আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?
প্ৰহৰীবুৰুজ অক্টো. ১
“কিহে এখন সুখী পৃথিৱী গঢ়ি তুলিব পাৰে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওঁক।] মানৱজাতিয়ে এখনৰ পাছত আন এখন চৰকাৰ স্থাপনা কৰি এই জগতৰ পৰিস্থিতি উন্নত কৰিবলৈ চেষ্টা কৰিলে। কিন্তু এই ক্ষেত্ৰত ঈশ্বৰৰ দৃষ্টিভঙ্গীৰ বিষয়ে বিবেচনা কৰক। [যিৰিমিয়া ১০:২৩ পদটো পঢ়ক।] এই আলোচনীখনত উল্লেখ কৰা ‘এখন সুখী জগতৰ মাপকাঠী’ নামৰ প্ৰবন্ধটোৱে এইটো কৈছে যে কেনেকৈ এইবোৰ অতি সোনকালে সমাধান হʼব।”
প্ৰহৰীবুৰুজ অক্টো. ১
“অতীতৰ তুলনাত আজিৰ সময়ত লʼৰা-ছোৱালীক প্ৰতি-পালন কৰাটো কঠিন বুলি ভাবিছেনে?” উত্তৰৰ বাবে ক্ষন্তেক ৰওঁক আৰু যদি গৃহস্থৰ উত্তৰ সঠিক হয়, তেনেহʼলে এইদৰে কওঁক: “ইয়াৰ মুখ্য কাৰণটো হৈছে আমি ‘শেষ-কালত’ জীয়াই আছোঁ [২ তীমথিয় ৩:১, ২ পদটো পঢ়ক।] এই আলোচনীখনত উল্লেখ কৰা প্ৰবন্ধটোৱে দেখুৱাইছে যে কেনেকৈ পিতৃ-মাতৃয়ে বৰ্তমান সময়টো তেওঁলোকৰ লʼৰা-ছোৱালীক সঠিকভাৱে প্ৰতি-পালন কৰিব পাৰে।”
প্ৰহৰীবুৰুজ অক্টো. ১
“আপুনি বিবেচনা কৰেনে যে এনে এজন ঈশ্বৰ আছে, যিজনে আমাক প্ৰেম কৰে? [উত্তৰৰ বাবে অলপ ৰওঁক।] লক্ষ্য কৰক যে ইয়াত আমাৰ সৃষ্টিকৰ্ত্তাৰ বিষয়ে কি কৈছে। [গীতমালা ২৭:১০ পদটো পঢ়ক।] এই সংখ্যাৰ আলোচনীখনত দিয়া দুটা প্ৰবন্ধই আমাক ঈশ্বৰৰ প্ৰেমত থাকিবলৈ সহায় কৰিব।”
প্ৰহৰীবুৰুজ অক্টো. ১
“আমি সম্মুখীন হোৱা সকলোতকৈ মুখ্য সমস্যাটোৰ বিষয়ে আপুনি কি ভাবে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওঁক।] এই সমস্যাসমূহৰ পশ্চাতভূমিত কোন আছে এই বিষয়ে লক্ষ্য কৰক। [যোহন ৫:১৯ পদটো পঢ়ক।] যিহেতু এই আলোচনীখনে কৈছে যে এই দুষ্ট জগতখনৰ অন্ত একেবাৰে কাষ চাপি আহিল, মই নিশ্চত যে আপুনি এই আলোচনীখন পঢ়ি নিশ্চয়ে আনন্দিত হʼব।”