ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৯/০০ পৃষ্ঠা ৪
  • “তোমালোকৰ সকলো কৰ্ম্ম প্ৰেমেৰে কৰা হওঁক”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “তোমালোকৰ সকলো কৰ্ম্ম প্ৰেমেৰে কৰা হওঁক”
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • “ঈশ্বৰৰ বাক্যৰ শিক্ষক হোৱা” ২০০১ চনৰ যিহোৱাৰ সাক্ষীসকলৰ জিলা অধিৱেশন
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ২০০৬ চনত হ’বলগীয়া যিহোৱাৰ সাক্ষীসকলৰ জিলা অধিৱেশনৰ বিষয়টো হৈছে “উদ্ধাৰৰ সময় নিকটৱৰ্ত্তী”
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ২০০৪ চনত হ’বলগীয়া যিহোৱাৰ সাক্ষীসকলৰ জিলা অধিৱেশনৰ বিষয়বস্তু হৈছে “ঈশ্বৰৰ অনুসাৰে জীৱন-যাপন কৰা”
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • “বাক্য পালন কৰোঁতা হোৱা” যিহোৱা সাক্ষীসকলৰ জিলা অধিৱেশন
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৯/০০ পৃষ্ঠা ৪

“তোমালোকৰ সকলো কৰ্ম্ম প্ৰেমেৰে কৰা হওঁক”

১ আমেৰিকাৰ চহৰত আমাৰ জিলা অধিবেশনত উপস্থিত হোৱা পৰ্য্যটকৰ কাৰ্য্যলয়ৰ এজন সদস্যই এনেদৰে মন্তব্য দিয়ে: “আপোনালোকৰ সদস্যসকলে সচাঁকৈ আনন্দিত আৰু তেওঁলোকে অন্যৰ প্ৰতি সন্মান আৰু শিষ্টাচাৰ আচৰণ কৰে।” ইয়াকে শুনি আমি অন্যৰ প্ৰতি ভাল আচৰণ কৰিবলৈ অধিক উৎসাহিত হওঁ। ইয়াৰ দ্বাৰাই এইটো জানিব পাৰি যে আমি ‘সকলো কৰ্ম্ম প্ৰেমেৰে কৰা উচিত।’ (১ কৰি. ১৬:⁠১৪) সেই একেই সময়তে এনে কিছুমান ক্ষেত্ৰ আছে যʼত বিবেচনা কৰা উচিত আৰু যদি সেই ক্ষেত্ৰবিলাকত মনোযোগ দিয়া নাযায় তেনেহʼলে যিহোৱাৰ নাম বদনাম হʼব পাৰে।

২ ৰুম সংৰক্ষণ কৰা সময়ত উৎপন্ন হোৱা সমস্যাসমূহ: প্ৰত্যেক অধিবেশন হোৱা স্থানত ৰুম সংৰক্ষণ কৰা বিভাগ থাকে যাতে ইয়াৰ দ্বাৰাই সঠিক দামৰ হোটেলত ভাই-ভনীসকলে থাকি অধিবেশনৰ আনন্দ লাভ কৰিব পাৰে। সেইকাৰণে এই বিভাগৰ দায়িত্বত থকা ভাইসকলে আমাৰ সুবিধাৰ বাবে যথেষ্ট সময় ব্যয় কৰে আৰু থকাৰ বাবে ভাল ব্যৱস্থা কৰিবলৈ প্ৰচেষ্টা কৰে। কিছুমান হোটেলৰ মেনেজাৰসকলে অন্য ধৰ্মৰ লোকসলকলৰ বেয়া আচৰণ দেখি সহজতে হোটেলত ৰুম দিবলৈ মান্তি নহয়। কিন্তু যেতিয়া আমাৰ ৰুম সংৰক্ষণ বিভাগৰ ভাইসকলে আশ্বাস দিয়ে যে তাত থাকিবলৈ অহা ভাই-ভনীসকলে হোটেলৰ সকলোবোৰ নিয়ম পালন কৰিব তেতিয়া তেওঁলোকে কোনো আপত্তি নকাৰাকৈ হোটেলত ৰুম দিবলৈ মান্তি হয়।

৩ যোৱা বছৰত বহুতো হোটেলে আপত্তি জনাইছিলে যে শেষমুহূৰ্তত ভাই-ভনীসকলে সংৰক্ষণ কৰা ৰুমবোৰক বাতিল কৰিছিলে। এনে কিয় হৈছিল? কিয়নো কিছুমান ভাই-ভনীয়ে এটাতকৈ বেছি হোটেলত ৰুম সংৰক্ষণ কৰাইছিল বা সময়মতে টকা দিব নোৱাৰা বা অন্য ভাল আৰু সঠিক দামৰ হোটেলত ৰুম পোৱাৰ বাবে সংৰক্ষণ কৰা ৰুমবোৰক বাতিল কৰিছিল। আনহাতে, কিছুমান ভাই-ভনীয়ে এটাতকৈ অধিক ৰুম সংৰক্ষিত কৰিছিল যাতে অন্য ভাই-ভনীসকলৰ বাবে যেন ৰুম পোৱাত কষ্ট নহয়। কিন্তু পাছলৈ তেওঁলোকে কেৱল এটা ৰুমহে লৈ বাকিবোৰক নাকচ কৰে। সেইহেতুকে হোটেলৰ মেনেজাৰসকলে কৈছিল যে ইয়াৰ আগতে আমাৰ হোটেলত এনেকুৱা কেতিয়াও হোৱা নাছিল।

৪ সেইকাৰণে হোটেলত ৰুম সংৰক্ষণ কৰা আৰু অধিবেশনৰ বাবে সংগঠিত কৰাটো গভীৰ সমস্যা হৈ পৰে। হোটেলৰ মেনেজাৰসকলে বিশ্বাস কৰে যে যিহোৱা সাক্ষী সকলক দিয়া ৰুমবোৰত তেওঁলোকে থাকিব আৰু কেৱল অধিবেশনৰ শেষতহে ৰুমবোৰ খালী কৰিব। যদি তেনে ধৰণৰ সমস্যা একেৰাহে চলি থাকে তেনেহʼলে ভবিষ্যতে সঠিক মূল্যত হোটেলত ৰূম পোৱাতো সহজ নহʼব। গতিকে ভবিষ্যতে যেন এনে সমস্যাৰ সন্মূখীন নহয় তাৰে বাবে আপোনাক যিমান ৰুমৰ আৱশ্যক মাত্ৰ সিমানহে ৰুম যেন সংৰক্ষণ কৰে।

৫ কিছুমান হোটেলত জলপানৰ ব্যৱস্থা কৰা থাকে। কিন্তু প্ৰায়ে দেখা গৈছে যে আমাৰ ভাই-ভনীসকলে হোটেলৰ কাহিঁ-বাটি আৰু অধিক খাদ্যসামগ্ৰী অধিবেশনত লৈ আহে আৰু আনকি ৰূমতো খায়। যেতিয়া হোটেলত এনেধৰণৰ ব্যৱস্থা কৰা যায় তেনে ব্যৱস্থাৰ প্ৰতি আমি কৃতজ্ঞতা হব লাগে। ভবিষ্যতে যদি কোনো হোটেলত বিনা মূল্যই জলপানৰ ব্যৱস্থা কৰা যায় তেন্তে তাৰ অৰ্থ হৈছে যে হোটেলতে আপুনি জলপান কৰক। কিন্তু এই আহাৰ লৈ আপুনি আপোনাৰ বন্ধুবৰ্গৰ সৈতে অধিবেশনত খোৱাটো উচিত নহʼব। যদি আমি তেনে নকৰোঁ তেনেহʼলে ভৱিষ্যতে সঠিক দামত ৰুম পোৱাটো কঠিন হৈ পৰিব।

৬ সকলোৰে প্ৰতি হিতজনক কৰ্ম্ম কৰক: আমাৰ উত্তম আচৰণ আৰু আদৰ্শই যিহোৱা আৰু ওচৰ-চুবুৰীয়াৰ প্ৰতি প্ৰেম দেখুৱাবলৈ উৎসাহিত কৰে। (মথি ২২:⁠৩৭-​৩৯; যাকো. ৩:⁠১৩) বাইবেলত কৈছে যে আমি সকলোৰে প্ৰতি সহানুভূতি আৰু স্নেহশীল হʼব লাগে। (গালা. ৬:⁠১০) আমি হোটেলত থকা সময়টো বাইবেলৰ সেই সিদ্ধান্তসমূহক অনুকৰণ কৰা উচিত। এই সিদ্ধান্তসমূহক পালন নকৰিলে আমি যিহোৱা ঈশ্বৰ আৰু নিজকে অসন্মান কৰিম আৰু ভৱিষ্যতে সঠিক মূল্যত হোটেলত ৰুম পোৱাটো আশা কৰিব নোৱাৰিম। ইয়াৰ উপৰিও ভাই-ভনীসকলৰ মাজত ভাল সম্বন্ধ বজায় ৰাখিব পৰা নাযাব। ইয়াৰ পৰিণামস্বৰূপে আমাৰ দৰিদ্ৰতাত থকা ভাই-ভনীসকলৰ বাবে অধিক দামৰ ৰুম লৈ থাকাতো কষ্টকৰ কাৰ্য্য হʼব।

৭ যেতিয়া আমি আমাৰ ইচ্ছামতে ৰুম সংৰক্ষণ কৰি শেষমূৰ্হতত নাকচ কৰি দিওঁ, তেনেহʼলে আমাৰ ভাই-ভনীসকলে অধিবেশন গৃহৰ ওচৰত থকা হোটেলত কম দামত ৰুম থকা স্বত্বেও ৰুম নাপাব পাৰে। ফলস্বৰূপে তেওঁলোকক অধিবেশন গৃহৰ পৰা বহু দূৰত থকা কম দামৰ হোটেলত ৰুম সংৰক্ষণ কৰে, যাৰবাবে তেওঁলোকে অহা-যোৱাত অধিক ধন খৰচ কৰিব লগীয় হয়। যদি আমি এনে কৰোঁ তেনেহʼলে আমি অন্যৰ প্ৰতি বাইবেলত উল্লেখ কৰাৰ দৰে স্নেহশীল বা সহানুভূতিৰূপে আচৰণ কৰাতো হʼবনে? গতিকে আমি নিজ হিত বিচৰাৰ পৰিৱৰ্তে, যদি আনৰ হিতৰ কাৰণে চিন্তা কৰোঁ তেন্তে এইটো কিমান যে প্ৰশংসনীয় কাৰ্য্য হʼব!​—⁠মথি ৭:১২; যোহ. ১৩:৩৪, ৩৫.

৮ “বাক্য পালন কৰোঁতা হোৱা” জিলা অধিবেশনত আমি সকলোৱে উৎসাহেৰে উপস্থিত হবলৈ আশা কৰোঁ। আপুনি তাত উপস্থিত থাকিবলৈ ৰুম সংৰক্ষণ কৰা বা অহা যোৱাৰ ব্যৱস্থাৰ বাবে সকলোবোৰ আয়োজন কৰিছেনে? সেইবাবে আহঁক আমি হোটেলত বা অধিবেশনত থকা সময়ত আমাৰ ভাল আচাৰ-ব্যৱহাৰ দ্বাৰা সত্য আৰু সৃষ্টিকৰ্তাৰ প্ৰতি থকা প্ৰেম প্ৰতিফলিত কৰোঁহঁক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক