পাঠ ৫৩
যিহোয়াদাৰ সাহস
ঈজেবলৰ এজনী ছোৱালী আছিল, যাৰ নাম অথলিয়া। তাই নিজৰ মাকৰ নিচিনাই বহুত বেয়া আছিল। তাই যিহূদাৰ ৰজাৰ লগত বিয়া হʼল। যেতিয়া তাইৰ স্বামীৰ মৃত্যু হʼল, তেতিয়া তাইৰ লʼৰাই শাসন কৰিবলৈ ধৰিলে। যেতিয়া তাইৰ লʼৰাৰ মৃত্যু হʼল, তেতিয়া তাই নিজে যিহূদাৰ ৰাণী হʼল। তাই এনে প্ৰতিজন পুৰুষ আৰু লʼৰাক হত্যা কৰুৱালে, যিসকলে তাইৰ ঠাইত ৰজা হʼব পাৰিলেহেঁতেন। আনকি তাই নিজৰ নাতিয়েকসকলকো হত্যা কৰুৱালে। এইদৰে তাই গোটেই ৰাজকীয় বংশক নাইকিয়া কৰিবলৈ চেষ্টা কৰিলে। সকলোৱে তাইক ভয় কৰিছিল।
মহা-পুৰোহিত যিহোয়াদা আৰু তেওঁৰ পত্নী যিহোচেবাই জানিছিল যে অথলিয়াই যি কৰি আছে, সেয়া বহুত ডাঙৰ ভুল হয়। সেইবাবে, তেওঁলোকে নিজৰ জীৱন বিপদত পেলাই অথলিয়াৰ এটা নাতিয়েকক বচালে। সি গাখীৰ খোৱা কেঁচুৱা আছিল আৰু তাৰ নাম যোৱাচ আছিল। তেওঁলোকে তাক মন্দিৰত লুকুৱাই ৰাখিলে আৰু তাতে ডাঙৰ-দীঘল কৰিলে।
যেতিয়া যোৱাচৰ সাত বছৰ হʼল, তেতিয়া যিহোয়াদাই সকলো অধিকাৰী আৰু লেবীক একগোট কৰিলে। যিহোয়াদাই তেওঁলোকক কʼলে, ‘মন্দিৰৰ দুৱাৰত পহৰা দিবা। কাকো ভিতৰলৈ আহিবলৈ নিদিবা।’ তাৰ পাছত যিহোয়াদাই যোৱাচক যিহূদাৰ ৰজা বনালে আৰু তেওঁক মুকুট পিন্ধালে। যিহূদাৰ লোকসকলে জোৰ জোৰকৈ চিঞৰি কʼলে, ‘ৰজাৰ জয় হওক!’
এই চিঞৰ-বাখৰ শুনি ৰাণী অথলিয়াই মন্দিৰলৈ দৌৰি গʼল। যেতিয়া তাই নতুন ৰজাক দেখিলে, তেতিয়া তাই চিঞৰি কʼলে, ‘এয়াতো ছলনা কৰা হৈছে, ছলনা!’ তেতিয়া অধিকাৰীসকলে বেয়া ৰাণীক ধৰি মন্দিৰৰ বাহিৰলৈ লৈ গʼল আৰু তাইক মাৰি পেলালে। কিন্তু দেশত তাই যি বেয়া প্ৰভাৱ পেলাইছিল, সেয়া কি হʼল?
যিহোয়াদাই দেশৰ লোকসকলক যিহোৱাৰ লগত এটা চুক্তি কৰিবলৈ সহায় কৰিলে। তেওঁলোকে চুক্তিত প্ৰতিজ্ঞা কৰিলে যে তেওঁলোকে কেৱল যিহোৱাৰ উপাসনা কৰিব। যিহোয়াদাই কোৱাৰ কাৰণে তেওঁলোকে বালৰ মন্দিৰ ধ্বংস কৰিলে আৰু মূৰ্তিবোৰ ভাঙি পেলালে। যিহোয়াদাই যিহোৱাৰ মন্দিৰত কাম কৰিবলৈ পুৰোহিত আৰু লেবীসকলক নিযুক্ত কৰিলে যাতে লোকসকলে তাত আকৌ উপাসনা কৰিব পাৰে। তেওঁ মন্দিৰৰ দুৱাৰত পহৰা দিয়ালে যাতে কোনো অশুচি মানুহে মন্দিৰত যাব নোৱাৰে। যিহোয়াদা আৰু অধিকাৰীসকলে যোৱাচক ৰাজভৱনলৈ লৈ গʼল আৰু তেওঁক ৰাজসিংহাসনত বহালে। যিহূদাৰ লোকসকলে বহুত আনন্দ কৰিলে। কিয়নো তেওঁলোকে ইমান বছৰৰ পাছত বেয়া ৰাণী অথলিয়া আৰু বালৰ উপাসনাৰ পৰা মুকলি হʼল। এতিয়া তেওঁলোকে যিহোৱাৰ উপাসনা কৰিব পাৰিছিল। তুমি দেখিলা নে, যিহোয়াদাৰ সাহসৰ কাৰণে কেনেকৈ ইমানবোৰ মানুহে লাভৱান হʼল?
“যিজনে শৰীৰক নষ্ট কৰিব পাৰে, কিন্তু জীৱনক নোৱাৰে তেওঁলৈ ভয় নকৰিবা। কিন্তু যিজনে জীৱন আৰু শৰীৰ দুয়োকে গেহেনাত ধ্বংস কৰিব পাৰে, তেওঁলৈ ভয় কৰা।”—মথি ১০:২৮