সকলোৱে যিচয়াৰ ভৱিষ্যতবাণী কিতাপখন অধ্যয়ন কৰিবলৈ সাজু হওঁক!
১ “সত্য উপাসকসকলে নিশ্চিত হʼব পাৰে যে যিহোৱাই . . . চয়তানৰ জগতখনক ন্যায় কৰাৰ ক্ষন্তেক পাছতেই ধ্বংস কৰিব।” কিযে এক উৎসাজনক বাক্য! এই বাক্যশাৰী কʼৰ পৰা তুলি লোৱা হৈছে? এই বাক্যশাৰী যিচয়াৰ ভৱিষ্যতবাণী—সকলো মানৱজাতিৰ বাবে দীপ্তিস্বৰূপ, ভাগ ১ নামৰ কিতাপখনৰ পৰা তুলি লোৱা হৈছে। যিচয়াৰ ভৱিষ্যতবাণীয়ে আমাক এই জগতখনৰ শেষ হোৱাৰ সম্পৰ্কে এক উৎসাজনক কাৰণ প্ৰদান নকৰেনে বাৰু? অৱশ্যেই কৰে! বাইবেলৰ যিচয়া নামৰ পুস্তকত উদ্ধাৰ পোৱাৰ বিষয়ে স্পষ্টকৈ বৰ্ণনা কৰিছে। (যিচ. ২৫:৯) সেইবাবে বাইবেলৰ এই কিতাপখনক মণ্ডলীৰ পুস্তক অধ্যয়নত ব্যৱহাৰ কৰি অধিক উৎসাহিত হʼব পাৰি। আমি প্ৰত্যেক সপ্তাহে এই কিতপখনক অধ্যয়ন কৰি আনন্দিত হবলৈ উপস্থিত নাথাকিমনে বাৰু? আমি কিয় আনন্দিত হোৱা উচিত?
২ যিচয়া ৩০:২০, NW পদত যিহোৱাক “মহান শিক্ষক” বুলি কোৱা হৈছে। গতিকে যিহোৱাই ‘বিশ্বাসী বুদ্ধিমান দাসৰ’ দ্বাৰা প্ৰবন্ধ কৰা বাইবেল আধাৰিত আলোচনী যিচয়াৰ ভৱিষ্যতবাণী ভাগ ১ নামৰ কিতাপখনৰ যোগেদি যেতিয়া পৰামৰ্শ দিয়ে, তেতিয়া আমি খ্ৰীষ্টান হোৱা হেতুকে ধ্যান দি শুনা আৱশ্যক। (মথি ২৪:৪৫; যিচ. ৪৮:১৭, ১৮) আমি এই কিতাপখনক অধ্যয়ন কৰি কেনেকৈ অধিক লাভবান হʼব পাৰোঁ?
৩ ভাগ লʼবলৈ আগতীয়াকৈ প্ৰস্তুত হওঁক: এই কিতাপখনক অধ্যয়ন কৰিবলৈ প্ৰত্যেক সপ্তাহে যথেষ্ট সময় আছুতীয়াকৈ ৰাখক। নিযুক্ত কৰা অধ্যায়বোৰ এটা এটাকৈ পঢ়ক। প্ৰত্যকটো প্ৰশ্নৰ বিবেচনা কৰক, তাৰ পাছত কিতাপখনৰ পৰা উত্তৰ বিচাৰি উলিয়াই তাত চিহ্ন দিয়ক। কিতাপখনত যিচয়াৰ পৰা লোৱা শাস্ত্ৰৰ পদসমূহ ডাঠ আখৰেৰে ছপা কৰা হৈছে। সেইবোৰক মনোযোগেৰে পঢ়ক। কিতাপখনত উল্লেখ কৰা অতিৰিক্ত শাস্ত্ৰৰ পদসমূহ নিৰীক্ষণ কৰক যে সেই পদসমূহ বিষয়টোৰ সৈতে কেনেকৈ সন্মিলিত হৈ আছে। আপুনি যি শিকিছে তাক ধ্যান কৰক। তাৰ পাছত পুস্তক অধ্যয়নত আপুনি শিকা বিষয়বোৰৰ মন্তব্য দিয়ক।
৪ পুস্তক অধ্যয়নৰ পৰিচালকে উপস্থিত হোৱা সকলোকে বাইবেল আৰু সেই কিতাপখনৰ পৰা শিকা বিষয়বোৰৰ প্ৰতি মূল্যাঙ্কন দেখুৱাবলৈ সহায় কৰা আৱশ্যক। আপুনি যদি উত্তৰ দিবলৈ প্ৰথম সুযোগ পাইছে তেনেহʼলে সৰল ভাষাত পোনপটীয়াকৈ উত্তৰ দিয়া আৱশ্যক। যদি কোনোবাই ইতিমধ্যেই তেনে উত্তৰ দিয়ে, তেনেহʼলে আপুনি অনুচ্ছেদত উল্লেখ কৰা আন বিষয়ক বৰ্ণনা কৰিব পাৰে। হয়তো আপুনি বৰ্ণনা কৰি কʼব পাৰে যে মুখ্য শাস্ত্ৰৰ পদে এই বিষয়টোক কেনেকৈ সমৰ্থন কৰিছে। আপুনি নিজৰ ভাষাত মন্তব্য দিবলৈ চেষ্টা কৰক আৰু আলোচনাত ভাগ লৈ আনন্দিত হওঁক।
৫ আঁহক আমি যিচয়া কিতাপখনত দিয়া বহুমূলীয়া সংবাদক আগ্ৰহেৰে পৰীক্ষা কৰোঁহঁক। ইয়ে আমাক যিহোৱাৰ উদ্ধাৰৰ দিনলৈকে আনন্দেৰে অপেক্ষা কৰিবলৈ নিতৌ প্ৰেৰিত কৰিব!—যিচ. ৩০:১৮.