ভাগ ১০-ত কি শিকিম
যিহোৱা গোটেই বিশ্বৰ ৰজা হয়। সকলো তেওঁৰ নিয়ন্ত্ৰণত আছে আৰু সদায় তেওঁৰ নিয়ন্ত্ৰণতেই থাকিব। উদাহৰণস্বৰূপে, তেওঁ যিৰিমিয়াক গাঁতৰ পৰা বচালে, নহʼলে তেওঁৰ মৃত্যু হʼলহেঁতেন। তেওঁ চদ্ৰক, মৈচক আৰু অবেদ-নগোক অগ্নিকুণ্ডৰ পৰা বচালে আৰু দানিয়েলক সিংহৰ পৰা বচালে। লগতে ইষ্টেৰক ৰক্ষা কৰিলে যাতে তেওঁ নিজৰ গোটেই ৰাষ্ট্ৰৰ লোকসকলক বচাব পাৰে। যিহোৱাই দুষ্টতাক সদায় থাকিবলৈ নিদিব। এটা ডাঙৰ মূৰ্তি আৰু এজোপা ডাঙৰ গছৰ ভৱিষ্যবাণীয়ে আমাৰ বিশ্বাস বঢ়ায় যে অতি সোনকালে যিহোৱাৰ ৰাজ্যই দুষ্টতা নাইকিয়া কৰি দিব আৰু পৃথিৱীত শাসন কৰিব।