আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?
প্ৰহৰীবুৰুজ অক্টো. ১
“আমাৰ চাৰিওফালে হৈ থকা যুদ্ধ, অপৰাধ আৰু সন্ত্ৰাসবাদৰ কাৰ্য্যৰ কেতিয়াবা অন্ত হʼব বুলি বহুতে সন্দেহ কৰে। আপুনি এই বিষয়ে কি ভাবে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] বাইবেলে এই বিষয়ে সান্ত্বনাদায়ক আশ্বাস প্ৰদান কৰিছে। [গীতমালা ৩৭:১০, ১১ পদটো পঢ়ক।] এই আলোচনীখনে বৰ্ণনা কৰিছে যে কিয় ঈশ্বৰে এতিয়ালৈকে দুষ্টতা আৰু ক্লেশ ভূগী থকা কাৰণসমূহক অস্থায়ীভৱে বিদ্যমান হʼবলৈ অনুমতি দিছে।”
সচেতন! অক্টো ২২
“আপুনি ভাবেনে যে ধৰ্ম্মীয় নেতাসকলে কৰা প্ৰাৰ্থনাই এই জগতত শান্তি আনিব পাৰিব?” [উত্তৰৰ বাবে খন্তেক ৰওক।] বাইবেলে এনে এটা সময়ৰ বিষয়ে উল্লেখ কৰিছে যি সময়ত গোটেই জগতত শান্তি হʼব। [যিচয়া ৯:৬, ৭.] ইয়াত আপুনি লক্ষ্য কৰিব পাৰিছেনে যে এজন বিশেষ ধৰণৰ শাসকে গোটেই পৃথিৱীত শান্তি স্থাপন কৰিব? এই সংখ্যাৰ সচেতন! আলোচনীখনে দেখুৱাইছে সেই শাসকজন কোন আৰু বৰ্ণনা কৰিছে যে তেওঁ কেনেকৈ শান্তি স্থাপন কৰিব?”
প্ৰহৰীবুৰুজ অক্টো. ১
“আপুনি বিশ্বাস কৰেনে যে বৰ্তমান জগতত চলি থকা সকলোবোৰ দুষ্টতাৰ পিছত এটা দুষ্ট শক্তি আছে? [উত্তৰৰ বাবে অলপ ৰওক, ১ যোহন ৫:১৯ পদটো পঢ়ক আৰু আলোচনীৰ ২০ পৃষ্ঠা খুলি দেখুৱাওক।] এই আলোচনীখনে প্ৰকাশ কৰিছে যে সেই দুষ্ট শক্তি কোন আৰু আমি কেনেকৈ নিজকে তাৰ ফান্দৰ পৰা ৰক্ষা কৰিব পাৰোঁ। মই নিশ্চিত যে আপুনি এই আলোচনীখন পঢ়ি নিশ্চয়ে আনন্দিত হʼব।”
সচেতন! নবে. ৮
“বাইবেলৰ ভৱিষ্যতবাণীসমূহে দেখুৱাইছে যে এনে এটা সময় আহিব, যʼত কোনোৱে ‘মই নৰিয়া’ বুলি নকব। [যিচয়া ৩৩:২৪.] সেইটো সঁচাকৈ এটা আনন্দৰ দিন নহʼবনে বাৰু? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] যিহেতু বৰ্তমান মানুহে বিভিন্ন ৰোগ, এইড্চৰ দ্বাৰা আক্ৰান্ত হৈছে। এই মাহৰ সচেতন! নামৰ আলোচনীখনে এই প্ৰশ্নৰ উত্তৰ দিছে, যʼত এইদৰে প্ৰশ্ন কৰা হৈছে যে এইড্চ ৰোগীসকল কেতিয়াবা সুস্থ হʼবনে?”