আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?
প্ৰহৰীবুৰুজ এপ্ৰিল ১
“লোকসকলে যিয়ে স্থানত বাস নকৰক কিয়, তেওঁলোকে নিজৰ সুৰক্ষা, এটা ভাল চাকৰিৰ প্ৰতি আগ্ৰহী। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে ভৱিষ্যতে আপোনাৰ জীৱনটোক চিৰকালৰ বাবে নিৰাপত্তা প্ৰদান কৰিবলৈ স্থায়ী নিৰাপত্তাৰ উৎস কি? [গীতমালা ১৬:৮, ৯ পদটো পঢ়ক।] এই সংখ্যাৰ প্ৰহৰীবুৰুজ আলোচনীখনত আপুনি প্ৰকৃত নিৰাপত্তাৰ কাৰণসমূহ বিচাৰি পাব।”
প্ৰহৰীবুৰুজ এপ্ৰিল ১
“বৰ্তমান সময়ত লোকসকলে নিজ ঈশ্বৰৰ পৰা অপেক্ষা কৰে যে তেওঁলোকৰ বাবে তেওঁ যাতে কোনো কাৰ্য্য বা সহায় কৰে। কিন্তু আপুনি ব্যক্তিগতভাৱে কেতিয়াবা বিবেচনা কৰিছেনে যে আপুনি ঈশ্বৰৰ বাবে কি কৰিব পাৰে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওঁক।] বাইবেলে কৈছে আমি প্ৰকৃত ঈশ্বৰলৈ সেৱা আগবঢ়োৱা আৱশ্যক। [গীতমালা ৫৭:৭ পদ পঢ়ক।] এই সংখ্যাৰ প্ৰহৰীবুৰুজ আলোচনীখনে বৰ্ণনা কৰিছে আমি কেনেকৈ স্থিৰ হৃদয়েৰে ঈশ্বৰক সেৱা কৰিব পাৰোঁ।”
প্ৰহৰীবুৰুজ এপ্ৰিল ১
“আপুনি হয়তো লোকসকলে এইদৰে কোৱা শুনিছে: ‘নিয়ম ভাঙিবলৈহে বনোৱা হয়।’ আপুনি তেনে বিবৃতিৰ সৈতে সন্মত নে? [উত্তৰৰ বাবে অলপ অপেক্ষা কৰক।] বাইবেলে আমাক ঈশ্বৰৰ নিয়মসূহৰ প্ৰতি আজ্ঞাকাৰী হোৱাৰ লাভসমূহক বৰ্ণনা কৰিছে। [গীতমালা ১১৯:৭২ পদটো পঢ়ক।] এই প্ৰহৰীবুৰুজ আলোচনীখনে বৰ্ণনা কৰিছে ঈশ্বৰৰ ব্যৱস্থাসমূহক পালন কৰাটো কিয় বুদ্ধিমান আৰু আনন্দৰ কাৰ্য্য।”
প্ৰহৰীবুৰুজ এপ্ৰিল ১
“আপুনি কেতিয়াবা ভাবি আঁচৰিত হৈছেনে যে আপোনাৰ জীৱনটোক কেনেকৈ উত্তমৰূপে মাৰ্গ-দৰ্শন আৰু উচিত নিৰ্ণয় লʼবলৈ পৰিচালিত কৰিব পাৰি? [উত্তৰ বাবে ক্ষন্তেক ৰওঁক।] বাইবেলত কিছুমান উত্তম মাৰ্গ-দৰ্শন দিয়া হৈছে, যেনে, সোণালী নিয়ম। [মথি ৭:১২ পদটো পঢ়ক।] আন কেনে ঈশ্বৰীয় সিদ্ধান্তসমূহৰ পৰা আমি পোনপটীয়াকৈ লাভবান হʼব পাৰোঁ? এই প্ৰশ্নৰ উত্তৰ আপুনি এই আলোচনীখনত পাব পাৰে।”