স্মৰণীয় পৰ্বৰ বিষয়ে সোঁৱৰাই দিয়া হʼল
এই বছৰৰ স্মৰণীয় পৰ্ব এপ্ৰিল ৮ তাৰিখ দেওবাৰ দিনা উৎযাপন কৰা হʼব। সেইবাবে প্ৰাচীনসকলে তলত দিয়া বিষয়সমূহক মনোযোগ দিয়া আৱশ্যক:
▪ স্মৰণীয় পৰ্বৰ সময়ত এইটো ঠিৰাং কৰা আৱশ্যক যে স্মৰণীয় প্ৰতীক চিহ্ন সূৰ্য্য অস্ত যোৱাৰ পাছতহে যেন হস্তান্তৰ কৰে।
▪ বক্তা আৰু সকলোকে স্মৰণীয় পৰ্ব উদ্যাপনৰ সময় আৰু স্থানৰ বিষয়ে আগতীয়াকৈ জনাই দিয়া আৱশ্যক।
▪ উচিত প্ৰকাৰে পিঠা আৰু দ্ৰাক্ষাৰস তৈয়াৰ কৰা আৱশ্যক।—ফ্ৰেব্ৰুৱাৰী ১৫, ১৯৮৫ চনৰ প্ৰহৰীদুৰ্গ, ১৯ পৃষ্ঠা চাওঁক।
▪ স্মৰণীয় পৰ্ব উৎযাপন কৰা স্থানলৈ প্লেট আৰু গ্লাচসমূহ, উপযুক্ত টেব্ল, টেব্লৰ কাপোৰ অনা আৱশ্যক আৰু সেইবোৰ আগতীয়াকৈ যথাস্থানত ৰখা উচিত।
▪ স্মৰণীয় পৰ্বৰ বাবে ব্যৱহাৰ কৰা ৰাজ্যগৃহ বা আন স্থানক আগতীয়াকৈ সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰা আৱশ্যক।
▪ নিৰ্বাচিত কৰা এটেনডেনট্চ আৰু স্মাৰক প্ৰতীক চিহ্ন চোৱা-চিতা কৰা ভাইসকলক আগতীয়াকৈ তেওঁলোকৰ কাম আৰু সঠিক কাৰ্য্য পদ্ধতিৰ বিষয়ে পৰামৰ্শ দিয়া উচিত।
▪ স্মৰণীয় পৰ্বত উপস্থিত হʼব নোৱাৰা দুৰ্ব্বল শৰীৰ থকা অভিষেক ভাই-ভনীৰ বাবে অনা-নিয়াৰ ব্যৱস্থা কৰা আৱশ্যক।
▪ যেতিয়া কেইবাখনো মণ্ডলীয়ে একেখন ৰাজ্যগৃহক স্মৰণীয় পৰ্ব উদ্যাপনৰ বাবে ব্যৱহাৰ কৰিবলৈ পৰিকল্পনা কৰে তেতিয়া মণ্ডলীয়ে ভালদৰে ব্যৱস্থা কৰা উচিত যাতে ৰাস্তা, পদূলি আৰু ৰাজ্যগৃহৰ প্ৰৱেশ দুৱাৰত অকাৰণতে ভিৰ নহয়।