ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/০৪ পৃষ্ঠা ৫
  • আপোনাৰ সকলো কাৰ্য্য পবিত্ৰ হওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপোনাৰ সকলো কাৰ্য্য পবিত্ৰ হওক
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পবিত্ৰ আচাৰ-ব্যৱহাৰ প্ৰতিফলিত কৰক
  • ◼ হোটেলৰ সকলো নিয়ম-ব্যৱস্থা পালন কৰক
  • সকলো বিষয়ত সৎকৰ্ম্মৰ আৰ্হি ৰাখক
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • “সদায় হিতকাৰী হবলৈ যত্ন কৰা”
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • বৃহৎ মণ্ডলীত যিহোৱাৰ ধন্যবাদ কৰক
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আমাৰ ভাল আচাৰ-ব্যৱহাৰে ঈশ্বৰলৈ মহিমা আনে
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/০৪ পৃষ্ঠা ৫

আপোনাৰ সকলো কাৰ্য্য পবিত্ৰ হওক

১ পবিত্ৰ যিহোৱা ঈশ্বৰৰ উপাসক হোৱাৰ বাবে আমাৰ সকলো কাৰ্য্য পবিত্ৰ হোৱা আৱশ্যক। (১ পিত. ১:⁠১৫, ১৬) ইয়াৰ অৰ্থ হৈছে আমাৰ জীৱনৰ সকলো ক্ষেত্ৰতে যিহোৱা ঈশ্বৰৰ স্তৰসমূহক উচ্চস্থানত বজাই ৰাখা উচিত। এই বছৰৰ জিলা অধিৱেশনে আমাৰ সকলো কাৰ্য্য পবিত্ৰ কৰি ৰাখিবলৈ এক বিশেষ সুযোগ প্ৰদান কৰিছে।

২ হোটেলত: যোৱা বছৰৰ এখন অধিৱেশনৰ প্ৰতিনিধিসকলে থকা এখন হোটেলৰ মেনেজাৰ জনে এইদৰে কয়: “যিহোৱাৰ সাক্ষীসকলে আমাৰ হোটেলত থকাত আমি আনন্দিত হৈছোঁ . . . আপোনালোকৰ দৰে লোকসকলকহে আমি অতিথি হিচাবে বিচাৰোঁ।” তলত দিয়া স্মৰণীবোৰে আমাক উত্তম আচাৰ-ব্যৱহাৰ বজাই ৰাখাত সহায় কৰিব: (১) বাস্তৱতে আৱশ্যক হোৱাতকৈ অধিক ৰোম সংৰক্ষিত নকৰিব আৰু আপোনাৰ ৰোমটোত থাকিবলৈ অনুমতি দিয়াতকৈ অধিক ব্যক্তি থকা উচিত নহয়। (২) যদি আপুনি নিজৰ সংৰক্ষণ বাতিল কৰিছে, তেন্তে অনতিপলমে হোটেলৰ কৰ্তৃপক্ষক সেই বিষয়ে জনাওক। (৩) অনুমতি নিদিয়া ৰোমত ৰন্ধা-বঢ়া নকৰিব। (৪) প্ৰত্যেকদিনা ৰোমটো চোৱা-চিতা কৰা কৰ্ম্মচাৰী আৰু খাদ্য পৰিবেশক বকচিচ্‌ দিয়া আৱশ্যক। (৫) হোটেলত থকা অতিথিসকললৈ বিনামূল্যে আগবঢ়োৱা জলপান, কফি আৰু বৰফ ৰখা হোটেলৰ সুবিধাবোৰক দুৰ্ব্যৱহাৰ নকৰিব। (৬) বিশেষকৈ হোটেল এৰা বা হোটেলত প্ৰৱেশ কৰা ব্যস্ততাৰ সময়ছোৱাত হোটেলৰ কৰ্তৃপক্ষৰ সৈতে আচৰণ কৰোঁতে আত্মাৰ ফল প্ৰতিফলিত কৰক।​—⁠গালা. ৫:⁠২২, ২৩.

৩ আমাৰ উত্তম আচাৰ-ব্যৱহাৰে এক শক্তিশালী সাক্ষী দিব। যোৱা বছৰত এজন যুৱা সাক্ষী ভায়ে হোটেলৰ এগৰাকী কেৰাণীৰ ওচৰত কেইখিলামান কাগজ আৰু লিখিবলৈ এটা কলম বিচাৰিলে আৰু কেৰাণী গৰাকীক ধন্যবাদ জনালে। ইয়াকে শুনি কেৰাণী গৰাকীয়ে এইদৰে মন্তব্য দিয়ে: “বৰ্তমান সময়ৰ ডেকা লোকসকলে এনেদৰে ভদ্ৰতাৰে আচৰণ কৰাটো আপুনি প্ৰায়ে দেখিবলৈ নাপায়।” তথাপিও কিছুমান ক্ষেত্ৰত এইটো লক্ষ্য কৰা হৈছে যে মাক-দেউতাকে নিজৰ লʼৰা-ছোৱালীৰ ওপৰত ভালদৰে চকু নৰখাৰ বাবে তেওঁবিলাকৰ কণমাণি লʼৰা-ছোৱালীয়ে চুইমিং পুলত গৈ সাতোঁৰা, এলিভেটৰত লৰা-ধপৰা কৰা, চিঞৰ-বাখৰ আৰু দৌৰা-দৌৰি কৰা দেখিবলৈ পোৱা গৈছে। গতিকে পিতৃ-মাতৃসকলে কেতিয়াও তেওঁলোকৰ কণমাণি লʼৰা-ছোৱালীবোৰক মুকলিকৈ এৰি দিয়া উচিত নহয়। লʼৰা-ছোৱালীৰ আচাৰ-ব্যৱহাৰৰ প্ৰতি চকু ৰাখা আৱশ্যক যাতে তেওঁলোকৰ ব্যৱহাৰে যিহোৱা ঈশ্বৰৰ নাম মহিমা কৰে।​—⁠হিতো. ২৯:⁠১৫.

৪ ৰেস্তোৰাঁত: এখন অধিৱেশন ভৱনৰ কাষত অৱস্থিত থকা এখন ৰেস্তোৰাঁলৈ অহা এজন লিখকে এইদৰে মন্তব্য দিছিল: “যিহোৱাৰ সাক্ষীসকল হৈছে আন লোকতকৈ ভিন্ন। তেওঁলোকে আনক সন্মান কৰে।” উত্তম আচাৰ-ব্যৱহাৰত উচ্চস্বৰত কথোপকথন আৰু হাঁহি-ধেমালী কৰি খোৱাৰ সময়ত আনক বিৰক্তি নকৰাটো সন্মিলিত আছে। তদুপৰি আমি মনত ৰাখা আৱশ্যক যে কিছুমান ঠাইত আগবঢ়োৱা সেৱাৰ অনুসৰি ১৫-২০ শতাংশ বকচিচ্‌ দিয়াৰ প্ৰথা আছে। আমি খোৱা-বোৱা আৰু সকলো বিষয়তে ঈশ্বৰৰ নাম মহিমা কৰা আৱশ্যক।​—⁠১ কৰি. ১০:⁠৩১.

৫ অধিৱেশনত: আমাৰ আচাৰ-ব্যৱহাৰ বিশেষকৈ অধিৱেশন স্থানত স্পষ্টকৈ প্ৰকাশ পোৱা আৱশ্যক। অনুগ্ৰহ কৰি পাৰ্কিং স্থান আৰু প্ৰেক্ষাগৃহৰ বাবে এটেনডেন্ট্‌সকলে দিয়া নিৰ্দ্দেশনাৰ সৈতে সহযোগ কৰক। (ইব্ৰী ১৩:⁠১৭) যোৱা বছৰত কেৰেলাত অৱস্থিত হোৱা আমাৰ জিলা অধিৱেশনত এজন আগ্ৰহী ব্যক্তি উপস্থিত হয় আৰু তেওঁ এইদৰে কয়: “ইয়াত সকলোৱে সুখী। মই তেনে লোকবিলাকৰ মাজত থাকিবলৈ ভাল পাওঁ।” আন এজনে এইদৰে কয়: “এনেদৰে সুশৃঙ্খলাবদ্ধভাৱে একত্ৰিত হোৱা লোকসমূহক মই আগতে কেতিয়াও দেখা নাই।” লʼৰা-ছোৱালী, কিশোৰ-কিশোৰীসকলে নিজৰ সমনীয়াসকলৰ সৈতে বহাৰ পৰিৱৰ্তে নিজ নিজ পৰিয়ালৰ সৈতে একেলগে বহা আৱশ্যক। কোনো প্ৰকাৰৰ ৰেকৰ্ডাৰ অধিৱেশন ভৱনত থকা বৈদ্যুতিক বা চাউণ্ড চিচ্‌টেমৰ (ধ্বনি সঁজুলী) সৈতে সংযোগ কৰা উচিত নহয় আৰু কেৱল আনক ব্যাঘাত নজন্মোৱাকৈ ব্যৱহাৰ কৰা আৱশ্যক। যদি আপুনি কোনো ছবি তুলিব বিচাৰিছে, তেন্তে কেমেৰাৰ ফ্লাচ লাইট ব্যৱহাৰ নকৰাকৈ কাৰ্য্যক্ৰমৰ সময়ত লʼব পাৰে। পেজাৰ আৰু চেল ফোন এনেদৰে নিয়ন্ত্ৰিত কৰা আৱশ্যক যাতে কোনোৱে তাৰ পৰা বিৰক্ত নহয়। যদি আপুনি অধিৱেশনৰ ভৱনৰ ভিতৰত কোনো দুৰ্ঘটনা হোৱা দেখিবলৈ পাইছে, তেন্তে ৯১১ নম্বৰত টেলিফোন কৰাৰ পৰিৱৰ্তে অনুগ্ৰহ কৰি তাত থকা প্ৰাথমিক চিকিৎসা বিভাগ বা এটেনডেন্ট্‌ক জনাওক। কিয়নো উপযুক্ত চিকিৎসক সহায় অধিৱেশন স্থানত উপলব্ধ থাকিব।

৬ আমাৰ আচাৰ-ব্যৱহাৰে আমাক আন লোকৰ পৰা পৃথক আৰু ঈশ্বৰৰ নাম মহিমান্বিত কৰে। (১ পিত. ২:⁠১২) অধিৱেশনত যিহোৱাৰ সাক্ষীসকলৰ কৰ্ম্ম প্ৰতিফলিত কৰা হয়। গতিকে আপোনাৰ আচাৰ-ব্যৱহাৰত পবিত্ৰতা বজাই ৰাখিবলৈ দৃঢ় সঙ্কল্প লোৱা আৱশ্যক।

[Study Questions]

১. আমাৰ সকলো কাৰ্য্যত কিয় পবিত্ৰতা বজাই ৰাখা আৱশ্যক?

২. আমি হোটেলত কেনেকৈ উত্তম আচাৰ-ব্যৱহাৰ প্ৰতিফলিত কৰিব পাৰোঁ?

৩. যিহোৱাৰ সাক্ষীসকলৰ কণমাণি লʼৰা-ছোৱালীবোৰৰ আচাৰ-ব্যৱহাৰে কেনেকৈ আনক প্ৰভাৱিত কৰিব পাৰে?

৪. ৰেস্তোৰাঁত আহাৰ কৰি থকা আন ব্যক্তিৰ প্ৰতি আমি কেনেকৈ বিবেচক হʼব পাৰোঁ?

৫. অধিৱেশন স্থানত প্ৰতিফলিত কৰা উত্তম আচাৰ-ব্যৱহাৰত কি কি সন্মিলিত আছে?

৬. অধিৱেশনবোৰত আমি প্ৰতিফলিত কৰা আচাৰ-ব্যৱহাৰে কেনেকৈ ঈশ্বৰৰ নাম মহিমান্বিত কৰে?

[Caption on page 5]

পবিত্ৰ আচাৰ-ব্যৱহাৰ প্ৰতিফলিত কৰক

◼ হোটেলৰ সকলো নিয়ম-ব্যৱস্থা পালন কৰক

◼ নিজৰ কণমাণি লʼৰা-ছোৱালীৰ ওপৰত চকু ৰাখক

◼ আনৰ প্ৰতি বিবেচক হওক

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক