ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৭/০৩ পৃষ্ঠা ৪
  • সকলো বিষয়ত সৎকৰ্ম্মৰ আৰ্হি ৰাখক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সকলো বিষয়ত সৎকৰ্ম্মৰ আৰ্হি ৰাখক
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • “সদায় হিতকাৰী হবলৈ যত্ন কৰা”
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপোনাৰ সকলো কাৰ্য্য পবিত্ৰ হওক
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ২০০৬ চনত হ’বলগীয়া যিহোৱাৰ সাক্ষীসকলৰ জিলা অধিৱেশনৰ বিষয়টো হৈছে “উদ্ধাৰৰ সময় নিকটৱৰ্ত্তী”
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ১৯৯৯ চনৰ “ঈশ্বৰৰ ভাৱিষ্যতসূচক বাক্য” জিলা অধিৱেশন
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৭/০৩ পৃষ্ঠা ৪

সকলো বিষয়ত সৎকৰ্ম্মৰ আৰ্হি ৰাখক

১ যেতিয়া আমি এখন জিলা অধিৱেশনত বৃহৎ সংখ্যাত একত্ৰিত হওঁ তেতিয়া বিশেষকৈ লোকসকলে আমাৰ কাৰ্য্য আৰু এজনে আনজনৰ সৈতে কৰা আচৰণৰ প্ৰতি অধিক লক্ষ্য কৰে। গতিকে আমাৰ প্ৰত্যেকজনে বিশেষভাৱে বাইবেলৰ এই উপদেশৰ প্ৰতি মনোযোগ দিয়া উচিত, যʼত এইদৰে কোৱা হৈছে: “সুবোধ . . . আৰু নিজে সকলো বিষয়ত সৎকৰ্ম্মৰ আৰ্হি . . . দেখুউৱা।” (তীত ২:⁠৬, ৭) ‘নিজৰ বিষয়ে নহয় কিন্তু অন্যৰ বিষয়ে ব্যক্তিগতভাৱে বিবেচনা কৰিবলৈ’ প্ৰত্যেকজনে অতিৰিক্তৰূপে প্ৰচেষ্টা কৰা আৱশ্যক। (ফিলি. ২:⁠৪) এতেকে আঁহক আমি আহিবলগীয়া “ঈশ্বৰৰ মহিমা কৰা” জিলা অধিৱেশনত তেনে কৰিবলৈ তাৰে কিছুমানক বিবেচনা কৰোঁহঁক।

২ থকা-মেলাৰ ব্যৱস্থা: থকা- মেলাৰ ব্যৱস্থা কৰাৰ সময়ত আমি সৎকৰ্ম্মৰ আৰ্হি প্ৰকাশ কৰাটো আমাৰ বাবে এক উত্তম সুযোগ। অনুগ্ৰহ কৰি আপোনাক যিমান আৱশ্যক হোটেলত কেৱল সিমানহে ৰোম সংৰক্ষণ কৰক। নিশ্চিত কৰক যে আপুনি উপযুক্ত পৰিমাণৰ জমাধন যেন আগতীয়াকৈ পঠিয়াই। হোটেলত উপস্থিত আৰু হোটেল ত্যাগ কৰাৰ সময়ত ঈশ্বৰৰ আত্মাৰ ফল প্ৰকাশ কৰাটো বিশেষভাৱে শলাগ লʼবলগীয়া।​—⁠গালা. ৫:⁠২২, ২৩.

৩ অধিৱেশন ভৱন: অধিৱেশনৰ বাবে যিবোৰ ভৱন ভাৰালৈ লোৱা হয় সাধাৰণতে সেইবোৰক বহুবছৰ ধৰি ৰাইজে অপব্যৱহাৰ যেনে, ইচ্ছাপূৰ্বকভাৱে নষ্ট, আৱৰ্জনা পেলোৱা আৰু আনধৰণে অপকৰ্ম কৰা। তদুপৰি শৌচালয় আৰু তাৰ সৈতে সংলগ্ন থকা আন আন সুবিধাবোৰ আমাৰ পবিত্ৰ ঈশ্বৰৰ স্তৰৰ সামঞ্জস্যত নাথাকে। ইয়াক সলনি কৰিবলৈ আমি কি কৰিব পাৰোঁ? আপুনি স্বইচ্ছাৰে আগবাঢ়ি গৈ শৌচালয় পৰিষ্কাৰ, ভৱনত থকা আৱৰ্জনাবোৰ চাফা কৰা, তাত উপলব্ধ থকা আসনবোৰ পৰিষ্কাৰ আৰু আন আৱশ্যকীয় কাম কৰিব পাৰে। নিশ্চিত কৰক যে অধিৱেশন ভৱনৰ প্ৰত্যেকটো কোণে যেন আমাৰ ঈশ্বৰ যিহোৱাৰ পবিত্ৰতা প্ৰকাশ কৰে। লোকসকলে ইয়াৰ পৰা প্ৰভাৱিত হৈ যিহোৱাক ‘প্ৰশংসা, যশস্যা আৰু মৰ্য্যাদা’ দিয়ে।​—⁠দ্বিতী. ২৬:⁠১৯.

৪ লʼৰা-ছোৱালী আৰু পিতৃ-মাতৃসকল: বহুতো লʼৰা- ছোৱালীৰ উত্তম আচাৰ-ব্যৱহাৰ হ্ৰাস হোৱা এনে জগতত আমাৰ লʼৰা-ছোৱালীয়ে এক উত্তম আৰ্হি বজাই ৰাখিছে, যিয়ে যিহোৱা আৰু তেওঁৰ সংগঠনলৈ মহিমা কঢ়িয়াই আনিছে। কোনো কোনো সময়ত লʼৰা-ছোৱালীক ভালদৰে তত্ত্বাৱধান নকৰিলে হয়তো কোনো সমস্যা হʼব পাৰে। (হিতো. ২৯:⁠১৫) পিতৃ-মাতৃসকলে লʼৰা-ছোৱালীক হোটেল, চুইমিং পুল বা অধিৱেশন ভৱনত কেতিয়াও অতত্ত্বাৱধানভাৱে ঘূৰি ফুৰিবলৈ দিয়া উচিত নহয়।

৫ অধিৱেশনৰ আগতেই কিছুমান পিতৃ-মাতৃয়ে এই বিষয়ে তেওঁলোকৰ লʼৰা-ছোৱালীৰ সৈতে আলোচনা কৰা আৱশ্যক যে তেওঁলোকে কেনে আচাৰ-ব্যৱহাৰ প্ৰকাশ কৰা উচিত। (ইফি. ৬:⁠৪) পিতৃ-মাতৃসকলে লʼৰা- ছোৱালীক প্ৰকৃত খ্ৰীষ্টান প্ৰেমৰ অৰ্থ কি তাক বুজাত যেন সহায় কৰে, যাতে তেওঁলোকে “অশিষ্টাচাৰণ নকৰে” বা “নিজৰ লাভ নিবিচাৰে।” (১ কৰি. ১৩:⁠৫) জিলা অধিৱেশনৰ যোগেদি যিহোৱাই  আমাক  শিক্ষাদান কৰে আৰু লʼৰা-ছোৱালী, বয়সস্থসকলে অধিৱেশন স্থান আৰু আন ঠাইবোৰত সঠিক আচাৰ-ব্যৱহাৰ প্ৰকাশ কৰি তাৰ সকলো ব্যৱস্থাৰ প্ৰতি সন্মান দেখুৱা প্ৰয়োজন।​—⁠যিচ. ৫৪:⁠১৩.

৬ আমাৰ উত্তম আচাৰ-ব্যৱহাৰে লোকসকলৰ ভুল ধাৰণাক আঁতৰ কৰি তেওঁলোকক সত্য উপাসনাৰ প্ৰতি আকৰ্ষিত কৰে। (মথি ৫:⁠১৬; ১ পিত. ২:⁠১২) এতেকে আঁহক আমি অধিৱেশনৰ সময়ছোৱাত যিসকলৰ সৈতে সাক্ষাৎ হওঁ তেওঁলোকক আমাৰ আচাৰ-ব্যৱহাৰৰ যোগেদি এক উত্তম সাক্ষী দিওঁহঁক। এইদৰে আমি ‘সকলো বিষয়ত সৎকৰ্ম্মৰ’ আৰ্হি দেখুৱাওঁ আৰু যিহোৱাক মহিমা কৰিম।​—⁠তীত ২:⁠৭.

[Study Questions]

১. জিলা অধিৱেশনবোৰত আমি আমাৰ আচাৰ-ব্যৱহাৰৰ প্ৰতি কিয় অধিক মনোযোগ দিয়া আৱশ্যক?

২. থকা-মেলাৰ ব্যৱস্থা কৰাৰ সময়ত আমি বিশেষভাৱে কি মনত ৰখা উচিত?

৩. অধিৱেশন ভৱনত আমি কেনেকৈ যিহোৱালৈ স্তুতি কঢ়িয়াই আনিব পাৰোঁ?

৪, ৫. লʼৰা-ছোৱালীয়ে কেনেকৈ যিহোৱালৈ মহিমা কঢ়িয়াই আনিব পাৰে আৰু এই ক্ষেত্ৰত পিতৃ-মাতৃৰ কেনে দায়িত্ব আছে?

৬. আমাৰ উত্তম আচাৰ-ব্যৱহাৰৰ জড়িয়তে আনে কেনে প্ৰভাৱিত হʼব?

[Box on page 4]

আনৰ প্ৰতি বিবেচনাশীল হওক

▪ কেৱল আপোনাক আৱশ্যক হোৱা হোটেলৰ ৰোম সংৰক্ষণ কৰক

▪ হোটেলত উপস্থিত আৰু ত্যাগ কৰাৰ সময়ত ধৈৰ্য্যশীল হওক

▪ অধিৱেশন ভৱনত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাত সহযোগ কৰক

▪ নিজৰ লʼৰা-ছোৱালীক ভালকৈ তত্ত্বাৱধান লওক

▪ হোটেলত আপোনাৰ ৰোমটো পৰিষ্কাৰ কৰা হোটেলৰ কৰ্ম্মচাৰীজনক সঠিক বকচিচ্‌ দিয়ক

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক