পাঠ ৬১
তেওঁলোকে মূৰ নোদোৱালে
নবূখদ্নেচৰে সপোন দেখাৰ কিছু সময়ৰ পাছত সোণৰ এটা ডাঙৰ মূৰ্তি বনালে আৰু সেই মূৰ্তিটো দূৰা নামৰ সমতলত থʼলে। তেওঁ দেশৰ বিশেষ লোকসকলক তাৰ সন্মুখত একগোট হʼবলৈ কʼলে। তেওঁলোকৰ ভিতৰত চদ্ৰক, মৈচক আৰু অবেদ-নগো আছিল। ৰজাই তেওঁলোকক আদেশ দিলে, ‘তূৰী, বীণা আৰু আন বাদ্যযন্ত্ৰ বজোৱাৰ মাত শুনাৰ লগে লগে তোমালোকে মূৰ্তিৰ আগত মূৰ দোৱাবা। যদি কোনোবাই এইদৰে নকৰে, তেনেহʼলে তেওঁক অগ্নিকুণ্ডত পেলাই দিয়া হʼব।’ এই তিনিজন ইব্ৰীয়ে মূৰ্তিৰ আগত মূৰ দোৱালে, নে তেওঁলোকে যিহোৱাৰ উপাসনা কৰিলে?
তাৰ পাছত ৰজাই সংগীত বজাবলৈ কʼলে। তেতিয়া চদ্ৰক, মৈচক আৰু অবেদ-নগোৰ বাহিৰে আন সকলোৱে মূৰ্তিৰ আগত মূৰ দোৱালে। কিছুমান মানুহে এয়া দেখিলে আৰু তেওঁলোকে ৰজাৰ ওচৰলৈ গৈ এইদৰে কʼলে, ‘সেই তিনিজন ইব্ৰীয়ে মূৰ্তিৰ আগত মূৰ দোৱাবলৈ মানা কৰি দিলে।’ তেতিয়া ৰজাই তেওঁলোকক মাতিলে আৰু কʼলে, ‘মূৰ্তিটোক পূজা কৰিবলৈ মই তোমালোকক আৰু এবাৰ সুযোগ দিছোঁ। যদি তোমালোকে এইদৰে নকৰা, তেনেহʼলে তোমালোকক অগ্নিকুণ্ডত পেলাই দিয়া হʼব। পৃথিৱীত এনে কোনো ঈশ্বৰ নাই, যিজনে তোমালোকক মোৰ হাতৰ পৰা বচাব পাৰে।’ তেওঁলোকে কʼলে, ‘আমাক আৰু সুযোগ নালাগে। যদি আমাৰ ঈশ্বৰে আমাক নবচায়, তথাপিও হে ৰজা, আমি এই মূৰ্তিৰ আগত মূৰ নোদোৱাওঁ।’
নবূখদ্নেচৰৰ বহুত খং উঠিল। তেওঁ নিজৰ মানুবিলাকক কʼলে, ‘অগ্নিকুণ্ড আৰু সাত গুণ বেছি গৰম কৰি দিয়া।’ তাৰ পাছত তেওঁ নিজৰ সৈনিকসকলক আদেশ দিলে, ‘এই মানুহবিলাকক বান্ধি দিয়া আৰু অগ্নিকুণ্ডত পেলাই দিয়া।’ অগ্নিকুণ্ড ইমানেই গৰম আছিল যে সৈনিকসকলে তাৰ ওচৰলৈ যোৱাৰ লগে লগে মৰি গʼল। তিনিজন ইব্ৰী মানুহক তাত পেলাই দিয়া হয়। কিন্তু নবূখদ্নেচৰে দেখিলে যে অগ্নিকুণ্ডত তিনিজন নহয়, চাৰিজন মানুহ খোজকাঢ়ি ফুৰিছে। তেতিয়া তেওঁ ভয় খালে আৰু নিজৰ অধিকাৰীসকলক সুধিলে, ‘আমি তিনিজন মানুহক অগ্নিকুণ্ডত পেলোৱা নাছিলোঁ নে? মইতো তাত চাৰিজন মানুহক দেখা পাইছোঁ আৰু এজনক স্বৰ্গদূতৰ নিচিনা লাগিছে!’
নবূখদ্নেচৰে অগ্নিকুণ্ডৰ ওচৰলৈ গৈ তেওঁলোকক মাতিলে, ‘হে মহান ঈশ্বৰৰ সেৱক, বাহিৰলৈ ওলাই আহা!’ চদ্ৰক, মৈচক আৰু অবেদ-নগোৰ একো নহʼল। এয়া দেখি প্ৰতিজন লোকে আচৰিত হʼল। তেওঁলোকৰ ছাল, চুলি আৰু কাপোৰ অলপো জ্বলা নাছিল, আনকি তেওঁলোকৰ পৰা জ্বলাৰ গোন্ধও ওলোৱা নাছিল।
নবূখদ্নেচৰে কʼলে, ‘চদ্ৰক, মৈচক আৰু অবেদ-নগোৰ ঈশ্বৰ মহান হয়। তেওঁ নিজৰ স্বৰ্গদূতক পঠাই এওঁলোকক বচালে। তেওঁৰ নিচিনা আন কোনো ঈশ্বৰ নাই।’
এই তিনিজন ইব্ৰী মানুহৰ দৰে যিকোনো পৰিস্থিতিত তুমিও যিহোৱাৰ বিশ্বাসী হৈ থাকিবা নে?
“তুমি কেৱল নিজৰ ঈশ্বৰ যিহোৱাৰ উপাসনা কৰা আৰু তেওঁৰেই পবিত্ৰ সেৱা কৰা।”—মথি ৪:১০