দানিয়েলৰ ভৱিষ্যতবাণী পুস্তকৰ অধ্যয়ন
১ এপ্ৰিল ১৭ তাৰিখৰ পৰা মণ্ডলীৰ পুস্তক অধ্যয়নত দানিয়েলৰ ভৱিষ্যতবাণী প্ৰতি মনোযোগ দিয়ক! কিতাপখন অধ্যয়ন কৰা হʼব। বহুতে হয়তো এই আকৰ্ষণীয় কিতাপখন ইতিমধ্যে পঢ়িছে। এতিয়া আমি সমূহীয়াকৈ পুস্তক অধ্যয়নত এই কিতাপখন আলোচনা কৰিম। ইয়াৰ দ্বাৰা আমি লাভৱান হম আৰু অধিক আনন্দ প্ৰাপ্ত কৰিবলৈ সুযোগ পাম। প্ৰচাৰক, আগ্ৰহী ব্যক্তি, লʼৰা-ছোৱালীক বাইবেলৰ দানিয়েল কিতাপখন গভীৰভাৱে অধ্যয়ন কৰিবলৈ উপস্থিত থাকিবৰ বাবে সকলোকে উৎসাহিত কৰা হৈছে।—দ্বিতী. ৩১:১২, ১৩.
২ তালিকা আৰু পৰামৰ্শবোৰৰ অধ্যয়ন: দানিয়েলৰ ভৱিষ্যতবাণী কিতাপখন অধ্যয়ন কৰিবলৈ আমাৰ ৰাজ্য পৰিচৰ্য্যা-ত ইয়াৰ সম্পূৰ্ণ তালিকা দিয়া হৈছে। আপুনি নিজৰ অধ্যয়নৰ কিতাপখনত এই তালিকাখনৰ এটা কপি ৰাখক। এই তালিকাত কিতাপখনৰ অধ্যায় আৰু অনুচ্ছেদবোৰ দেখুৱা হৈছে। লগতে প্ৰত্যেক সপ্তাহৰ ভাগত আলোচনা কৰিবলগীয়া দানিয়েলৰ অধ্যায়ৰ পৰা পদসমূহো দেখুৱা হʼব। ইয়াত থকা ফুটনোটে বৰ্ণনা কৰিব যে কেনেকৈ আৰু কেতিয়া কিতাপখনৰ বিষয়বস্তুবোৰ বিবেচনা কৰা হʼব। ইয়াৰ ওপৰিও, প্ৰত্যেক সপ্তাহৰ অধ্যয়নৰ শেষত সেই সপ্তাহৰ তালিকাত উল্লেখ থকা দানিয়েলৰ পদসমূহক পুনৰ আলোচনা কৰিবলৈ পৰিচালকক উৎসাহিত কৰা হৈছে। যদি সময় থাকে তেনেহʼলে পদবোৰ পঢ়ি তাৰ ওপৰত মন্তব্য দিব পাৰে। কিছুমান পদ এটা সপ্তাহৰ পৰা আনটো সপ্তাহলৈ পুনৰাবৃত্তি হʼব পাৰে, কিয়নো ইয়াৰ প্ৰয়োগবোৰ বিবেচনা কৰি থকা হʼব।
৩ খৰচিমাৰি অধ্যয়ন কৰিবলৈ তৈয়াৰ কৰক: প্ৰত্যেক সপ্তাহত নিযুক্তি থকা বিষয়ক লৰা-ঢপৰা নকৰাকৈ আলোচনা কৰিবৰ বাবে সময় উলিয়াবলৈ প্ৰচেষ্ঠা চলোৱা হৈছে। বৰঞ্চ তাৰ বাবে চাৰিটা পাঠক চুটি কৰা হৈছে। সেইবাবে জুন ৫ তাৰিখৰ সপ্তাহত, অধ্যয়নৰ শেষত পৰিচালকে দানিয়েল ২:১-৪০ পদৰ পুনৰ আলোচনা কৰিব পাৰে। জুন ২৬ তাৰিখৰ সপ্তাহত, তেওঁ দানিয়েল ৩:১-৩০ পদৰ পুনৰ আলোচনা কৰিব পাৰে। ছেপ্তেম্বৰ ৪ তাৰিখৰ সপ্তাহত, দৃষ্টান্তবোৰ আৰু ১৩৯ পৃষ্ঠাত থকা শাস্ত্ৰৰ পদবোৰ খৰচিমাৰি বিবেচনা কৰা উচিত। অক্টোবৰ ২ তাৰিখৰ সপ্তাহত, অধ্যয়নৰ সময়ত ১৮৮ আৰু ১৮৯ পৃষ্ঠাত থকা চাৰ্টখন আলোচনা কৰা হʼব।
৪ প্ৰত্যেক সপ্তাহত অধ্যয়নৰ বাবে ভালদৰে তৈয়াৰ কৰক আৰু ইয়াত ভাগ লৈ আনন্দ লাভ কৰক। এইদৰে আমি যিহোৱাৰ দৃশ্যমান সংগঠনৰ প্ৰতি প্ৰশংসা দেখুৱাব পাৰিম। আৰু লগতে তেওঁ বিশ্বাসী বুদ্ধিমান দাসৰ দ্বাৰা প্ৰৱন্ধ কৰা বুজ আৰু বিচক্ষণৰ পৰাও লাভৱান হম। (দানি. ১২:৩, ৪) পুস্তক অধ্যয়নত নিয়মিয়াকৈ উপস্থিত থাকিবলৈ আনকো উৎসাহিত কৰক। আহঁক আমি সকলোৱে দানিয়েলৰ কিতাপত প্ৰকাশ কৰা ঈশ্বৰৰ ভৱিষ্যতসূচক বাক্যৰ ওপৰত মনোযোগ দিওঁহঁক।—ইব্ৰী ১০:২৩-২৫; ২ পিত. ১:১৯.