ভাগ ২-ত কি শিকিম
যিহোৱাই সেই সময়ৰ লোকসকলক নাশ কৰিবলৈ জলপ্লাৱন কিয় আনিছিল? মানুহক সৃষ্টি কৰাৰ কিছু সময়ৰ পাছত চয়তানে যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ আৰম্ভ কৰে। কিছুমান ব্যক্তি যেনে, আদম, হৱা আৰু তেওঁলোকৰ লʼৰা কয়িন চয়তানৰ পক্ষ হʼল আৰু কিছুমান যেনে, হেবল আৰু নোহ যিহোৱাৰ পক্ষ হʼল। বহুতো লোক ইমানেই বেয়া হৈ হʼল যে যিহোৱাই তেওঁলোকক নাশ কৰি দিলে। এই ভাগত আমি শিকিম যে আমি ভাল কাম কৰিবলৈ নিৰ্ণয় লওঁ নে বেয়া কাম কৰিবলৈ, সেয়া যিহোৱাই চায় আৰু তেওঁ কেতিয়াও বেয়াক ভালৰ ওপৰত জয়লাভ হʼবলৈ নিদিব।