আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?
প্ৰহৰীবুৰুজ ফেব্ৰুৱাৰী ১
“বাইবেলত ঈশ্বৰৰ ন্যায়-বিচাৰ ধাৰ্ম্মিক বুলি উল্লেখ কৰিছে। [গীত ১৪৫:১৭ পদটো পঢ়ক] গতিকে ঈশ্বৰে যি কৰে সেয়া সঠিক বুলি আমি ভাৰসা কৰোঁনে? [আলোচনীখনৰ ২৩ পৃষ্ঠা দেখুৱাউক।] এই আলোচনীখনত আমি ঈশ্বৰৰ ন্যায়-বিচাৰৰ ওপৰত ভাৰসা কৰাৰ পাঁচটা কাৰণ বৰ্ণনা কৰা হৈছে।”
সচেতন! ফেব্ৰুৱাৰী ২২
“প্ৰাচীন সময়ত ঈশ্বৰে সন্তানক তেওঁলোকৰ পিতৃ-মাতৃক সন্মান কৰিবলৈ আজ্ঞা দিছিল। [যাত্ৰাপুস্তক ২০:১২ পদটো পঢ়ক।] আপুনি ভাবেনে যে আজি সন্তানে নিজৰ মাতৃক সন্মান কৰে? [উত্তৰৰ বাবে খন্তেক ৰওক।] বিভিন্ন দেশত মাতৃসকলে সম্মুখীন হোৱা সমস্যা আৰু সেইবোৰক কেনেকৈ সফলতাৰে সম্মুখীন হʼব পাৰি, সেই বিষয়ে এই আলোচনীখনত আলোচনা কৰা হৈছে।
প্ৰহৰীবুৰুজ মাৰ্চ ১
“আপুনি ভাবেনে যে এই পৰামৰ্শটোক সকলোৱে পালন কৰিলে জগতখনৰ পৰিস্থিতি উত্তমতালৈ পৰিণত হʼব? [ৰোমীয়া ১২:১৭, ১৮ পদটো পঢ়ক আৰু উত্তৰৰ বাবে অলপ ৰওক।] দুখৰ বিষয় এই যে কেতিয়াবা ব্যক্তিগত প্ৰভেদতা দেখা দিয়ে। এই আলোচনীখনত বৰ্ণনা কৰা হৈছে যে বাইবেলৰ পৰামৰ্শই ব্যক্তিগত মতবিৰোধীতা আঁতৰ কৰি কেনেকৈ শান্তি স্থাপন কৰিব পাৰে।”
সচেতন! মাৰ্চ ৮
“প্ৰত্যেক বছৰে প্ৰাকৃতিক শক্তিৰ প্ৰয়োজনীয়তা বৃদ্ধি পাই আহিছে। যদি আমাক আৱশ্যক হোৱা শক্তি শেষ হৈ যায়, তেন্তে কি হʼব, সেই বিষয়ে আপুনি কল্পনা কৰিব পাৰেনে? [উত্তৰৰ বাবে খন্তেক ৰওক।] পৰিষ্কাৰ শক্তিৰ উৎসৰ উন্নতিৰ বাবে কি কৰা হৈছে, সেই বিষয়ে এই আলোচনীখনত আলোচনা কৰা হৈছে। তদুপৰি ইয়াত এই সকলোবোৰ শক্তিৰ উৎস কোন, সেই বিষয়েও পৰিচয় দিয়া হৈছে।” যিচয়া ৪০:২৬ পদটো পঢ়ক।