পাঠ ৬৪
সিংহৰ গাঁতত দানিয়েল
বাবিলৰ আন এজন ৰজাৰ নাম আছিল দাৰিয়াবচ। তেওঁ এজন মাদীয়া আছিল। তেওঁ দেখিলে যে দানিয়েল আন মানুহবিলাকতকৈ বহুত বেলেগ। তেতিয়া তেওঁ দানিয়েলক ডাঙৰ ডাঙৰ মানুহবিলাকৰ অধিকাৰী বনালে। এই মানুহবিলাকে দানিয়েলক ঈৰ্ষা কৰিছিল আৰু তেওঁক মাৰি পেলাব বিচাৰিছিল। কিয়নো তেওঁলোকে জানিছিল যে দানিয়েলে প্ৰতিদিনে তিনিবাৰকৈ যিহোৱালৈ প্ৰাৰ্থনা কৰে। সেইবাবে, তেওঁলোকে দাৰিয়াবচক কʼলে, ‘এনে এটা নিয়ম হʼব লাগে যে সকলোৱে কেৱল আপোনাৰ উপাসনা কৰে আৰু যিসকলে এই নিয়ম পালন নকৰে, তেওঁলোকক সিংহৰ গাঁতত পেলাই দিয়া হʼব।’ দাৰিয়াবচক এই কথা ভাল লাগিল আৰু তেওঁ সেই নিয়মৰ ওপৰত চহী কৰি দিলে।
দানিয়েলে এই নতুন নিয়ম শুনাৰ পাছত নিজৰ ঘৰলৈ গʼল আৰু খোলা খিৰিকীৰ ওচৰত আঁঠুকাঢ়ি যিহোৱালৈ প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। তেতিয়া যিসকল মানুহে দানিয়েলক ঈৰ্ষা কৰিছিল, তেওঁলোকে দল বান্ধি দানিয়েলৰ ঘৰৰ ভিতৰলৈ সোমাই আহে আৰু তেওঁক প্ৰাৰ্থনা কৰি থকা দেখা পায়। তেতিয়া তেওঁলোকে লগে লগে দাৰিয়াবচৰ ওচৰলৈ গʼল আৰু তেওঁক কʼলে, ‘দানিয়েলে আপোনাৰ নিয়ম পালন কৰা নাই। তেওঁ প্ৰতিদিনে তিনিবাৰকৈ নিজৰ ঈশ্বৰলৈ প্ৰাৰ্থনা কৰে।’ দাৰিয়াবচে দানিয়েলক বহুত ভাল পাইছিল, সেইবাবে দানিয়েল মৰি যোৱাটো তেওঁ বিচৰা নাছিল। তেওঁ গোটেই দিনটো এয়া ভাবি থাকিল যে দানিয়েলক কেনেকৈ বচাব পাৰে। কিন্তু ৰজাই যেতিয়া কোনো এটা নিয়মৰ ওপৰত এবাৰ চহী কৰি দিয়ে, তেনেহʼলে তেওঁ সেয়া নিজেও সলনি কৰিব নোৱাৰে। সেইবাবে, তেওঁ দানিয়েলক সিংহৰ গাঁতত পেলাই দিবলৈ নিজৰ মানুহবিলাকক আদেশ দিবলগীয়া হʼল।
গোটেই ৰাতি দাৰিয়াবচে শুব নোৱাৰিলে, কিয়নো দানিয়েলৰ বিষয়ে তেওঁৰ চিন্তা হৈ আছিল। ৰাতিপুৱা হোৱাৰ লগে লগে তেওঁ দৌৰি দৌৰি সিংহৰ গাঁতৰ ওচৰলৈ গʼল আৰু তেওঁ দানিয়েলক চিঞৰি কʼলে, ‘তোমাৰ ঈশ্বৰে তোমাক বচালে নে?’
তেতিয়া দাৰিয়াবচে এটা মাত শুনা পালে আৰু সেই মাত দানিয়েলৰ আছিল। দানিয়েলে দাৰিয়াবচক কʼলে, ‘যিহোৱাই সিংহবোৰৰ মুখ বন্ধ কৰি দিলে আৰু সেইবোৰে মোক একো নকৰিলে।’ তেতিয়া দাৰিয়াবচ বহুত আনন্দিত হʼল আৰু তেওঁ দানিয়েলক সিংহৰ গাঁতৰ পৰা বাহিৰলৈ উলিয়াই আনিবলৈ আদেশ দিলে। দানিয়েলৰ শৰীৰত আঁচোৰাৰ কোনো চিনেই নাছিল। তাৰ পাছত যিসকল মানুহে দানিয়েলৰ ওপৰত বদনাম লগাইছিল, তেওঁলোকক সিংহৰ গাঁতত পেলাই দিবলৈ ৰজাই আদেশ দিলে। যেতিয়া সেই মানুহবিলাকক সিংহৰ গাঁতত পেলাই দিয়া হʼল, তেতিয়া সিংহবোৰে সিহঁতক ফালি খাই পেলালে।
দাৰিয়াবচে নিজৰ লোকসকলক এই আদেশ দিলে, ‘সকলোৱে দানিয়েলৰ ঈশ্বৰক ভয় কৰা উচিত। তেওঁ দানিয়েলক সিংহৰ মুখৰ পৰা বচালে।’
তুমিও দানিয়েলৰ দৰে সদায় যিহোৱালৈ প্ৰাৰ্থনা কৰা নে?
“ঈশ্বৰৰ ভক্তি কৰা লোকসকলক পৰীক্ষাৰ পৰা কেনেকৈ উলিয়াব লাগে . . . তাৰ বিষয়ে যিহোৱাই জানে।”—২ পিতৰ ২:৯