ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ২/০৪ পৃষ্ঠা ৮
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ২/০৪ পৃষ্ঠা ৮

আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?

প্ৰহৰীবুৰুজ ফেব্ৰুৱাৰী ১

“যীচুৱে নিজৰ আদৰ্শ প্ৰাৰ্থনাত ঈশ্বৰৰ ৰাজ্য আগমনৰ বিষয়ে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল। সেই ৰাজ্য আগমনৰ বিষয়ে প্ৰাৰ্থনা কৰাটো আজিও যুক্তিসঙ্গতনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই আলোচনীখনত বৰ্ণনা কৰিছে যে ভৱিষ্যতে ঈশ্বৰৰ ৰাজ্যৰ সম্বন্ধে কি সম্পন্ন হʼবলৈ বাকী আছে আৰু আপুনি আপোনাৰ পৰিয়ালবৰ্গৰ সৈতে সেই আশীৰ্ব্বাদ কেনেকৈ পাব পাৰিব।”

সচেতন! ফেব্ৰুৱাৰী ২২

“বহুতে জীৱ-জন্তুৰ বিষয়ে জানি আনন্দিত হয় আৰু কিছুমানে সেইবোৰক ঘৰচীয়া জন্তু হিচাবে পোহে। [গৃহস্থৰ মন্তব্যৰ বাবে ক্ষন্তেক ৰওক।] এই আলোচনীখনত বনৰীয়া জীৱ-জন্তুক ঘৰচীয়া কৰাত সম্মুখীন হʼবলগীয়া কিছুমান সমস্যাৰ বিষয়ে আলোচনা কৰা হৈছে। তদুপৰি ইয়াত এইটোও বৰ্ণনা কৰা হৈছে যে ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে যে এনে এটা সময় আহিব যʼত জীৱ-জন্তুবিলাকে আন জীৱ-জন্তুৰ উপৰিও মানুহৰ সৈতে শান্তিৰে থাকিব।” যিচয়া ১১:⁠৬-৯ পদটো পঢ়ক।

প্ৰহৰীবুৰুজ ফেব্ৰুৱাৰী ১

বহুতো লোকে ঈশ্বৰৰ বাক্য বাইবেলত উল্লেখ কৰা এই জগতৰ অন্ত হোৱাৰ বিষয়ে অৱগত আছে। আপুনি জানেনে যে কেনেবোৰ ঘটনাই সেই অন্তলৈ পৰিচালিত কৰিব? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক আৰু ১ থিচলনীকীয়া ৫:⁠৩ পদটো পঢ়ক।] এই আলোচনীখনে অন্ত হোৱাৰ পূৰ্বেই ঘটা আন ঘটনাসমূহৰ বিষয়ে উল্লেখ কৰিছে। তদুপৰি ইয়াত সেই ধ্বংসৰ পিছত আজ্ঞাকাৰী মানৱজাতিয়ে পাবলগীয়া অনন্তকলীয়া আশীৰ্ব্বাদসমূহৰ বিষয়েও উল্লেখ কৰিছে।

সচেতন! মাৰ্চ ৮

“এটা সময়ত বহুতো লোকে পৰমাণবিক যুদ্ধৰ ভয়ত জীৱন-যাপন কৰিছিল। আপুনি ভাবেনে যে আজিও লোকসকলে পৰমাণবিক যুদ্ধলৈ ভয় কৰে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই আলোচনীখনত বৰ্তমান সময়ত আমি চিন্তিত হোৱা বিষয়বোৰক নিৰীক্ষণ কৰিছে। তদুপৰি ইয়াত এইটোও কোৱা হৈছে যে বাইবেলে প্ৰতিজ্ঞা কৰিছে যে এনে এখন সংসাৰ স্থাপন হʼব যʼত কোনো ধৰণৰ ভয়ভিত হোৱাৰ কাৰণ নাথাকিব। চফনিয়া ৩:⁠১৩ পদটো পঢ়ক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক