আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?
প্ৰহৰীবুৰুজ অক্টোবৰ ১
“আমি সকলোকে এই প্ৰশ্নটো সুধিছোঁ, ‘ঈশ্বৰ যদি প্ৰেমময় আৰু শক্তিশালী ব্যক্তি হয় তেন্তে বৰ্তমান সময়ত দুখ-কষ্ট ভুগী থকা সকলক ৰক্ষা কৰিবলৈ কিয় হস্তক্ষেপ নকৰে?’ [উত্তৰৰ বাবে অলপ ৰওক।] অতি শীঘ্ৰেই তেওঁ সকলোবোৰ সমস্যাৰ অন্ত কৰিব। [যিচয়া ৬৫:১৭ পদটো পঢ়ক।] এই আলোচনীখনে দেখুৱাইছে যে ঈশ্বৰে বৰ্তমান সময়ছোৱাত আমি ভুগী থকা দুখ-কষ্টবোৰক কেৱল সাধাৰণভাৱে লক্ষ্যই কৰিছে, এনে নহয়।”
সচেতন! অক্টোবৰ ২২
“আপুনি লক্ষ্য কৰিব পাৰিছেনে যে বৰ্তমান সময়ত আমি বিজাণুবোৰক আগতকৈও অধিকভাৱে চিকিৎসা প্ৰণালীৰে প্ৰতিৰোধ কৰিবলগীয়া হৈছে? [উত্তৰৰ বাবে অলপ ৰওক।] এই আলোচনীখনে তাৰ কাৰণসমূহ আৰু আমি নিজকে কেনেকৈ সেইবোৰৰ পৰা প্ৰতিৰক্ষা কৰিব পাৰোঁ সেই বিষয়ে পৰামৰ্শ দিছে। তদুপৰি বাইবেলত এইদৰেও প্ৰতিজ্ঞা কৰিছে যে এনে এখন জগত আহিব যʼত কোনো এজনেও মই নৰিয়া বুলি নকʼব।” যিচয়া ৩৩:২৪ পদটো পঢ়ক।
প্ৰহৰীবুৰুজ অক্টোবৰ ১
“যুৱক-যুৱতীসকলে বৰ্তমান সময়ত কেনে ধৰণৰ নিৰ্দ্দেশনা গ্ৰহণ কৰিছে সেই বিষয়ে পিতৃ-মাতৃয়ে চিন্তিত হৈ পৰিছে বুলি আপুনি মান্তি নহʼবনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] বাইবেলে কৈছে যে কি ভাল আৰু কি বেয়া তাৰ বিষয়ে লʼৰা-ছোৱালীক শিক্ষা আৰু ইফিচীয়া ৬:৪ পদত উল্লেখ কৰা নিৰ্দ্দেশনা প্ৰদান কৰাটো হৈছে পিতৃ-মাতৃৰ কৰ্তব্য। [পদটো পঢ়ক আৰু ২৩ পৃষ্ঠাত দিয়া চিত্ৰখন দেখুৱাউক।] এই লেখটোৱে তেনে প্ৰশিক্ষণ দিয়াৰ মূল্যাঙ্কনৰ বিষয়ে বৰ্ণনা কৰিছে।
সচেতন! নবেম্বৰ ৮
“খাৰুৱা তেলৰ পৰা উৎপন্ন হোৱা বস্তুৱে আমাৰ জীৱনৰ সকলো ক্ষেত্ৰতে প্ৰভাৱ পেলাইছে। আপুনি কেতিয়াবা এইদৰে ভাবি আচৰিত হৈছেনে যে সেইবোৰৰ অবিহনে আমাৰ জীৱন কি হʼব? [উত্তৰৰ বাবে অলপ ৰওক।] এই আলোচনীখনত বৰ্ণনা কৰা হৈছে যে কেনেকৈ খাৰুৱা তেলে আধুনিক সমাজত এক প্ৰমুখ স্থান অধিকাৰ কৰিলে। তদুপৰি ইয়াত এইটোও কোৱা হৈছে যে এদিন এই খাৰুৱা তেল শেষ হৈ যাব বুলি আমি ভয়ভিত হোৱা উচিত নহয়।”