বাইবেল—ঐতিহাসিক ফালৰ পৰা সঠিক আৰু ইয়াৰ ভৱিষ্যতবাণীসূমহ ভৰসাযুক্ত এই ভিডিঅ’ কেছেটখনৰ পৰা আমি কি শিকিব পাৰোঁ
ওপৰত উল্লেখ কৰা সেই ভিডিঅ’ কেছেটখন চোৱাৰ পাছত আপুনি এই প্ৰশ্নবোৰৰ উত্তৰ কেনেকৈ দিব? (১) বাইবেলত পোৱা ভৰসাযুক্ত সম্বাদবোৰ কাৰ দ্বাৰা লিখা হৈছে? (দানি. ২:২৮) (২) বাইবেলে প্ৰাচীন সময়ৰ মিচৰৰ বিষয়ে কেনেকৈ সঠিকৰূপে বৰ্ণনা কৰিছে আৰু যিচয়া ১৯:৩, ৪ পদত কেনেকৈ ঈশ্বৰৰ ভৱিষ্যতবাণীক লিখি ৰখা হৈছে? (৩) বাইবেলত বৰ্ণনা কৰা অচূৰীয়াহঁত, তেওঁলোকৰ ৰজা আৰু অচূৰ শাসনৰ পতনৰ বিষয়ে পুৰাতত্ত্ববিদসকলে কেনেকৈ প্ৰমাণ কৰিছে? (নহূ. ৩:১, ৭, ১৩) (৪) বাবিলৰ বিষয়ে কৰা কোনবিলাক ভৱিষ্যতবাণী পূৰ্ণ হʼল? (৫) মাদীয়া-পাৰস্যই ঈশ্বৰৰ লোকসকলৰ সৈতে কেনে আচৰণ কৰিছিল? (৬) দানিয়েল ৮:৫, ৮ পদত থকা ভৱিষ্যতবাণী কেনেকৈ পূৰ্ণ হৈছিল আৰু ইয়াৰ পূৰ্ণ হোৱা কিমান বছৰৰ আগয়ে ভৱিষ্যতবাণী কৰা হৈছিল? (৭) যীচুৱে যে প্ৰকৃত মচীহ আছিল তাক আমি কেনেকৈ জানিব পাৰোঁ? (৮) বৰ্তমান সময়ত কোনটো ৰাজনৈতিক শক্তিৰ বিষয়ে প্ৰকাশিত বাক্য ১৩:১১ আৰু ১৭:১১ পদত ভৱিষ্যতবাণী কৰা হৈছিল? (৯) সেই ভিদিঅ’ কেছেটখনত উল্লেখ কৰা উপদেশক ৮:৯ পদটোক বুজিবলৈ কিহে আপোনাক সহায় কৰে বুলি আপুনি ভাবে? (১০) সেই ভিদিঅ’ কেছেটখনে বাইবেলত পোৱা প্ৰতিজ্ঞাবোৰত আপোনাৰ বিশ্বাস দৃঢ় হʼবলৈ কেনেকৈ সহায় আগবঢ়ায়? (১১) বাইবেলখন যে ঈশ্বৰৰ কিতাপ, ইয়াক প্ৰমাণ কৰি আনক দেখুৱাবলৈ এই ভিডিঅ’ কেছেটখনক আপুনি কেনেকৈ ব্যৱহাৰ কৰিব পাৰে?