ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ১১৪
  • সকলো দুষ্টতাৰ অন্ত

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সকলো দুষ্টতাৰ অন্ত
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • এই পৃথিৱীত এখন নতুন প্ৰমোদবন
    বাইবেলৰ কাহিনী
  • ঈশ্বৰৰ যুদ্ধই সকলো যুদ্ধ শেষ কৰিব
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • বাইবেলৰ ভৱিষ্যতবাণীবোৰ নিশ্চয় পূৰ হʼব
    বাইবেলৰ কাহিনী
বাইবেলৰ কাহিনী
my কাহিনী ১১৪
যীচু আৰু স্বৰ্গৰ সৈন্যবাহিনীয়ে বগা ঘোঁৰাবোৰত উঠি আহিছ

কাহিনী ১১৪

সকলো দুষ্টতাৰ অন্ত

তোমালোকে ছবিখনত কি দেখিছা বাৰু? বগা ঘোঁৰাত উঠি অহা এক সৈন্যবাহিনীৰ দল। তেওঁলোক কʼৰপৰা আহিছে? ডাৱৰৰ ওপৰেদি তেওঁলোকে স্বৰ্গৰপৰা খুব জোৰেৰে দৌৰি আহিছে। কিন্তু স্বৰ্গত সঁচাকৈ ঘোঁৰা আছে জানো?

স্বৰ্গত ঘোঁৰা নাই। আচলতে এইবোৰ তেজ-মঙহৰ ঘোঁৰা নহয়। আমি জানো যে ঘোঁৰাই কেতিয়াও ডাৱৰৰ ওপৰেদি দৌৰিব নোৱাৰে। কিন্তু স্বৰ্গত ঘোঁৰা থকাৰ বিষয়ে বাইবেলে উল্লেখ কৰিছে। বাইবেলে কিয় এইদৰে বৰ্ণনা কৰিছে তোমালোকে জানানে?

পুৰণিকালত যুদ্ধৰ বাবে ঘোঁৰা ব্যৱহাৰ কৰা হৈছিল। সেইবাবে বাইবেলত স্বৰ্গৰপৰা ঘোঁৰাৰ ওপৰত উঠি অহা সৈন্যবাহিনীৰ বিষয়ে উল্লেখ কৰাৰ অৰ্থ হৈছে যে পৃথিৱীৰ লোকসকলৰ লগত ঈশ্বৰৰ এখন যুদ্ধ আছে। যুদ্ধখনৰ নাম কি হয় তোমালোকে জানানে? ইয়াৰ নাম হৈছে হৰমাগিদোন। এই যুদ্ধই পৃথিৱীৰ সকলো দুষ্টতাৰ অন্ত কৰিব।

হৰমাগিদোনৰ যুদ্ধত যীচুয়ে নেতৃত্ব দিব। স্বৰ্গীয় চৰকাৰৰ বাবে যিহোৱা ঈশ্বৰে যীচুক ৰজা হিচাপে নিৰ্ব্বাচন কৰাৰ কথাটো তোমালোকৰ নিশ্চয় মনত আছে। সেইবাবে ছবিখনত যীচুৰ মূৰত ৰাজমুকুট দেখা গৈছে। হাতত থকা তৰোৱালখনেৰে তেওঁ ঈশ্বৰৰ শত্ৰুবিলাকক বধ কৰিব। ঈশ্বৰে দুষ্ট লোকসকলক ধ্বংস কৰাৰ বাবে আমি আচৰিত হʼব নালাগে। কিয় বাৰু?

এই কিতাপখনৰ ১০ নম্বৰৰ কাহিনীটো আকৌ চোৱাচোন। তাত তোমালোকে কি দেখিবলৈ পাইছা? জল-প্লাৱনৰ দ্বাৰা দুষ্ট লোকসকলক বিনাশ কৰা হৈছে। সেই জল-প্লাৱন কোনে আনিছিল? যিহোৱা ঈশ্বৰে। এতিয়া ১৫ নম্বৰৰ কাহিনীটোলৈ ধ্যান দিয়াচোন। ইয়াত কি দেখিছা বাৰু? চদোম আৰু ঘমোৰা নামৰ দুখন নগৰক ঈশ্বৰে জুই আৰু গন্ধকেৰে ধ্বংস কৰিছে।

অনুগ্ৰহ কৰি ৩৩ নম্বৰৰ কাহিনীটো লক্ষ্য কৰাচোন। মিচৰীয়াসকলৰ ঘোঁৰা আৰু যুদ্ধৰ ৰথবোৰৰ কি হৈছে বাৰু? কোনে তেওঁলোকক পানীৰে বিনাশ কৰিলে? যিহোৱা ঈশ্বৰে। ঈশ্বৰে নিজৰ লোকসকলক ৰক্ষা কৰিবলৈ এই কাৰ্য্য কৰিছিল। এতিয়া ৭৬ নম্বৰৰ কাহিনীটোলৈ মন কৰাচোন। এই কাহিনীটোত তোমালোকে দেখিবলৈ পাবা যে কেনেকৈ ঈশ্বৰে নিজৰ লোক অৰ্থাৎ ইস্ৰায়েলীসকলকো তেওঁলোকৰ দুষ্ট কাৰ্য্যৰ বাবে বিনাশ হʼবলৈ অনুমতি দিলে।

গতিকে যিহোৱা ঈশ্বৰে পৃথিৱীৰ সকলো দুষ্টতাৰ অন্ত কৰিবলৈ, স্বৰ্গৰপৰা সৈন্যবাহিনী পঠোৱাৰ বিষয়টোত আমি আচৰিত হʼব নালাগে। কিন্তু দুষ্ট লোকসকলক বিনাশ কৰাৰ পৰিণাম কি হʼব? আহাঁ আমি ইয়াৰ বিষয়ে শিকোঁ।

প্ৰকাশিত বাক্য ১৬:১৬; ১৯:১১-১৬.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক