আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?
প্ৰহৰীবুৰুজ নবে. ১
নতুন ট্ৰেক্টখন গৃহস্থক দিয়াৰ পাছত, তেওঁক এইদৰে সুধক: “লোকবিলাকে এনে বেয়া কাৰ্য্য কিয় কৰে? আমি সকলোৱে ভাল কি বেয়া কি তাক জানোঁ, অথচ তেতিয়াও লোকবিলাকে বেয়া কাৰ্য্য কৰে। তেওঁলোকে এনে কিয় কৰে? [উত্তৰ পোৱাৰ পাছত প্ৰকাশিত বাক্য ১২:৯ পদটো পঢ়ক।] এই আলোচনীখনে বৰ্ণনা কৰিছে যে কেনেকৈ আমি আমাৰ বিবেকক ৰক্ষা কৰিব পাৰোঁ।”
প্ৰহৰীবুৰুজ নবে. ১
“প্ৰায়ে লোকসকলে আপত্তি কৰি কয় যে টিভি, বিশেষকৈ কেবল্ চেনেলত অহা কাৰ্য্যক্ৰমে আমাৰ লʼৰা-ছোৱালীক বেয়ালৈ পৰিচালিত কৰিছে। আপুনি এই কথাটো সত্য বুলি স্বীকাৰ কৰেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওঁক।] তেওঁলোকৰ মনত যি বাহ লয়, সেইবোৰে তেওঁলোকক প্ৰভাৱিত কৰে। [গালাতীয়া ৬:৭ পদটো পঢ়ক।] আমি সেই সৰু লʼৰা-ছোৱালীবোৰৰ মন আৰু বিবেকক কেনেকৈ উত্তমৰূপে প্ৰশিক্ষণ দিব পাৰোঁ? এই আলোচনীখনে ইয়াৰ বিষয়ে ব্যাখ্যা কৰিছে।”
প্ৰহৰীবুৰুজ নবে. ১
“বৰ্তমান সময়ত মানুহবিলাকক অলপ কথাতেই খং উঠাটো আপুনি দেখিছেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওঁক।] যীচু এজন সহনশীল ব্যক্তি হিচাপে সকলোৰে পৰিচিত আছিল। [১ পিতৰ ২:২৩ পদটো পঢ়ক।] তদুপৰি, তেওঁ শিষ্যসকলক ‘আনখন গালো পাতি দিবলৈ’ শিকাইছিল। আপুনি এই পৰামৰ্শটো বৰ্তমান সময়ৰ বাবে ব্যৱহাৰিক বুলি ভাবেনে?” গৃহস্থই দিয়া উত্তৰক মনোযোগেৰে শুনক আৰু আলোচনীখনৰ ১৩-১৮ পৃষ্ঠাত দিয়া বিষয়টোক উল্লেখ কৰি আলোচনীখন গৃহস্থক দিয়ক।
প্ৰহৰীবুৰুজ নবে. ১
“বৰ্তমান সময়ত এই জগতত বৃদ্ধি হোৱা দুষ্টতাক লক্ষ্য কৰি বহুতে ইয়াক ‘কলি’ যুগ বুলি কয়। আপুনিও তেনেদৰে বিবেচনা কৰেনে? [উত্তৰৰ বাবে অলপ ৰওঁক।] প্ৰাচীন সময়ত ঈশ্বৰে দুষ্টলোকসকলক জলপ্লাৱনৰ যোগেদি ধ্বংস কৰিছিল। অনুগ্ৰহ কৰি চাওঁক যে বাইবেলে সেই সময়ৰ বিষয়ে কি বৰ্ণনা কৰিছে। [আদিপুস্তক ৬:৫ আৰু ৮ পদটো পঢ়ক।] ইয়াত আপুনি লক্ষ্য কৰিলেনে যে নোহে ঈশ্বৰৰ অনুসাৰে কাৰ্য্য কৰি তেওঁক সন্তুষ্টি কৰিলে আৰু সেই জলপ্লাৱনৰ পৰা ৰক্ষা পালে? আলোচনীখনত দিয়াত এই লেখ খনে [আলোচনীখনৰ ৩০ পৃষ্ঠা খুলি দেখুৱাওক।] বৰ্ণনা কৰিছে যে কিয় আৰু কেনেকৈ আজি আমি নোহৰ দৰে কৰিব পাৰোঁ।”