ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৭/০১ পৃষ্ঠা ৬
  • উত্তম আৰু প্ৰশংসাযোগ্য কাৰ্য্য কৰা!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • উত্তম আৰু প্ৰশংসাযোগ্য কাৰ্য্য কৰা!
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • বৃহৎ মণ্ডলীত যিহোৱাৰ ধন্যবাদ কৰক
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আমাৰ ভাল আচাৰ-ব্যৱহাৰে ঈশ্বৰলৈ মহিমা আনে
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • “সদায় হিতকাৰী হবলৈ যত্ন কৰা”
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ১৯৯৯ চনৰ “ঈশ্বৰৰ ভাৱিষ্যতসূচক বাক্য” জিলা অধিৱেশন
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৭/০১ পৃষ্ঠা ৬

উত্তম আৰু প্ৰশংসাযোগ্য কাৰ্য্য কৰা!

১ যোৱা বছৰৰ জিলা অধিবেশনত উপস্থিত হোৱা যিহোৱাৰ সাক্ষীসকলৰ সম্পৰ্কে বহুতো বাহিৰা ব্যক্তিয়ে এইদৰে মন্তব্য দিছিল: “তেওঁলোকৰ দৰে সজ, সৰল আৰু শিষ্টাচাৰপূৰ্ণ ব্যক্তি মই কেতিয়াও দেখা নাছিলোঁ। এনেধৰণৰ লোকসমূহক পোৱাটো সঁচাকৈ এক আনন্দৰ কথা।” বাহিৰা ব্যক্তিসকলৰ এইধৰণৰ মন্তব্যই যিহোৱাৰ সংগঠনলৈ সুনাম কঢ়িয়াই আনিলে। (হিতো. ২৭:⁠২; ১ কৰি. ৪:⁠৯) বাস্তৱতে তেওঁলোকে যিহোৱাক প্ৰশংসা কৰিলে। (মথি ৫:⁠১৬) ঠিক একেইদৰে আহিবলগীয়া “ঈশ্বৰৰ বাক্যৰ শিক্ষক হোৱা” জিলা অধিবেশনতো যিহোৱালৈ প্ৰশংসা কঢ়িয়াই আনাৰ বাবে আমাৰ ওচৰত আন এক সুযোগ আছে।

২ প্ৰত্যেক বছৰে অধিবেশনত কিদৰে আচৰণ কৰা উচিত, এই সম্পৰ্কে মৰমীয়ালভাৱে বহুতো বিষয়ৰ সম্বন্ধে স্মৰণ কৰাই দিয়া হয়। কিয় স্মৰণ কৰাই দিয়া হয়? কিয়নো, বৰ্তমান জগতে বিকাশিত কৰা মনোবৃত্তি, সাজ-পোচাক আৰু আচাৰ-ব্যৱহাৰ ক্ৰমান্বয়ে পতন হৈছে। সেইবাবে আমি তেনে জগতৰ গুণসমূহৰ পৰা প্ৰভাৱিত হোৱাৰ পৰা নিতৌ আঁতৰি থকা আৱশ্যক। আমাৰ ভাল আচাৰ-ব্যৱহাৰৰ বাবে থকা সুনামক আমি কেতিয়াও হ্ৰাস হʼবলৈ দিয়া উচিত নহয়। (ইফি. ২:⁠২; ৪:⁠১৭) আঁহক আমি তলত দিয়া কিছুমান সতৰ্কতাকৰ উপদেশক মনত ৰাখোঁহঁক।

৩ হোটেলসমূহত উত্তম আচাৰ-ব্যৱহাৰ প্ৰকাশ কৰা: আমাৰ সদাচৰণৰ সৈতে সকলোৱে পৰিচিত। (ইব্ৰী ১৩:⁠১৮) গতিকে হোটেলত আমাৰ নিজ নিজ ৰুমত কিমানজন ব্যক্তি থাকিব এই বিষয়ে সদায়ে সঁচা কোৱা উচিত। হোটেলৰ ৰুমসমূহত যদি ৰন্ধা-বঢ়া কৰাৰ অনুমতি নাই, তেনেহʼলে আমি ৰন্ধা-বঢ়া কৰাটো উচিত নহয়। এবাৰ এজন হোটেলৰ মেনেজাৰে স্বীকাৰ কৰিছিল যে হোটেলৰ ৰুমসমূহ তেওঁ সুলভ মূল্যত যিহোৱাৰ সাক্ষীসকলক দিছিল, কিয়নো তেওঁলোকে থকা ৰুমৰ পৰা এখনো গামোছা হেৰুৱা নাছিল। তেওঁ নিশ্চিত আছিল যে হোটেলৰ ৰুমত থকা বস্তুসমূহক ভালদৰে যত্ন লোৱা হʼব। আচলতে আমি হোটেলৰ পৰা “কোনো বস্তুৱে” নিজৰ লগত লোৱা উচিত নহয়। তাৰ পৰিৱৰ্তে আমি থকা ৰুমটোক চোৱা-চিতা কৰাসকলক প্ৰশংসনীয় হিচাপে কোনো বকচিচ্‌ দিয়াটো আমাৰ ব্যৱহাৰত পৰিণত হোৱা উচিত। হোটেলৰ কৰ্তৃপক্ষৰ সৈতে ব্যৱহাৰত সদায়ে সতৰ্ক আৰু ধৈৰ্য্যশীল হোৱা উচিত।

৪ কিয়নো আমাৰ ডেকাসকলৰ আজ্ঞাকাৰীতা আৰু আচাৰ-ব্যৱহাৰ দেখি বহুতো লক্ষ্য কৰোঁতাসকলে প্ৰভাৱিত হৈছে। (ইফি. ৬:⁠১, ২) এতেকে লʼৰা-ছোৱালীয়ে যেতিয়া তেওঁলোকে হোটেলৰ চুইমিং পুল বা আন আন সুবিধাবোৰ ব্যৱহাৰ কৰে, তেতিয়া পিতৃ-মাতৃয়ে তেওঁলোকৰ ওপৰত চকু দিয়া আৱশ্যক যাতে আনে তেওঁলোকৰ পৰা অশান্তি অনুভৱ নকৰে। নিশাৰ সময়ছোৱাত আমাৰ সকলোৱে জোৰেৰে দুৱাৰ বন্ধ কৰা বা উচ্চ শব্দৰে কথা-বতৰা কৰাৰ পৰা বিৰত থকা উচিত।

৫ এইদৰে আমি থকা হোটেলখনত থাকিবলৈ অহা বাহিৰা লোকসকলৰ প্ৰতি সহানুভূতি দেখুৱাই, তেওঁলোকলৈও সৎকৰ্ম্ম কৰিব পাৰোঁ। কিছুমান হোটেলৰ কৰ্তৃপক্ষই আপত্তি কৰিছে যে অধিবেশনলৈ অহা প্ৰতিনিধিসকলে তেওঁলোকৰ কুলাৰত (খাদ্য বা পানী চেঁচা কৰি ৰখা এবিধ যন্ত্ৰ) ব্যৱহাৰ কৰিবলৈ হোটেলত থকা ৰিফ্ৰিজাৰেটৰ পৰা সকলো বৰফ লৈ যায়। এতেকে হোটেলত আমাৰ সুবিধাৰ বাবে প্ৰবন্ধ কৰা খাদ্য অথবা কফি, পাছলৈ ব্যৱহাৰ কৰিবলৈ আমাৰ সৈতে নিয়া উচিত নহয়। আমি কেতিয়াও হোটেলৰ নিয়ম-প্ৰণালীসমূহ ভঙ্গ কৰা উচিত নহয়।

৬ অধিবেশন স্থানত সুকৰ্ম্ম কৰা: এইটো লক্ষ্য কৰা হৈছে যে কিছুমান ভাই-ভনীয়ে অধিবেশনৰ পৰিচাৰকসকলৰ সৈতে সহযোগ নকৰে আৰু তেওঁলোকৰ সৈতে অখ্ৰীষ্টীয় ব্যক্তিৰ দৰে আচৰণ কৰাৰ দৰে দেখা গৈছে। অধিবেশনলৈ অহা কিছুমান ভাই-ভনীয়ে তেওঁলোকৰ যান-বাহন আইনমতে নিষেধ কৰা স্থানত ৰখাৰ বাবে পুলিছে তেওঁলোকৰ যান-বাহন লৈ যায়। বাস্তৱতে মই প্ৰথম বুলি ৰাখা মনোবৃত্তিয়ে আমাক সৎকৰ্ম্ম কৰা ব্যক্তিৰূপে পৰিচয় নিদিয়ে, তদুপৰি এনে মনোবৃত্তিয়ে যিহোৱাৰ নামলৈ অপযশ কঢ়িয়াই আনিব। সেইবাবে আমি সকলোৱে মৰমীয়াল, ধৈৰ্য্যশীল আৰু সহযোগী হোৱা আৱশ্যক।​—⁠গালা. ৫:⁠২২, ২৩, ২৫.

৭ এইটো লক্ষ্য কৰা হৈছে যে পুৱা ৮:০০ বজাত অধিবেশন গৃহৰ দুৱাৰ মুকলি হোৱাৰ লগে লগেই কিছুমান ভাই-ভনীয়ে তেওঁলোকৰ মনৰ পছন্দ আসনত বহিবলৈ ঠেলা-হেঁচা কৰে। তাৰ ফলস্বৰূপে বহুতে আহত হোৱা দেখা গৈছে। তদুপৰি পৰামৰ্শ দিয়া হৈছিল যে ভাই-ভনীসকলে দুপৰীয়া খাবলৈ লঘু আহাৰ যেন লৈ আনে। কিয়নো সকলোৱে বৃহৎসমূহত একেলগে বহি আহাৰ কৰাটো উপযুক্ত নহয়। এনেদৰে আহাৰ খোৱাৰ বাবে বাহিৰা লোকসকলে সাধাৰণতে পিকনিক বুলি ভুল বুজিব পাৰে।

৮ সঠিক সাজ-পোচাক পৰিধানৰ দ্বাৰা সুকৰ্ম্ম কৰা: যোৱা বছৰৰ জিলা অধিবেশনৰ পাছত বৃহতভাৱে প্ৰচাৰিত হোৱা এখন মহানগৰীয় বাতৰি কাকতৰ সম্পাদকে বাতৰি কাকতত এইদৰে লিখিছিল: “সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে, যিহোৱাৰ সাক্ষীসকলৰ আচাৰ-ব্যৱহাৰ হৈছে লেখত লʼব লগীয়া। বহুতে তেওঁলোকক মৰ্য্যাদা আৰু সন্মানেৰে দৃষ্টি কৰা দেখি কিমান যে স্ফুৰ্ত্তিদায়ক অনুভৱ হয়। দেওবাৰৰ দিনা বিভিন্ন পৃষ্ঠভূমিৰ পৰা অহা শ-শ পৰিয়ালে সম্পূৰ্ণকৈ নিজৰ নিজৰ জাতিগত সাজ-পোচাক পৰিধান কৰি কোনো হাই-উৰমি নকৰাকৈ অধিবেশন গৃহলৈ গৈছিল। তেওঁলোকৰ আচৰণ আন সভা বা সন্মিলনত উপস্থিত হোৱা লোকসমূহতকৈ একেবাৰে ভিন্ন আছিল। দৰাচলতে তেওঁলোকৰ আচৰণ আৰু সাধাৰণতে গোট খোৱা লোকসমূহৰ আচৰণৰ মাজত বৃহতৰূপে ভিন্নতা দেখিবলৈ পোৱা গৈছিল। কিয়নো সাধাৰণতে গোট খোৱা ৰাইজে হাই-উৰুমি আৰু অসভ্য ধৰণে আচৰণ কৰা দেখিবলৈ পোৱা যায়। . . . কিন্তু এই সাক্ষীসকলৰ সমূহে সঁচাকৈ দেহ-মন জুৰ পেলাই।” সেয়েহে আমি আমাৰ অসৎ আচৰণ বা সাজ-পোচাক পৰিধান কৰাৰ দ্বাৰা অধিবেশনৰ আধ্যাত্মিক পৰিবেশলৈ অপযশ আনিবলৈ কেতিয়াও চেষ্টা কৰা উচিত নহয়।​—⁠ফিলি. ১:⁠১০; ১ তীম. ২:⁠৯, ১০.

৯ বাপ্তিষ্মাৰ সময়তো সুকৰ্ম্ম কৰক: বাপ্তিষ্মা লোৱা প্ৰাৰ্থীৰ বাবে বাপ্তিষ্মাৰ সময়ছোৱা হৈছে আটাইতকৈ সন্মানীয়। গতিকে তেওঁলোকে সঠিক সাজ-পোচাক পৰিধান কৰা কাৰ্য্যই বাপ্তিষ্মাৰ সময়ছোৱাৰ প্ৰতি পবিত্ৰতা জ্ঞান কৰিব। সেইবাবে তেওঁলোকৰ সৈতে বাইবেল অধ্যয়ন কৰা ভাই বা ভনীয়ে এই সম্বন্ধে এপ্ৰিল ১, ১৯৯৫ চনৰ প্ৰহৰীদুৰ্গʼত দিয়া “পাঠকসকলৰ প্ৰশ্ন” নামৰ লেখটোৰ পৰা আলোচনা কৰিলে উত্তম হʼব।

১০ আমাৰ উত্তম আচাৰ-ব্যৱহাৰ আৰু ঈশ্বৰীয় আচৰণে আমাৰ খ্ৰীষ্টান বিশ্বাসৰ প্ৰমাণ দিয়ে আৰু নম্ৰ হৃদয়ৰ লোকৰ বাবে সত্যৰ সৈতে পৰিচিত হʼবলৈ সহজ হৈ পৰে। সেইবাবে আঁহক আমি “ঈশ্বৰৰ বাক্যৰ শিক্ষক হোৱা” জিলা অধিবেশনত উপস্থিত হৈ স্তুতি আৰু “সুকৰ্ম্ম” কৰোঁহঁক।​—⁠ৰোমী. ১৩:⁠৩.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক