যুৱক-যুৱতীসকল—ভৱিষ্যতৰ বাবে এক উত্তম আধাৰ প্ৰস্তুত কৰক
১ আপোনাৰ মনে কিহক প্ৰথম স্থান দিয়ে? সেই বিষয়ে আপুনি কি ভাবে? আপুনি বৰ্তমানে অস্তিত্বত থকা বস্তুসমূহক প্ৰথম স্থান দিয়েনে বা এই বস্তুবোৰে আপোনাক ঈশ্বৰে ভৱিষ্যতৰ বাবে কৰা প্ৰতিজ্ঞালৈ মনোনিৱেশ কৰিবলৈ পৰিচালিত কৰিবনে? (মথি ৬:২৪, ৩১-৩৩; লূক ৮:১৪) ঈশ্বৰৰ প্ৰতিজ্ঞাৰ অনুসাৰে কাৰ্য্য কৰিবলৈ দৃঢ় বিশ্বাসৰ আৱশ্যক যিটোক আমি অব্ৰাহাম আৰু মোচিয়ে ৰখা আৰ্হিত লক্ষ্য কৰিব পাৰোঁ। (ইব্ৰী ১১:৮-১০, ২৪-২৬) আপুনি তেনেধৰণৰ বিশ্বাস বিকাশিত কৰি কেনেকৈ “ভৱিষ্যতৰ বাবে এক উত্তম আধাৰ প্ৰস্তুত” কৰিব পাৰে?—১ তীম. ৬:১৯.
২ যিহোৱাক অনুসন্ধান কৰা: নিজৰ পৰিয়ালটোৰ সৈতে আধ্যাত্মিক কাৰ্য্যসমূহত ভাগ লোৱাৰ তালিকা যদি আপোনাৰ ওচৰত আছে তেন্তে সেইটো সঁচাকৈ এটা প্ৰশংসনীয় বিষয়। কিন্তু এনে এখন তালিকাই আপোনা-আপুনিকৈ দৃঢ় বিশ্বাস গঢ়ি তুলিব পাৰে বুলি কেতিয়াও অনুমান কৰা উচিত নহয়। “ঈশ্বৰবিষয়ক জ্ঞান” লাভ কৰিবলৈ আপুনি নিশ্চয়ে ব্যক্তিগতভাৱে যিহোৱাক অনুসন্ধান কৰা উচিত। (হিতো. ২:৩-৫; ১ বং. ২৮:৯) ডেকা বয়সীয়া ৰজা যোচিয়াও তেনেদৰে যিহোৱাক অনুসন্ধান কৰিছিল। তেওঁ আধ্যাত্মিক পৰিৱেশত ডাঙৰ-দীঘল নোহোৱাৰ স্বত্ত্বেও ১৫ বছৰ বয়সত “তেওঁৰ ওপৰ-পিতৃ দায়ূদৰ ঈশ্বৰক বিচাৰিবলৈ ধৰিলে।”—২ বং. ৩৪:৩.
৩ আপুনি কেনেকৈ যিহোৱাক অনুসন্ধান অৰ্থাৎ বিচাৰিব পাৰে? আপুনি যি বিশ্বাস কৰে তাক মনোযোগেৰে নিৰীক্ষণ আৰু ‘নিজকে পৰীক্ষা’ কৰাৰ দ্বাৰা সেইটো যে বাস্তৱতে সত্য তাক জানিব পৰিব। (ৰোমী. ১২:২) উদাহৰণস্বৰূপে, আপুনি বৰ্ণনা কৰিব পাৰিবনে যে বাইবেলে তেজৰ সম্পৰ্কে কি কৈছে বা ঈশ্বৰৰ ৰাজ্য যে ১৯১৪ চনত বাস্তৱতে স্বৰ্গত স্থাপিত হʼল তাক প্ৰমাণ কৰিব পাৰিবনে? “সত্যৰ জ্ঞান” আহৰণ কৰাটো হৈছে ভৱিষ্যতে উত্তম আধাৰ প্ৰস্তুত কৰাৰ এটা গুৰুত্বপূৰ্ণ অংশ।—১ তীম. ২:৩, ৪.
৪ ৰজা যোচিয়াই ঈশ্বৰক অনুসন্ধান কৰাত উত্তম ফলাফল লাভ কৰিছিল। তেওঁৰ বয়স ২০ বছৰ হোৱাৰ পূৰ্বেই সাহসী হৈ নিজ দেশখনক মিছা উপাসনাৰ পৰা মুক্তি কৰিবলৈ কাৰ্য্য কৰিলে। (২ বং. ৩৪:৩-৭) একেইদৰে আপোনাৰ আধ্যাত্মিক উন্নতি আপোনাৰ কাৰ্য্যৰ দ্বাৰা প্ৰকাশ পাব। (১ তীম. ৪:১৫) যদি আপুনি এজন বাপ্তিষ্মা নোলোৱা প্ৰকাশকৰূপে কাৰ্য্য কৰিছে, তেন্তে নিজৰ পৰিচৰ্য্যাক উন্নত কৰিবলৈ প্ৰচেষ্টা কৰক। প্ৰচাৰ কাৰ্য্যত কেৱল আলোচনী দিয়েই সন্তুষ্ট নহʼব। আগ্ৰহীলোকক যুক্তি দেখুৱাই বাইবেলৰ পৰা বৰ্ণনা কৰিবলৈ আপোনাৰ লক্ষ্য বনাওক। (ৰোমী. ১২:৭) ইয়ে আপোনাৰ আধ্যাত্মিকতাক বৃদ্ধি কৰাত সহায় কৰিব।
৫ যিহোৱাক সম্পূৰ্ণ হৃদয়ৰে সেৱা কৰক: যেতিয়া আপুনি নিজকে যিহোৱালৈ সমৰ্পণ কৰি বাপ্তিষ্মা লয় তেতিয়া আপুনি এজন ঈশ্বৰৰ নিযুক্ত পৰিচাৰক হৈ পৰে। (২ কৰি. ৩:৫, ৬) যিহোৱাক পূৰ্ণসময়ে সেৱা কৰিবলৈ ইয়ে আপোনাৰ বাবে পথ মুকলি কৰে। ইয়াত সন্মিলিত আছে অগ্ৰগামী সেৱা, বেথেল সেৱা আৰু পৰিব্ৰাজকৰূপে কৰা সেৱা। ইয়াৰ উপৰিও নিজৰ পৰিচৰ্য্যাক বিস্তাৰিতভাৱে কৰাৰ অন্য এটা প্ৰণালী হৈছে আন ভাষা শিকা বা অধিক আৱশ্যক হোৱা ঠাইলৈ গৈ সেৱা কৰা।
৬ এইটো সঁচা যে সকলোৰে বাবে তেনেদৰে সেৱা কৰাৰ সুযোগ মুকলি নহয়, তথাপিও প্ৰত্যেকজনে যিহোৱাক সম্পূৰ্ণ হৃদয়ৰে সেৱা কৰিব পাৰে। (মথি ২২:৩৭) আপোনাৰ পৰিস্থিতি যিয়েই নহওঁক কিয় যিহোৱাক সেৱা কৰিবলৈ আপোনাৰ জীৱনৰ প্ৰধান লক্ষ্য বনাওক। (গীত. ১৬:৫) এইদৰে কৰাৰ দ্বাৰা আপুনি ভৱিষ্যতৰ বাবে এক উত্তম আধাৰশিলা গঢ়ি তুলিব পৰিব।
[Study Questions]
১. প্ৰকৃত খ্ৰীষ্টান যুৱক-যুৱতীসকলে কিয় দৃঢ় বিশ্বাস বিকাশিত কৰা আৱশ্যক?
২. ৰজা যোচিয়াৰ আৰ্হিৰ পৰা আমি কি শিকিব পাৰোঁ?
৩. আজিৰ সময়ত যুৱক-যুৱতীসকলে কেনেকৈ যিহোৱাক বিচাৰিব পাৰে?
৪. বাপ্তিষ্মা নোলোৱা প্ৰকাশকসকলে কেনেকৈ তেওঁলোকৰ উন্নতি প্ৰকাশ কৰিব পাৰে?
৫. বাপ্তিষ্মা লোৱা খ্ৰীষ্টান ভাই-ভনীসকলৰ বাবে নিজৰ পৰিচৰ্য্যাক বিস্তাৰিতভাৱে কৰিবলৈ কেনে সুযোগ মুকলি হয়?
৬. আমাৰ সকলোৱে ভৱিষ্যৰ বাবে কেনেকৈ উত্তম আধাৰ প্ৰস্তুত কৰিব পাৰে?