আপুনি খ্ৰীষ্টীয় প্ৰেম প্ৰকাশ কৰিছেনে?
১ যীচুৰ দৰে জীৱন নিৰ্বাহ কৰা পাঁচনি যোহনে লিখিছিল, যীচুৱে “জগতত থকা নিজৰ যিবিলাকক প্ৰেম কৰিছিল, তেওঁবিলাকক শেষলৈকে প্ৰেম কৰিলে।” (যোহন ১৩:১) গতিকে এই স্মৰণীয় পৰ্বৰ সময়ছোৱাত আমাৰ বিচাৰধাৰাক খ্ৰীষ্টৰ মহান প্ৰেমে সঞ্চালিত কৰিব। সেইবাবে তেওঁ দিয়া মুক্তিপণত বিশ্বাস কৰি, যীচুৰ দৰে আমিও প্ৰচাৰ কাৰ্য্যত উৎসাহেৰে ভাগ লৈ আৰু “শেষলৈকে” সহন কৰি আমি আমাৰ প্ৰেম প্ৰকাশ কৰিব পাৰোঁ।—মথি ২৪:১৩; ২৮:১৯, ২০; যোহন ৩:১৬.
২ খ্ৰীষ্টীয় প্ৰেম প্ৰকাশ কৰা: যীচুৱে নিজৰ পাৰ্থিৱ জীৱনৰ শেষ সপ্তাহত অতি সক্ৰিয় আছিল। (মথি ২১:২৩; ২৩:১; ২৪:৩) যীচুৰ আৰ্হিক অনুকৰণ কৰাৰ দ্বাৰা সেই প্ৰেমে আমাক যিহোৱাৰ সেৱাত ‘প্ৰাণপণে চেষ্টা কৰিবলৈ’ প্ৰেৰণা যোগাব। (লূক ১৩:২৪) এপ্ৰিল মাহত প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ আয়োজন কৰা ব্যৱস্থাত আপুনি ভাগ লবনে যাতে আপুনি প্ৰচাৰ কাৰ্য্যত অধিক সময় ব্যয় কৰিব পাৰে?
৩ এই বছৰত স্মৰণীয় পৰ্ব এপ্ৰিল ১৯ তাৰিখ বুধবাৰে সন্ধ্যা উদ্যাপন কৰা হʼব। এই পৰ্বৰ উদ্যাপনত কিমান উপস্থিত হʼব বুলি আপুনি আশা কৰে? অধিক সংখ্যাৰ উপস্থিতি আমাৰ ওপৰত নিৰ্ভৰ কৰে। যিসকলক আপুনি আমন্ত্ৰণ জনাব তাৰ বাবে তালিকা তৈয়াৰ কৰিলেনে, যেনে,—আপোনাৰ বাইবেল বিদ্যাৰ্থী, আগ্ৰহী ব্যক্তি, সমন্ধীয় ব্যক্তি, ব্যৱসায়ত জনা-পৰিচিত লোক আৰু স্কুলৰ সঙ্গীসকল? আপুনি তেওঁলোকক লগ ধৰি আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছেনে? পৰ্বৰ কিছুদিনৰ আগতে তেওঁলোকক স্মৰণ কৰাই দিবনে? তেওঁলোকক আপোনাৰ সহায়ৰ আৱশ্যকনে? যিসকলে প্ৰচাৰ কাৰ্য্যত নিষ্ক্ৰিয় হৈ আছে তেওঁলোককো প্ৰাচীনসকলে আমন্ত্ৰণ জনাব পাৰে। কিয়নো স্মৰণীয় পৰ্ব শনিবাৰ বা দেওবাৰৰ পৰিৱৰ্তে বুধবাৰে সন্ধ্যা পালন কৰা হʼব, সেইবাবে সকলোৱে ইয়াত উপস্থিত হোৱা এক আৱশ্যকীয় কৰ্তব্য।
৪ আগতীয়াকৈ প্ৰস্তুতি কৰক: যেতিয়া আমি পৰ্বত উপস্থিত হওঁ, তেতিয়া নিজকে আগতীয়াকৈ প্ৰস্তুতি কৰা আৰু এক উচিত মনোবৃত্তি ৰখা আৱশ্যক। সেইবাবে পৌলে সঙ্গী বিশ্বাসীসকলক এই উদ্যাপনৰ বিষয়টো গুৰুত্বৰূপে লʼবলৈ উৎসাহিত কৰিছিল। (১ কৰি. ১১:২০-২৬) আপোনাৰ পৰিয়ালৰ বাইবেল অধ্যয়নৰ সময়ত যোহন ১৩ পৰা ১৭ অধ্যায়টো পঢ়ি পৰিয়ালত থকা প্ৰত্যেকজনৰ বাবে যীচুৰ বলিদানে কি অৰ্থ ৰাখে সেই বিষয়ে বৰ্ণনা কৰক। পৰ্বৰ সপ্তাহটোত প্ৰত্যেক দিনা বাইবেল পঢ়িবলৈ নাপাহৰিব!
৫ খ্ৰীষ্টৰ প্ৰতি আমাৰ প্ৰেম গভীৰ থকা বা ই মাত্ৰ এপ্ৰিল ১৯ তাৰিখৰ লৈকে সীমিত থকাটোৱেই যথেষ্ট নহয়, কিন্তু চিৰকালৰ লৈকে এই প্ৰেম গভীৰ হৈ থাকিব। আৰু সেইবাবে এই প্ৰেম প্ৰকাশ কৰিবলৈ আমি দৃঢ় সিদ্ধান্ত লৈছোঁ! এই বছৰৰ স্মৰণীয় পৰ্বৰ উদ্যাপনে আমাক সেই সঙ্কল্পত দৃঢ় হৈ থাকিবলৈ সহায় কৰিব।