কোনো আত্মীয় ব্যক্তি বহিষ্কৃত হোৱাত খ্ৰীষ্টান বিশ্বস্ততা বজাই ৰখা
১ পৰিয়ালৰ মাজত থকা বান্ধোন অতি শক্তিশালী হʼব পাৰে। গতিকে যেতিয়া কোনো এজন বিবাহ সঙ্গী, সন্তান, পিতৃ বা মাতৃ আৰু কোনো সম্বন্ধীয়া ব্যক্তিক মণ্ডলীৰ পৰা বহিষ্কৃত বা নিজে সমাজচ্যুত কৰে তেতিয়া এনে পৰিয়ালৰ বান্ধোনে এজন খ্ৰীষ্টান ব্যক্তিক কঠিন পৰীক্ষাত পেলাব পাৰে। (মথি ১০:৩৭) তেনে অৱস্থাত এজন আনুগত্য খ্ৰীষ্টানে কেনেকৈ সেই বহিষ্কৃত বা নিজে সমাজচ্যুত কৰা ব্যক্তিজনৰ সৈতে আচৰণ কৰা উচিত? যদি ব্যক্তিজনে একেখন ঘৰত বাস কৰে, তেন্তে তেওঁৰ প্ৰতি আপোনাৰ আচাৰ-ব্যৱহাৰ বেলেগ হোৱা উচিতনে? প্ৰথমতে, আঁহক আমি পৰীক্ষা কৰি চাওঁহঁক যে এই বিষয়ে বাইবেলীয় দৃষ্টিকোণ কি, যিটো বহিষ্কৃত বা নিজে সমাজচ্যুত কৰা উভয়তে প্ৰযোজ্য হয়।
২ বহিষ্কৃত ব্যক্তিসকলৰ সৈতে কেনে ব্যৱহাৰ কৰা উচিত: যিজন ব্যক্তিক মণ্ডলীৰ পৰা বহিষ্কৃত কৰা হৈছে, তেওঁৰ সৈতে কোনো প্ৰকাৰৰ সঙ্গতি ৰখাৰ পৰা আঁতৰি থাকিবলৈ ঈশ্বৰৰ বাক্যই নিৰ্দ্দেশ দি এনেদৰে কৈছে: “কিন্তু ভাই বুলি খ্যাত হোৱা কোনো মানুহ যদি ব্যভিচাৰী, লুভীয়া, দেৱপূজক, নিন্দক, মতলীয়া, বা অপহাৰক হয়, তেন্তে তেওঁৰে সৈতে আলাপ-ব্যৱহাৰ, এনে কি, খোৱা বোৱাও নকৰিবা বুলিহে লিখিছিলোঁ। . . তোমালোকৰ মাজৰ পৰা সেই পাপিষ্ঠক বাহিৰ কৰা।” (১ কৰি. ৫:১১, ১৩) তদুপৰি, সেই বিষয়ে মথি ১৮:১৭ পদত পোৱা যীচুৰ বাক্যই এনেদৰে কৈছে: “[বহিষ্কৃতজন] তোমালৈ পৰজাতি আৰু কৰতোলাৰ নিচিনা হওক।” যীচুৰ শ্ৰোতাসকলে জানিছিল যে সেই সময়ৰ ইহুদীসকলে অন্য জাতিৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাৰাখিছিল আৰু কৰতোলা ব্যক্তিবিলাকক এঘৰীয়া বুলি ভাবিছিল। সেয়েহে যীচুৱে তেওঁৰ অনুগামীসকলক বহিষ্কৃত ব্যক্তিবিলাকৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দ্দেশ দিছিল।—ছেপ্টেম্বৰ ১৫, ১৯৮১ চনৰ প্ৰহৰীবুৰুজ, ১৮-২০ পৃষ্ঠাত চাওক।
৩ ইয়াৰ অৰ্থ হৈছে এজন আনুগত্য খ্ৰীষ্টানে মণ্ডলীৰ পৰা বহিষ্কৃত হোৱা ব্যক্তিজনৰ সৈতে আধ্যাত্মিক বিষয়বোৰত কোনো ধৰণৰ সম্বন্ধ নৰখাটোৱেই যথেষ্ট নহয় কিন্তু তাতকৈও অধিক সন্মিলিত আছে। ঈশ্বৰৰ বাক্যই স্পষ্টকৈ বৰ্ণনা কৰিছে যে ‘তেনে ব্যক্তিৰ সৈতে খোৱা বোৱাও কৰা উচিত নহয়।’ (১ কৰি. ৫:১১) সেয়েহে আমি বহিষ্কৃত ব্যক্তিৰ সৈতে সামাজিকভাৱে সঙ্গতি কৰাটো উচিত নহয়। যেনে, তেওঁৰ সৈতে খেল-ধেমালী কৰা, চিনেমা বা পাৰ্টিলৈ যোৱা, বনভোজ, ঘৰত বা হোটেলত একেলগে বহি আহাৰ কৰাৰ পৰা আঁতৰি থকা।
৪ তেওঁৰ সৈতে কথা-বতৰা হোৱাৰ বিষয়ে কি? যদিও বাইবেলত প্ৰত্যেকটো বিষয় বিস্তাৰিতভাৱে ব্যাখ্যা কৰা নাই, তথাপিও ২ যোহন ১০ পদত এই বিষয়ে ঈশ্বৰৰ দৃষ্টিভঙ্গী দাঙি ধৰি এইদৰে কৈছে: “কোনোৱে যদি সেই উপদেশ নলৈ তোমালোকৰ ওচৰলৈ যায়, তেন্তে তেওঁক ঘৰত গ্ৰাহ্য নকৰিবা, আৰু মঙ্গল হওক বুলি তেওঁক নকবা।” এই সন্দৰ্ভে ছেপ্টেম্বৰ ১৫, ১৯৮১ চনৰ প্ৰহৰীবুৰুজৰ ২৫ পৃষ্ঠাত এনেদৰে মন্তব্য দিছে: “কেৱল ‘নমস্কাৰ’ বুলি কোৱাটো হয়তো তেওঁৰ সৈতে কথা-বতৰা হোৱা আৰু বন্ধুত্ব গঢ়ি তুলাৰ প্ৰথম পদক্ষেপ হʼব পাৰে। তেনে বহিষ্কৃত ব্যক্তিজনৰ সৈতে প্ৰথম পদক্ষেপ লʼবলৈ ইচ্ছা কৰিমনে?
৫ সেই একেই প্ৰহৰীবুৰুজ খনৰ ৩১ পৃষ্ঠাত এইদৰে বৰ্ণনা কৰিছে: “প্ৰকৃততে যেতিয়া এজন খ্ৰীষ্টানে নিজকে পাপৰ দাসত্ব হʼবলৈ এৰি দি বহিষ্কৃত হয় তেতিয়া তেওঁক বহুতো অধিকাৰৰ পৰা বঞ্চিত কৰা হয়: যেনে, ঈশ্বৰৰ সম্মুখত থিয় হʼব নোৱাৰা; . . . ভাই-ভনীসকল আৰু তেওঁৰ খ্ৰীষ্টান সম্বন্ধীয়া লোকৰ সৈতে সঙ্গতি কৰিব নোৱাৰা।”
৬ এজন পৰিয়ালৰ সদস্যৰ সৈতে কৰা আচৰণ: কিন্তু ইয়াৰ অৰ্থ এইটো নে যে বহিষ্কৃত কৰা পৰিয়ালৰ সদস্যৰ সৈতে আমি খোৱা-বোৱা, কথা-বতৰা বা দৈনন্দিন কাৰ্য্যত ভাগ লোৱাৰ পৰা আঁতৰি থকা উচিত? এই বিষয়ে এপ্ৰিল ১৫, ১৯৯১ চনৰ প্ৰহৰীবুৰুজ, ২২ পৃষ্ঠাৰ ফোটনোটত এনেদৰে ব্যাখ্যা কৰিছে: “যদি এজন খ্ৰীষ্টান পৰিয়ালৰ সদস্যই বহিষ্কৃত হৈছে তেন্তে তেওঁৰ সৈতে দৈনন্দিন কাৰ্য্যত ভাগ লোৱা আৰু কথা-বতৰা হোৱাটো বন্ধ কৰা উচিত নহয়।” এই সকলোবোৰ পৰিয়ালৰ সদস্যসকলৰ ওপৰত নিৰ্ভৰ কৰে যে তেওঁলোকে তেওঁৰ লগত খোৱা-বোৱা আৰু আন দৈনন্দিন কাৰ্য্যবোৰত ভাগ লোৱাত কিমানলৈকে জড়িত হʼব। তথাপিও তেওঁলোকে সঙ্গতি কৰা আন ভাই-ভনীসকলক এনে প্ৰকাশ কৰিব নিবিচাৰিব যে তেওঁলোক এতিয়াও তেওঁৰ সৈতে পূৰ্বৰ দৰেই আচৰণ কৰিছে।
৭ ছেপ্টেম্বৰ ১৫, ১৯৮১ চনৰ প্ৰহৰীবুৰুজ, ২৮ পৃষ্ঠাত বহিষ্কৃত বা নিজে সমাজচ্যুত কৰা ব্যক্তিজনৰ বিষয়ে এইদৰে বৰ্ণনা কৰিছে: “পূৰ্বেই তেওঁৰ সৈতে ৰখা সকলো ধৰণৰ আধ্যাত্মিক সম্পৰ্ক নিষ্ক্ৰিয় হৈছে। এই কথাষাৰ এজন সম্বন্ধীয়া বা পৰিয়ালৰ সদস্যৰ সৈতেও একে। . . . ইয়াৰ অৰ্থ হৈছে সেই ব্যক্তিজনৰ সৈতে কোনো ধৰণৰ আধ্যাত্মিক সঙ্গতি বজাই ৰখা আৱশ্যক নহয়। উদাহৰণস্বৰূপে, যদি স্বামীজন বহিষ্কৃত হৈছে তেন্তে ভাৰ্য্যা আৰু লʼৰা-ছোৱালীয়ে তেওঁৰ সৈতে পৰিয়াল অধ্যয়ন আৰু বাইবেল পাঠ কৰা বা প্ৰাৰ্থনাত ভাগ নলব। যদি ঘৰত তেওঁ ভোজনৰ সময়ত পৰিয়ালৰ হৈ প্ৰাৰ্থনা কৰিব বিচাৰে তেন্তে তেনে কৰাৰ বাবে তেওঁৰ অধিকাৰ আছে। কিন্তু পৰিয়ালৰ আন সদস্যবিলাকে হʼলে ব্যক্তিগতভাৱে নিজৰ মনত প্ৰাৰ্থনা কৰিব পাৰে। (গীত. ১১৯:১৪৫, ১৪৬; হিতো. ২৮:৯) যদি এজন বহিষ্কৃত ব্যক্তিয়ে পৰিয়াল বাইবেল অধ্যয়নত বা বাইবেল পাঠ কৰাত উপস্থিত হʼবলৈ ইচ্ছা কৰে তেন্তে কি? যদি তেওঁ শিকাবলৈ বা নিজৰ ধৰ্ম্মীয় বিশ্বাস আনৰ সৈতে প্ৰদান কৰিবলৈ চেষ্টা নকৰে তেন্তে তেওঁক উপস্থিত হʼবলৈ অনুমতি দিব পাৰে।”
৮ যদি এটা নাবালক লʼৰা বা ছোৱালীয়ে বহিষ্কৃত হয় তেন্তে তেওঁক প্ৰতিপালন কৰাটো তেতিয়াও খ্ৰীষ্টান পিতৃ-মাতৃৰ দায়িত্ব। নম্বেবৰ ১৫, ১৯৮৮ চনৰ প্ৰহৰীবুৰুজ, ২০ পৃষ্ঠাত কৈছে: “যিদৰে তেওঁক একেৰাহে আহাৰ, বস্ত্ৰ আৰু আশ্ৰয় প্ৰদান কৰা হয়, ঠিক সেইদৰে তেওঁলোকে ঈশ্বৰৰ বাক্যৰ অনুসাৰে তেওঁক শিক্ষা আৰু অনুশাসন দিয়া আৱশ্যক। (হিতো. ৬:২০-২২; ২৯:১৭) যদিও তেওঁ বা তাই বহিষ্কৃত তথাপিও প্ৰেমময় পিতৃ-মাতৃয়ে তেওঁ বা তাইৰ সৈতে গৃহ বাইবেল অধ্যয়ন কৰিবলৈ ব্যৱস্থা কৰিব পাৰে। তেনে লʼৰা-ছোৱালীয়ে হয়তো তেওঁ বা তাইৰ সৈতে কৰা অকলশৰীয়া অধ্যয়নৰ পৰা নিজকে সংশোধন কৰিবলৈ অধিক সহায় লাভ কৰিব পাৰে। নতুবা তেওঁলোকে তেওঁ বা তাই নিয়মীয়াকৈ পৰিয়ালৰ অধ্যয়নত উপস্থিত হোৱাৰ বিষয়ে নিৰ্ণয় লʼব পাৰে।”—অক্টোবৰ ১, ২০০১ চনৰ প্ৰহৰীবুৰুজ, ১৬-১৭ পৃষ্ঠাত চাওক।
৯ একেখন ঘৰত বাস নকৰা আন আত্মীয় ব্যক্তিৰ সৈতে কৰা আচৰণ: এপ্ৰিল ১৫, ১৯৮৮ চনৰ প্ৰহৰীবুৰুজৰ, ২৮ পৃষ্ঠাত এনেদৰে বৰ্ণনা কৰিছে: “যদি বহিষ্কৃত সম্বন্ধীয়া ব্যক্তিজন একেখন ঘৰত বাস নকৰে, তেন্তে তেওঁৰ সৈতে কোনো সম্বন্ধ নৰখাটো হয়তো সম্ভৱ হʼব পাৰে। যদিও তেওঁৰ সৈতে কোনো পৰিয়ালৰ বিষয়ত যোগযোগ কৰিবলগীয়া হয়, তথাপিও সেই যোগাযোগ সীমিত হোৱা উচিত,” কিয়নো ঈশ্বৰৰ বাক্যৰ অনুসাৰে অনুতাপ নকৰা বিপথে যোৱা “কোনো মানুহৰ সৈতে আলাপ-ব্যৱহাৰ” কৰাও উচিত নহয়। (১ কৰি. ৫:১১) গতিকে আনুগত্য খ্ৰীষ্টানসকলে তেনে সম্বন্ধীয়া লোকসকলৰ সৈতে কেৱল ব্যৱসায়ৰ সম্বন্ধে একেবাৰে সীমিত যোগাযোগ কৰি অনাৱশ্যকীয়ভাৱে সঙ্গতি কৰাৰ পৰা আঁতৰি থকা আৱশ্যক।—ছেপ্টেম্বৰ ১৫, ১৯৮১ চনৰ প্ৰহৰীবুৰুজ, ২৯-৩০ পৃষ্ঠাত চাওক।
১০ সেই প্ৰহৰীবুৰুজ আলোচনীখনে হʼবলগীয়া আন এক পৰিস্থিতিৰ বিষয়ে এইদৰে কৈছে: “ঘৰখনত থাকিব নিবিচাৰা এজন বহিষ্কৃত পুত্ৰ, পিতৃ বা মাতৃয়ে যদি পুনৰাই ঘৰলৈ উভটি আহিব বিচাৰে তেন্তে কি কৰিব পাৰি? পৰিস্থিতিটোৰ ওপৰত নিৰ্ভৰ কৰি পৰিয়ালৰ সদস্যই কোনো সিদ্ধান্ত লব পাৰে। উদাহৰণস্বৰূপে, এজন বহিষ্কৃত পিতৃ বা মাতৃয়ে অসুস্থ বা নিজকে আৰ্থিক অথবা শাৰীৰিকৰূপে চোৱা-চিতা কৰাত অক্ষম হʼব পাৰে। তেওঁলোকক চোৱা-চিতা কৰাটো খ্ৰীষ্টান লʼৰা-ছোৱালীৰ শাস্ত্ৰীয় আৰু নৈতিক দায়িত্ব। (১ তীম. ৫:৮) . . . যি কৰা হʼব এই সকলোবোৰ পিতৃ বা মাতৃৰ প্ৰকৃত আৱশ্যকতা, মুখিয়ালৰূপে তেওঁৰ মনোবৃত্তি আৰু বৰ্তমান পৰিয়ালৰ আধ্যাত্মিক কল্যাণৰ ওপৰত নিৰ্ভৰ কৰে।”—ছেপ্টেম্বৰ ১৫, ১৯৮১ চনৰ প্ৰহৰীবুৰুজ, ২৮-৯ পৃষ্ঠাত চাওক।
১১ এটা নাবালক সন্তানৰ বিষয়ে আগলৈ সেই লেখটোত এইদৰে কোৱা হৈছে: “কেতিয়াবা খ্ৰীষ্টান পিতৃ-মাতৃসকলে সেই বহিষ্কৃত সন্তানটিৰ শাৰীৰিক আৰু আৱেগীক দিশত চোৱা-চিতা কৰিবলৈ পুনৰাই ঘৰলৈ উভটি আহিবলৈ অনুমতি দিয়ে। কিন্তু প্ৰত্যেকটো ক্ষেত্ৰতে পিতৃ-মাতৃসকলে ব্যক্তিজনৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি তেনে নিৰ্ণয় লʼব পাৰে। বহিষ্কৃত পুতেকে ঘৰৰ পৰা পৃথকে বাস কৰিছে আৰু এতিয়া সি নিজকে চোৱা-চিতা কৰিবলৈ অক্ষম হৈছেনে? নতুবা তেওঁ আৰামেৰে জীৱন-যাপন কৰাৰ উদ্দেশ্যেৰে ঘৰলৈ উভটি আহিব বিচাৰেনে? তেওঁৰ নৈতিকতা আৰু মনোবৃত্তিৰ বিষয়ে কি কব পাৰি? সি ঘৰখনৰ আধ্যাত্মিকতাক ‘খমিৰৰ’ দৰে নষ্ট কৰিব পাৰেনে?—গালা. ৫:৯.”
১২ ঈশ্বৰৰ প্ৰতি বিশ্বাসী হোৱাতো লাভজনক: বহিষ্কৃত ব্যক্তিৰ প্ৰতি থকা শাস্ত্ৰীয় দৃষ্টিভঙ্গীৰ সামঞ্জস্যত কাৰ্য্য কৰা আৰু অনুতাপ নকৰোঁতাসকলৰ পৰা আঁতৰি থকাটো হৈছে লাভদায়ক। এনে কৰাৰ দ্বাৰা মণ্ডলীৰ নৈতিক শুদ্ধতাক সংৰক্ষণ আৰু ঈশ্বৰৰ উচ্চ স্তৰসমূহ পালন কৰি আমি নিজকে তেওঁলোকৰ পৰা পৃথকে থকাৰ পৰিচয় দিওঁ। (১ পিত. ১:১৪-১৬) ইয়ে আমাক বেয়া প্ৰভাৱসমূহৰ পৰা আঁতৰি থাকিবলৈ সুৰক্ষা প্ৰদান কৰে। তদুপৰি, বহিষ্কৃত ব্যক্তিজনে পোৱা অনুশাসনৰ পৰা শিক্ষা লোৱা আৰু ধাৰ্ম্মিকতাৰ শান্তিযুক্ত ফল উৎপন্ন কৰিবলৈ সহায় কৰিব পাৰে।—ইব্ৰী. ১২:১১.
১৩ চাৰ্কিট সন্মিলনৰ এটা ভাষণ শুনাৰ পিছত বাপ্তিষ্মাপ্ৰাপ্ত ককায়েক আৰু ভনীয়েকে ছয় বছৰ ধৰি বহিষ্কৃত হোৱা নিলগত বাস কৰা মাকৰ সৈতে কৰা আচাৰ-ব্যৱহাৰত সাল-সলনি কৰাৰ বিষয়ে জানিব পাৰিলে। সন্মিলনৰ শেষ হোৱাৰ পিছত সেই ভাইজনে নিজৰ মাকক টেলিফোন কৰি মাকৰ প্ৰতি থকা তেওঁৰ প্ৰেমৰ আশ্বাস দি কয় যে পৰিয়ালৰ কোনো আৱশ্যকীয় বিষয় নোহোৱাকৈ তাইৰ সৈতে তেওঁ কথা নাপাতিব। তাৰ অলপ পিছতেই তেওঁৰ মাকে সভাসমূহত উপস্থিতি হʼবলৈ ধৰে আৰু শেষত পুনৰাই সত্যলৈ ঘূৰি আহে। তাইৰ সত্যত নথকা স্বামীয়েও বাইবেল অধ্যয়ন আৰম্ভ কৰে আৰু সময়ত তেওঁ বাপ্তিষ্মা লৈ এজন যিহোৱাৰ সাক্ষী হয়।
১৪ শাস্ত্ৰত উল্লখ কৰা অনুসাৰে বহিষ্কৃত ব্যৱস্থাক বিশ্বাসেৰে পালন কৰাৰ দ্বাৰা আমি যিহোৱাৰ প্ৰতি থকা আমাৰ প্ৰেম প্ৰকাশ আৰু ঈশ্বৰে তেওঁক ধিক্কাৰ দিয়া জনক উত্তৰ দিব পাৰিব। (হিতো. ২৭:১১) ইয়াৰ ফলস্বৰূপে আমি যিহোৱাৰ আশীৰ্ব্বাদৰ ভাগী হʼম। এই সন্দৰ্ভে ৰজা দায়ূদে এনেদৰে লিখিছিল: “মই তেওঁৰ বিধিবোৰ মোৰ পৰা দূৰ কৰা নাই; তুমি দয়ালু জনলৈ দয়া ব্যৱহাৰ কৰোঁতা।”—২ চমূ. ২২:২৩, ২৬.
[Study Questions]
১. এজন খ্ৰীষ্টান ব্যক্তিক কেনে পৰিস্থিতিত বিশ্বস্ততা বজাই ৰখাটো পৰীক্ষাৰ কাৰণ হʼব পাৰে?
২. বাইবেলৰ দৃষ্টিভঙ্গী অনুসাৰে বহিষ্কৃত ব্যক্তিজনৰ সৈতে এজন খ্ৰীষ্টানে কেনে আচৰণ কৰা উচিত?
৩, ৪. বহিষ্কৃত আৰু নিজে সমাজচ্যুত কৰা ব্যক্তিসকলৰ সৈতে কেনে ধৰণৰ সঙ্গতি কৰাটো নিষেধ বুলি উল্লেখ কৰিছে?
৫. এজন বহিষ্কৃত ব্যক্তিক কেনে ধৰণৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হয়?
৬. বহিষ্কৃত পৰিয়ালৰ সদস্যৰ সৈতে কোনো ধৰণৰ সম্বন্ধ নৰাখাটো এজন খ্ৰীষ্টান ব্যক্তিৰ বাবে উচিতনে? বৰ্ণনা কৰক।
৭. যেতিয়া পৰিয়ালৰ এজন সদস্য বহিষ্কৃত হয় তেতিয়া তেওঁৰ সৈতে থকা ঘৰৰ আন সদস্যসকলৰ আধ্যাত্মিক সম্পৰ্ক কেনেকৈ পৰিৱৰ্তন হয়?
৮. ঘৰত থকা নাবালক বহিষ্কৃত লʼৰা-ছোৱালীৰ প্ৰতি খ্ৰীষ্টান পিতৃ-মাতৃৰ দায়িত্ব কি?
৯. একেখন ঘৰত বাস নকৰা বহিষ্কৃত সম্বন্ধীয়া ব্যক্তিৰ সৈতে এজন খ্ৰীষ্টানে কিমানলৈকে সম্পৰ্ক ৰাখা উচিত?
১০, ১১. বহিষ্কৃত ব্যক্তিজনক ঘৰলৈ উভটি আহিবলৈ অনুমতি দিয়াৰ আগেয়ে এজন খ্ৰীষ্টানক কেনেবোৰ বিষয়ে বিবেচনা কৰা উচিত হʼব?
১২. বহিষ্কৃত কৰা ব্যৱস্থাৰ পৰা কেনে ধৰণে লাভৱান হʼব পাৰি?
১৩. এটা পৰিয়ালে কেনেধৰণৰ সাল-সলনি কৰিলে আৰু তাৰ কেনে উত্তম প্ৰতিফল পোৱা গʼল?
১৪. আমি কিয় বহিষ্কৃত কৰা ব্যৱস্থাৰ প্ৰতি বিশ্বস্ততা বজাই ৰখা উচিত?