আগষ্ট ৫-১১

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আগষ্ট ৫-১১
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 জুলাই পৃষ্ঠা ১০-১৬

আগষ্ট ৫-১১

গীতমালা ৭০-৭২

গীত ৫৯ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. ‘আহিবলগীয়া বংশক ঈশ্বৰৰ শক্তিৰ’ বিষয়ে জনাওক

(১০ মি.)

যেতিয়া দায়ূদ ডেকা আছিল, তেতিয়া যিহোৱাই তেওঁক ৰক্ষা কৰিলে (গীত ৭১:৫; w৯৯ ৯/১ ১৮ ¶১৭)

দায়ূদৰ বৃদ্ধ কালতো যিহোৱাই তেওঁক সহায় কৰি থাকিল (গীত ৭১:৯; g০৪-E ১০/৮ ২৩ ¶৩)

দায়ূদে ডেকাসকলক নিজৰ জীৱনৰ কাহিনী জনাই উৎসাহিত কৰিলে (গীত ৭১:১৭, ১৮; w১৪-HI ১/১৫ ২৩ ¶৪-৫)

এই পৰিয়াল যোৱা সপ্তাহ “পাৰিবাৰিক উপাসনাৰ কাৰণে কিছুমান গুৰুত্বপূৰ্ণ কথা” ভাগত দিয়া ছবিত দেখুৱা পৰিয়াল হয়। তেওঁলোকে এহাল বয়সস্থ দম্পতিক পাৰিবাৰিক উপাসনাৰ বাবে মাতিছে। এই দম্পতিয়ে নিজৰ অনুভৱ কৈ আছে আৰু ছবি দেখুৱাই আছে, যাৰ বাবে সেই পৰিয়াল আনন্দত আছে।

নিজকে সোধক, ‘পাৰিবাৰিক উপাসনাত মই মণ্ডলীৰ কোন ভাই বা ভনীৰ ইন্টাৰভিউ লʼব বিচাৰোঁ যিজনে বহুবছৰ ধৰি যিহোৱাৰ সেৱা কৰি আছে?’

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ৭২:৮—আদিপুস্তক ১৫:১৮-২১-ত যিহোৱাই অব্ৰাহামক কৰা প্ৰতিজ্ঞা ৰজা চলোমনৰ শাসনকালত কেনেকৈ পূৰ হʼল? (it-১-E ৭৬৮)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ৭১:১-২৪ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) ঘৰে-ঘৰে প্ৰচাৰ। যেতিয়া গৃহস্থই তৰ্ক কৰে, তেতিয়া মৰমেৰে কথা-বতৰা শেষ কৰক। (লোকসকলক প্ৰেম কৰক পাঠ ৪ ভাগ ৫)

৫. পুনৰ লগ কৰক

(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। পৰিয়ালৰ কোনো সমন্ধীয় ব্যক্তিৰ লগত কথা-বতৰা আগ বঢ়াওক, যিজনে বাইবেল অধ্যয়ন কৰিবলৈ সংকোচ কৰি আছে। (লোকসকলক প্ৰেম কৰক পাঠ ৮ ভাগ ৪)

৬. আপুনি কি বিশ্বাস কৰে বুজাওক

(৫ মি.) ভাষণ। সঘনাই সোধা প্ৰশ্ন-HI ৪৯—বিষয়: যিহোৱাৰ সাক্ষীসকলে নিজৰ বুজাবুজিত কিয় সাল-সলনি কৰে? (শিক্ষা অধ্যায় ১৭)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ৭৬

৭. পাৰিবাৰিক উপাসনা কেনেকৈ কৰিব পাৰোঁ

(১৫ মি.) আলোচনা।

সেই পৰিয়ালে থিয় হৈ ৰাজ্য গীত গাবলৈ প্ৰেক্টিচ কৰি আছে।
 সেই পৰিয়াল JW ব্ৰডকাষ্টিং চাই আছে।
পৰিবাৰিক উপাসনাৰ সময়ত এজনী ছোৱালীয়ে নিজৰ মাকৰ লগত প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ প্ৰেক্টিচ কৰি আছে।

পাৰিবাৰিক উপাসনাৰ সন্ধিয়া খ্ৰীষ্টান পৰিয়ালৰ বাবে এক গুৰুত্বপূৰ্ণ সময় হয়। সেই সময়ছোৱাত লʼৰা-ছোৱালীক যিহোৱাৰ ইচ্ছা অনুসৰি ‘শিকোৱা আৰু বুজোৱা’ হয়। (ইফি ৬:৪) যদিও বাইবেলৰ সত্যতাবোৰ শিকিবলৈ পৰিশ্ৰমৰ প্ৰয়োজন হয়, তথাপিও এয়া লʼৰা-ছোৱালীৰ বাবে আনন্দময় হʼব পাৰে, বিশেষকৈ যেতিয়া তেওঁলোকে আৰু বেছিকৈ জানিবলৈ ইচ্ছা কৰে। (যোহ ৬:২৭; ১পিত ২:২) পিতৃ-মাতৃসকলে পাৰিবাৰিক উপাসনাত লʼৰা-ছোৱালীক ভাল দৰে শিকাবলৈ আৰু আনন্দময় কৰি তুলিবলৈ “পাৰিবাৰিক উপাসনাৰ উপায়” নামৰ বক্সৰ পৰা সহায় লʼব পাৰে। এই বক্সৰ পৰা কিছুমান কথা জনাওক আৰু তলত দিয়া প্ৰশ্নবোৰ আলোচনা কৰক:

  • আপুনি কোনটো উপায় ব্যৱহাৰ কৰিব বিচাৰে?

  • এই উপায়বোৰৰ উপৰিও আপুনি আৰু কিবা কৰিছেনে যি লাভজনক আছিল?

পাৰিবাৰিক উপাসনাৰ উপায়:

বাইবেল:

  • প্ৰতি সপ্তাহে পঢ়িবলৈ দিয়া বাইবেলৰ অধ্যায়ৰ অডিঅʼ ৰেকৰ্ডিং শুনক বা এজন এজনকৈ উচ্চস্বৰেৰে পঢ়ক। যদি সেই অধ্যায়বোৰত বেলেগ বেলেগ চৰিত্ৰৰ বিষয়ে কোৱা হৈছে, তেনেহʼলে পৰিয়ালৰ বেলেগ বেলেগ সদস্যয়ে পঢ়িব পাৰে

  • পৰৱৰ্তী সপ্তাহত পঢ়িবলৈ বাইবেলৰ যি অধ্যায়বোৰ দিয়া হয়, তাৰ পৰা কিছুমান প্ৰশ্ন তৈয়াৰী কৰক। প্ৰতিজন সদস্যক কওক যে তেওঁ এটা প্ৰশ্ন বাছনি কৰি তাৰ ওপৰত অনুসন্ধান কৰে আৰু পৰৱৰ্তী সভাৰ আগত যি পাৰিবাৰিক উপাসনা হʼব, তাত তেওঁ যি শিকিলে সেই বিষয়ে জনায়

  • এটা প্ৰশ্ন কৰক বা এটা সমস্যাৰ বিষয়ে কওক যি আহিব পাৰে। এনে সময়ত কোনটো বাইবেলৰ সিদ্ধান্ত ব্যৱহাৰ হয় তাৰ বিষয়ে স্ক্ৰিপশ্বাৰচ্‌ ফৰ খ্ৰীষ্টান লিভিং কিতাপত অনুসন্ধান কৰক

  • বাইবেলত দিয়া কোনো ঘটনাৰ নাটক কৰক

  • এনে এটা কাৰ্ড বনাওক যাৰ আগফালে এটা পদ আৰু পিছফালে এই পদৰ শব্দ লিখা থাকে। তাৰ পাছত সেই পদবোৰক মনত ৰাখীবলৈ চেষ্টা কৰক। এই পদবোৰ আপুনি লোকসকলক প্ৰেম কৰক আৰু শিকাওক, নামৰ কিতাপখনৰ “আন কিছুমান পৰামৰ্শ ক” ভাগৰ পৰা লʼব পাৰে। আগতে বনোৱা কাৰ্ডবোৰো চাওক

  • এক অনন্ত জীৱন! কিতাপৰ কোনো এটা ভাগ অধ্যয়ন কৰক

  • পৰিয়ালৰ বেলেগ বেলেগ সদস্যক jw.org-ত বাইবলেৰ শিক্ষা ভাগত দিয়া “পবিত্ৰ শাস্ত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ” নামৰ ভাগৰ কোনো এটা লেখৰ ওপৰত কʼবলৈ কওক

সভাবোৰ:

  • সভাৰ কোনো এটা ভাগ তৈয়াৰী কৰক

  • উত্তৰ তৈয়াৰী কৰাৰ লগতে প্ৰেক্টিচো কৰক। সময়ৰ ওপৰতো ধ্যান দিয়ক

  • গীতৰ প্ৰেক্টিচ কৰক

  • পৰৱৰ্তী সভাৰ আগত বা পাছত কোনো ভাই বা ভনীৰ উৎসাহ বঢ়াবলৈ কি কʼব, তাৰ বিষয়ে আলোচনা কৰক আৰু প্ৰেক্টিচ কৰক

  • পৰিয়ালৰ সদস্যৰ আগত নিজৰ বিদ্যাৰ্থী ভাগ প্ৰেক্টিচ কৰক

প্ৰচাৰ কাৰ্য্য:

  • ঘৰে-ঘৰে প্ৰচাৰ কৰিবলৈ তৈয়াৰী কৰক

  • পুনৰ লগ কৰিবলৈ তৈয়াৰী কৰক

  • ঘৰে-ঘৰে প্ৰচাৰ কৰাৰ উপৰিও সুযোগ বিচাৰি এজন ব্যক্তিক কেনেকৈ প্ৰচাৰ কৰিব পাৰে চিন্তা কৰক। তাৰ পাছত কেনেকৈ হাঁহি মুখেৰে আৰু প্ৰেমেৰে তেওঁৰ লগত কথা-বতৰা আৰম্ভ কৰিব, প্ৰেক্টিচ কৰক

  • স্মৰণীয় দিনৰ মাহত বা কাম আৰু স্কুলৰ চুটিৰ দিনত পৰিয়ালে কেনেকৈ আৰু বেছিকৈ প্ৰচাৰ কৰিব পাৰে, তাৰ বিষয়ে লক্ষ্য ৰাখক আৰু আলোচনা কৰক

পৰিয়ালৰ প্ৰেয়োজনীয়তা:

  • এনে সমস্যাবোৰ সন্মুখীন হʼবলৈ প্ৰেক্টিচ কৰক যি আগতে হৈছে বা হʼব পাৰে। যেনে, নিৰপেক্ষ হোৱাটো কঠিন হয়, কোনোবাই আমনি কৰে, ডেটিং কৰিবলৈ বা উৎসৱবোৰত ভাগ লোৱাৰ হেচাঁ

  • প্ৰেক্টিচ কৰাৰ সময়ত লʼৰা-ছোৱালীয়ে পিতৃ-মাতৃৰ ঠাই লʼব পাৰে আৰু পিতৃ-মাতৃয়ে লʼৰা-ছোৱালীৰ। লʼৰা-ছোৱালীয়ে পিতৃ-মাতৃৰ লগত এনে পৰিস্থিতিৰ বিষয়ে অনুসন্ধান কৰি তৰ্ক কৰিব পাৰে

আৰু কিছুমান উপায়:

  • JW ব্ৰডকাষ্টিং চাওক আৰু আলোচনা কৰক

  • jw.org-ত দিয়া এখন লেখ পঢ়ক বা ভিডিঅʼ চাওক, তাৰ পাছত আলোচনা কৰক

  • jw.org-ত বাইবেলৰ শিক্ষা ভাগত দিয়া “কিশোৰ-কিশোৰী” বা “লʼৰা-ছোৱালী” বিষয়ে যি লেখ বা অভ্যাসবোৰ দিয়া হৈছে সেয়া কৰক

  • অধিৱেশন বা সন্মিলনত লোৱা নʼটচৰ ওপৰত আলোচনা কৰক

  • সৃষ্টিৰ কোনো এটা বস্তুৰ ওপৰত মনন কৰক আৰু তাৰ ওপৰত অনুসন্ধান কৰক, তাৰ পাছত আলোচনা কৰক যে ইয়াৰ পৰা আপুনি যিহোৱাৰ বিষয়ে কি শিকিলে

  • পাৰিবাৰিক উপাসনাৰ বাবে কেতিয়াবা কোনো ভাই বা ভনীক মাতক আৰু তেওঁৰ ইন্টাৰভিউ লওক

  • ঈশ্বৰৰ সেৱাৰ লগত জড়িত কিছুমান লক্ষ্য ৰাখক আৰু সেয়া কেনেকৈ পাব পাৰে, তাৰ ওপৰত আলোচনা কৰক

  • লগত মিলি নোহৰ জাহাজ বা মানচিত্ৰ বা কোনো এটা চাৰ্টৰ প্ৰজেক্ট বনাওক

আপোনাৰ পাৰিবাৰিক উপাসনা আৰু আনন্দময় কৰি তোলক। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

  • যদি পৰিয়ালত কোনো লʼৰা-ছোৱালী নাই, তেনেহʼলে স্বামীয়ে নিজৰ পত্নীৰ বাবে পাৰিবাৰিক উপাসনাক কেনেকৈ আনন্দময় কৰি তুলিব পাৰে?

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) w২১.০৯ ২-৫ ¶১-১০

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ১২৩ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক