প্ৰশ্ন বক্স
▪ মণ্ডলীৰ নিযুক্তিসমূহক আমি কেনেদৰে বহন কৰা উচিত?
যিহোৱাৰ লোকসকলে সুশৃঙ্খলাবদ্ধতাৰে কৰা কাৰ্য্যৰ ফলস্বৰূপে মণ্ডলীৰ সদস্যসকলৰ মাজত ঐক্যতাৰ বন্ধন শক্তিশালী হৈ উঠে। (১ কৰি. ১৪:৩৩, ৪০) মণ্ডলীৰ এখন সভাতেই কেৱল কি কি সন্মিলিত থাকে সেই বিষয়ে বিবেচনা কৰক। সভাৰ কাৰ্য্যক্ৰমৰ উপৰিও এনে বহুতো নিযুক্তি আছে, যিবোৰক ভাই আৰু ভনীসকলে বহন কৰে। তদুপৰি তেনে কাৰ্য্যসমূহো বহন কৰা গুৰুত্বপূৰ্ণ, সাধাৰণতে যিবোৰ ৰাইজৰ চকুত নপৰে। আমাৰ প্ৰত্যেকজনে কেনেকৈ এই নিযুক্তিসমূহৰ বাবে উত্তম সহযোগ আগবঢ়াব পাৰে?
নিজকে সহজলভ্য কৰক। যিসকলে আগ্ৰহী মনোবৃত্তি ৰাখে, তেওঁলোকে কৰিবলগীয়া বহুতো কাৰ্য্য আছে। (গীত ১১০:৩) অসুস্থ আৰু বৃদ্ধ ভাই-ভনীৰ প্ৰতি বিবেচক হওক। ৰাজ্যগৃহ পৰিষ্কাৰ কৰাত সহায় কৰক। কোনো বিশেষ আমন্ত্ৰণ নোহোৱাকৈও আমি বহুতো লাভজনক কাৰ্য্য সম্পন্ন কৰিব পাৰোঁ। ইয়াৰ বাবে আমি সহযোগ কৰিবলৈ আগ্ৰহী হোৱা আৱশ্যক।
নম্ৰভাৱে কাৰ্য্য কৰা। নম্ৰ চৰিত্ৰৰ ব্যক্তিসকলে আনৰ সেৱা কৰিবলৈ পায় আনন্দিত হয়। (লূক ৯:৪৮) নম্ৰতাই আমাক আমি কৰিব পৰাতকৈ অধিক কাৰ্য্য হাতত লʼবলৈ বাধা দিয়ে। তদুপৰি নম্ৰতা গুণটোৱে আমাক নিজৰ অধিকাৰৰ বাহিৰত কাৰ্য্য কৰাৰ পৰা বিৰত ৰাখে।—হিতো. ১১:২.
সত্যবাদী হওক। প্ৰাচীন ইস্ৰায়েলৰ সময়ত মোচিক “সত্যবাদী” লোকসকলক বাছনি কৰি দায়িত্বভাৰ দিবলৈ উৎসাহিত কৰিছিল। (যাত্ৰা. ১৮:২১) আজিৰ সময়তো সেই একেই গুণৰ আৱশ্যক। গতিকে আপুনি পোৱা প্ৰত্যেকটো নিযুক্তি নিষ্ঠাৱানতাৰে সম্পন্ন কৰক। (লূক ১৬:১০) যদি কোনো কাৰণত আপোনাৰ নিজৰ নিযুক্তিভাৰ বহন কৰাত অসুবিধা হয়, তেন্তে আপোনাৰ অনুপস্থিতিত সেই উপযুক্ত নিযুক্তিক সম্পন্ন কৰিবলৈ আন এজনৰ ব্যৱস্থা কৰক।
উত্তমভাৱে সম্পন্ন কৰক। প্ৰকৃত খ্ৰীষ্টানসকলক আনকি সাধাৰণ বিষয়বোৰকো সম্পূৰ্ণ মনৰে সৈতে যত্ন লʼবলৈ উৎসাহিত কৰা হৈছে। (কল. ৩:২২-২৪) সত্য উপাসনাৰ উন্নতিৰ হকে কাৰ্য্য কৰাৰ বাবে আমাৰ ওচৰত প্ৰধান কাৰণ আছে। নিযুক্তি যদিও নগণ্য বা সাধাৰণ হয়, তথাপিও ইয়াক উত্তমভাৱে সম্পন্ন কৰি মণ্ডলীয়ে আশীৰ্ব্বাদ লাভ কৰে।
প্ৰত্যেকটো নিযুক্তিয়ে আমাক যিহোৱা ঈশ্বৰ আৰু ভাই-ভনীসকলৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিবলৈ সুযোগ প্ৰদান কৰে। (মথি ২২:৩৭-৩৯) এতেকে আঁহক আমি, আমাক দিয়া প্ৰত্যকটো নিযুক্তিক যেন বিশ্বাসী হৈ সম্পন্ন কৰোঁহঁক।