ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৯/০০ পৃষ্ঠা ৬
  • আমাৰ ভাল আচাৰ-ব্যৱহাৰে ঈশ্বৰলৈ মহিমা আনে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আমাৰ ভাল আচাৰ-ব্যৱহাৰে ঈশ্বৰলৈ মহিমা আনে
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • “সদায় হিতকাৰী হবলৈ যত্ন কৰা”
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • “তোমালোকৰ সকলো কৰ্ম্ম প্ৰেমেৰে কৰা হওঁক”
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপোনাৰ সকলো কাৰ্য্য পবিত্ৰ হওক
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উত্তম আৰু প্ৰশংসাযোগ্য কাৰ্য্য কৰা!
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৯/০০ পৃষ্ঠা ৬

আমাৰ ভাল আচাৰ-ব্যৱহাৰে ঈশ্বৰলৈ মহিমা আনে

১ আমি যʼতেই নাথাকো কিয়, আমাৰ আচাৰ-ব্যৱহাৰ আৰু সাজ-পোছাকে আমাৰ পৰিচয় দিয়ে। ইয়াৰ উপৰিও আমি যি ঈশ্বৰক উপাসনা কৰোঁ তেওঁৰ বিষয়ে সাক্ষী দিয়ে। বিশেষকৈ যেতিয়া আমি কোনো অধিবেশন বা সভাৰ বাবে একত্ৰিত হওঁ, তেতিয়া সকলোৱে আমাক দৃষ্টি কৰে। যদি আমি ভাল আচাৰ-ব্যৱহাৰ বজাই ৰাখোঁ তেতিয়া লোকবিলাকে তাকে দেখি যিহোৱাৰ ঈশ্বৰৰ নাম মহিমান্বিত কৰে। (১ পিত. ২:⁠১২) আনহাতে, যদি আমাৰ আচাৰ-ব্যৱহাৰ বেয়া হয় বা আমি নভবা-নিচিন্তাকৈ কোনো কাৰ্য্য কৰোঁ, ইয়াৰ দ্বাৰাই ঈশ্বৰ আৰু তেওঁৰ লোকসকলৰ নাম বদনাম হয়। (উপ. ৯:⁠১৮খ) গতিকে আমি মনোযোগ দিয়া আৱশ্যক যে অন্য লোকে আমাৰ আচাৰ-ব্যৱহাৰ দেখি আমাৰ সংগঠন আৰু ঈশ্বৰৰ বিষয়ে ভাল বুলি বিবেচনা কৰে। যদি আমি এইদৰে কৰোঁ তেতিয়াহে আমি সকলোবোৰ কাৰ্য্য ‘ঈশ্বৰৰ গৌৰৱৰ অৰ্থে’ কৰিব পাৰিম।​—⁠১ কৰি. ১০:⁠৩১.

২ হোটেলত থকাৰ সময়তো ভাল আচাৰ-ব্যৱহাৰ দেখুৱা: প্ৰায়ভাগ হোটেলৰ কৰ্মচাৰীয়ে যিহোৱা সাক্ষীসকলৰ ভাল ব্যৱস্থা, আচৰণ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা দেখি বহুত প্ৰভাৱিত হৈছে। এখন হোটেলৰ মেনেজাৰে তাত থাকিবলৈ অহা এটা যিহোৱা সাক্ষী পৰিয়ালৰ বিষয়ে এইদৰে মন্তব্য দি কয়: “যিহোৱাৰ সাক্ষীসকলৰ লʼৰা-ছোৱালী অন্য লʼৰা-ছোৱালীবোৰতকৈ একেবাৰে ভিন্ন! তেওঁলোকে পৰিপাটিকৈ সাজ-পোছাক পৰিধান কৰে। তেওঁলোকে সকলো সময়তে নম্ৰতা, শিষ্টাচাৰপূৰ্ণ আৰু ভদ্ৰতাৰে আচৰণ কৰে, সেইহেতুকে তেওঁলোকৰ মাজত কোনো ধৰণৰ সমস্যা হোৱা দেখা নাছিলোঁ। সচাঁকৈ আপুনি আপোনাৰ লʼৰা-ছোৱালীবোৰৰ বাবে সমাদৰ যোগ্য। আমাৰ হোটেলত আপোনালোকৰ লʼৰা-ছোৱালীবোৰক দেখিবলৈ পোৱাটো আমাৰ বাবে অত্যন্ত আনন্দৰ কথা।” আমি প্ৰায়ে এনেধৰণৰ মন্তব্য শুনিব পাওঁ কিয়নো আমাৰ এনে আচাৰ-ব্যৱহাৰৰ দ্বাৰাই লোকসকলে আমাৰ মাজত থকা প্ৰেম আৰু মৃদুভাৱ স্পষ্টকৈ দেখিবলৈ পাই।

৩ আনহাতে, অন্য এক হোটেলৰ কৰ্মচাৰীয়ে এইদৰে মন্তব্য দি কয় যে, কিছুমান ভাই-ভনীয়ে হোটেলত ভাল আচাৰ-ব্যৱহাৰ নেদেখুৱাই বা হোটেলৰ বস্তুবোৰৰ সৈতে সদ ব্যৱহাৰ নকৰে। এইবাবে নানা সমস্যা উৎপন্ন হয় আৰু সাক্ষীসকলৰ নামো বদনাম হয়। কিছুমান হোটেলৰ মেনেজাৰে গোচৰ দিয়ে যে চুইমিং পুল বা অন্য মনোৰঞ্জন ঠাইবিলাকত পিতৃ-মাতৃয়ে নিজৰ কিশোৰ-কিশোৰীসকলৰ প্ৰতি ধ্যান নিদিয়াৰ বাবে চিঞৰ-বাখৰ আৰু বিশৃংখলতাৰ সৃষ্টি হোৱা দেখা গৈছে।

৪ বেছিভাগ হোটেলত তাত থাকিবলৈ অহা লোকসকলৰ বাবে কিছুমান নিয়ম ধাৰ্য্য কৰা থাকে। কিন্তু কিছুমান ভাই-ভনীয়ে চিঞৰ-বাখৰ কৰা বা ৰুমত ৰন্ধা-বঢ়া কৰি হোটেলৰ নিয়ম উলঙ্ঘন কৰা দেখিবলৈ পোৱা গৈছে। হোটেলৰ মেনেজাৰে এইদৰে আপত্তি জনাইছিল যে ৰন্ধা-বঢ়া কৰাৰ অনুমতি নোহোৱাৰ স্বত্তেও হোটেলেত থকা ৰুমবোৰত ৰন্ধা-বঢ়া কৰে। এনে কৰাৰ ফলত ৰুমবোৰ লেতেৰা হোৱা উপৰিও দুৰ্গন্ধৰে ভৰি পৰে যাৰ বাবে কেইবা দিন বা সপ্তাহৰ লৈকে সেই ৰুমবোৰ আনক দিব পৰা নাযায়। সেইবাবে অনুমতি নোপোৱাকৈ ৰুমত ৰন্ধা-বঢ়া কৰাটো উচিত নহয়।

৫ গতিকে হোটেলৰ কৰ্মচাৰীসকললৈ সহযোগিতা আগবঢ়াবলৈ আমি সম্পূৰ্ণ হৃদয়েৰে চেষ্টা কৰা আৱশ্যক। বাস্তৱতে যিহোৱা সাক্ষীসকলে কেতিয়াও তেওঁলোকৰ সম্পৰ্কে আনে বেয়া বুলি আপত্তি কৰি সম্বাদ দিয়াটো নিবিচাৰে। গতিকে এজন খ্ৰীষ্টান হোৱাৰ বাবে আমি সকলো সময়তে সতৰ্ক হোৱা উচিত। হোটেলৰ পৰা আমি কোনো ধৰণৰ বস্তু যেনে, বিছনা চাদৰ, টাৱেল, গিলাচ বা তাত থকা আন আন বস্তুসমূহক মনে মনে লৈ যোৱাটো উচিত নহয়। কিয়নো তেনে কৰাটো চুৰি কৰা হʼব। আনহাতে যেতিয়া ৰুম সংৰক্ষণ কৰা হয় তেতিয়া ৰুমত কিমানজন লোক থাকিব এই বিষয়ে মেনেজাৰক স্পষ্টকৈ জনাব লাগে।

৬ জিলা অধিবেশনত সঠিক ধৰণে সাজ-পোছাক পৰিধান কৰক: ধৰি লওক আপুনি এখন ডাঙৰ ৰাজ্য গৃহত উপস্থিত হৈছে। আমি ৰাজ্য গৃহত উপস্থিত হওঁতে যেনেকুৱা পৰিপাটিকৈ সাজ-পোছাক পৰিধান কৰোঁ, ঠিক তেনেকৈ অধিবেশনত উপস্থিত হোৱাৰ সময়তো তেনেধৰণৰ সাজ-পোছাক পৰিধান কৰা উচিত। অধিবেশনৰ সময়ত বা পাছত ভাই-ভনীসকলে এনেধৰণৰ সাজ-পোছাক পিন্ধিব নালাগে যি সাজ-পোছাকত এই জগতৰ আত্মাক প্ৰতিফলতি কৰে। বিশেষকৈ ভনীসকলে নিজ নিজ সাজ-পোছাকৰ প্ৰতি ধ্যান দিয়া আৱশ্যক। (১ তীম. ২:⁠৯, ১০) সেইকাৰণে জিলা অধিবেশনৰ উপস্থিত থকা সময়ত, হোটেল বা ৰেচতোৰেন্টবোৰ, অথবা বজাৰত যোৱা সময়তেই হওঁক আমি সদায়ে ঈশ্বৰৰ শুদ্ধতা বজাই ৰখা উচিত যাতে আমি পৰিধান কৰা সাজ-পোছাকৰ পৰা আনক বিঘিনি নজন্মায়।​—⁠২ কৰি. ৬:⁠৩.

৭ অধিবেশনত শনিবাৰ দিনা বাপ্তিষ্মা দিয়াৰ ব্যৱস্থা কৰা থাকে। এই বাপ্তিষ্মা লোৱা বিশেষ দিনৰ প্ৰতি কেনে মনোবৃত্তি ৰখা উচিত এই বিষয়ে এপ্ৰিল ১, ১৯৯৫, প্ৰহৰীদূৰ্গ, ৩০ পৃষ্ঠাত বৰ্ণনা কৰা হৈছে। আলোচনীখনত উল্লেখ কৰা হৈছে যে বাপ্তিষ্মাৰ সময়ত পাৰ্থীসকলে গহীন হোৱা উচিত। সেই সময়ছোৱাত আনন্দিত হৈ ভোজ দি চিঞৰ-বাখৰ কৰি হুলস্থুল কৰাৰ আৱশ্যক নহয় আৰু একেবাৰে গহীন হৈ যোৱাও সময় নহয়। মহিলা আৰু পুৰুষৰ বাপ্তিষ্মাৰ সময়ত পিন্ধা সাজ-পোছাক পৰিপাটি আৰু সঠিক হোৱা উচিত। বাপ্তিষ্মাৰ সময়ত সকলোৱে গহীন আৰু আনন্দিত হোৱা উচিত।

৮ এই সংক্ৰান্তত পিতৰে কৈছিল যে ‘সকলো পবিত্ৰ আচাৰ-ব্যৱহাৰ আৰু ভক্তিৰ লোক হোৱা উচিত।’ (২ পিত. ৩:⁠১১) আমাৰ কথা আৰু কাৰ্য্যৰ দ্বাৰাই “বাক্য পালন কৰোঁতা” জিলা অধিবেশনত অহা সকলো নম্ৰ হৃদয়ৰ লোকসকলক যিহোৱা ঈশ্বৰে যে সকলো প্ৰকাৰৰ আদৰ আৰু মহিমা পোৱা যোগ্য, তাক জানিবলৈ আৰু তেওঁৰ উপাসনা কৰিবলৈ সহায় কৰোঁহঁক।​—⁠১ কৰি. ১৪:⁠২৪, ২৫.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক