আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?
প্ৰহৰীবুৰুজ অক্টোবৰ ১
“আপুনি ভাবেনে যে ভৌতিকবাদে লোকসকলৰ আধ্যাত্মিক আৱশ্যকতাক হ্ৰাস কৰিছে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক আৰু লেখটোৰ ১২ পৃষ্ঠা খুলক।] এই লেখটোত বৰ্ণনা কৰা হৈছে যে কেনেকৈ আধ্যাত্মকি আৱশ্যকতা আৰু ভৌতিক আৱশ্যকতাৰ মাজত ভাৰসাম্য বজাই ৰাখিব পাৰি।”—২ কৰিন্থীয়া ৫:৭.
সচেতন! অক্টোবৰ ২২
প্ৰায়ে প্ৰত্যেকদিনা লোকসকলে বাতৰিকাকত পঢ়ি আনন্দ উপভোগ কৰে। আপুনি ভাবেনে যে আমি বাতৰিকাকতত দিয়া সংবাদবোৰ বিশ্বাস কৰিব পাৰোঁ? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই সংখ্যাৰ সচেনত! আলোচনীখনত, বাতৰিকাকত পঢ়ি কেনেকৈ লাভৱান হʼব পাৰি, সেই বিষয়ে পৰামৰ্শ দিয়া হৈছে। তদুপৰি ইয়াত লʼবলগীয়া সাৱধানতাৰ বিষয়েও কৈছে।” হিতোপদেশ ১৪:১৫ পদটো পঢ়ক।
প্ৰহৰীবুৰুজ নবেম্বৰ ১
“বহুতো লোকে জগতৰ অন্যায়ত ভোগীবলগীয়া হৈছে। আপুনি ভাবেনে যে কোনোবাই বাস্তৱতে জগতৰ অৱস্থাক সলনি কৰিব? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই আলোচনীখনত জগতৰ অৱস্থাৰ পৰিৱৰ্তনৰ পথত থকা বাধাসমূহৰ বিষয়ে বিবেচনা কৰা হৈছে। তদুপৰি ইয়াত এইটোও কোৱা হৈছে যে, কোনে এইবোৰক সমাধান কৰি জগতত শান্তি আৰু নিৰাপত্তা স্থাপন কৰিব।”—গীতমালা ৭২:১২-১৪.
সচেতন! নবেম্বৰ ৮
“বিশ্বজুৰি ধনী আৰু দুখীয়াৰ মাজত এক বৃহৎ প্ৰভেদতা আছে। এই প্ৰভেদতা আঁতৰ কৰিবলৈ কোনো উপায় আছে বুলি আপুনি ভাবেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক আৰু তাৰ পিছত মথি ৬:৯, ১০ পদটো পঢ়ক।] এই আলোচনীখনত কোৱা হৈছে যে, ঈশ্বৰৰ ৰাজ্যই বৰ্তমান সময়ত মানৱজাতীয়ে সম্মুখীন হোৱা সকলো ধৰণৰ দুখ-কষ্ট আঁতৰ কৰিব বুলি আমি কিয় ভাৰসা ৰাখিব পাৰোঁ।”