আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?
প্ৰহৰীবুৰুজ জুলাই ১
“কোনো দুৰ্ঘটনাৰ সময়ত বহুতে প্ৰশ্ন কৰে যে বাস্তৱতে ঈশ্বৰে লোকসকলৰ প্ৰতি যত্ন লয়নে আৰু তেওঁলোকে ভুগী থকাটো লক্ষ্য কৰিছেনে। আপুনিও কেতিয়াবা তেনেদৰে ভাবি আচৰিত হৈছেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই আলোচনীখনত আলোচনা কৰা হৈছে যে বৰ্তমান সময়ত ঈশ্বৰে কেনেকৈ আমাৰ প্ৰতি চিন্তা কৰে আৰু আমাৰ সকলো দুখ-দুৰ্দশা আঁতৰ কৰিব।” যোহন ৩:১৬ পদটো পঢ়ক।
সচেতন! জুলাই ২২
“বৰ্তমান সময়ৰ অপৰাধপূৰ্ণ জগতত অপৰাধীসকলে সন্দেহ নকৰা লোকক প্ৰবঞ্চিত কৰিবলৈ একেৰাহে নতুন কৌশলেৰে পৰিকল্পনা কৰিছে। আপুনি এই বিষয়ে চিন্তা কৰনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই সংখ্যাৰ সচেতন! আলোচনীখনত সাৱধান হʼবলগীয়া কিছুমান মূল বিষয়ক আলোচনা কৰিছে যিয়ে আমাক প্ৰবঞ্চিত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে।” হিতোপদেশ ২২:৩ পদটো পঢ়ক।
প্ৰহৰীবুৰুজ জুলাই ১
“মানুহৰ জীৱনটোৰ প্ৰতি মূল্যাঙ্কন নকৰাটো বিশ্বব্যাপী দেখিবলৈ পোৱা গৈছে। আপুনি ভাবেনে যে এনে মনোবৃত্তি দৰাচলতে সলনি হোৱা আৱশ্যক? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] ঈশ্বৰ হৈছে আমাৰ জীৱনৰ উৎস।” পাঁচনিৰ কৰ্ম্ম ১৭:২৫ পদটো পঢ়ক। “মানৱ জীৱনটোৰ প্ৰতি থকা ঈশ্বৰৰ উচ্চ দৃষ্টি আৰু আমিও জীৱনটোক কেনেকৈ তেনেদৰে দৃষ্টি কৰিব পাৰোঁ, সেই সম্পৰ্কে এই সংখ্যাৰ প্ৰহৰীবুৰুজ আলোচনীখনত বৰ্ণনা কৰা হৈছে।”
সচেতন! আগষ্ট ৮
“কিশোৰ-কিশোৰীক শোষণ কৰা শুনি আমাৰ সকলোৱে দুখী হয়। আপুনি হয়তো এইদৰে ভাবি আচৰিত হয়নে যে, ‘ঈশ্বৰে বাস্তৱতে আমাৰ বাবে চিন্তা কৰে?’ [উত্তৰৰ বাবে ক্ষন্তেক ৰওক। তাৰ পিছত গীত ৭২:১২-১৪ পদটো পঢ়ক।] এই আলোচনীখনত আলোচনা কৰা হৈছে যে কিশোৰ-কিশোৰীবোৰৰ বিষয়ে ঈশ্বৰে কেনে অনুভৱ কৰে আৰু তেওঁ কিমান সোনকালে এই সকলোবোৰ অপব্যৱহাৰৰ পৰা স্থায়ীভাৱে মুক্ত কৰিব।