প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা
ভাগ ৫: অধ্যয়ন পৰিচালিত কৰা অধ্যায়টোৰ পৰিমাণ নিৰ্দ্ধাৰিত কৰা
১ যীচুৱে তেওঁৰ শিষ্যবিলাকৰ “শুনা শক্তি অনুসাৰে তেওঁবিলাকক” শিক্ষা প্ৰদান কৰিছিল। (মাৰ্ক ৪:৩৩; যোহ. ১৬:১২) সেই একেইদৰে আজি অধ্যয়ন পৰিচালনা কৰাসকলে কিমানলৈকে বিষয়বোৰ পৰিচালিত কৰা আৱশ্যক, সেই বিষয়ে নিৰ্দ্ধাৰিত কৰা উচিত। তেনে নিৰ্দ্ধাৰিত, অধ্যয়ন পৰিচালনা কৰোঁতা আৰু বিদ্যাৰ্থীজনৰ দক্ষতা আৰু অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে।
২ দৃঢ় বিশ্বাস গঢ়ি তুলক: কিছুমান বিদ্যাৰ্থীক কোনো এটা বিষয়বস্তু বুজি পাবলৈ হয়তো দুবাৰ বা তিনিবাৰকৈ অধ্যয়ন কৰিবলগীয়া হয়। অন্য কিছুমানৰ বাবে এবাৰেই যথেষ্ট। আমি কম সময়ৰ ভিতৰত সকলোবোৰ বিষয় বৰ্ণনা কৰাৰ পৰিৱৰ্তে বিদ্যাৰ্থীজনৰ দক্ষতাৰ অনুসাৰে অধ্যয়ন কৰাটো উত্তম হʼব। কিয়নো প্ৰত্যেকজন বিদ্যাৰ্থীক ঈশ্বৰৰ বাক্যৰ প্ৰতি দৃঢ় বিশ্বাস বিকশিত কৰা আৱশ্যক।—হিতো. ৪:৭; ৰোমী. ১২:২.
৩ আপুনি প্ৰত্যেক সপ্তাহত অধ্যয়ন কৰা বিষয়টো বিদ্যাৰ্থীজনে ভালদৰে বুজি পাবলৈ আৰু গ্ৰহণ কৰিবলৈ যিমান সময়ৰ আৱশ্যক, সেই অনুসাৰে সময় অতিবাহিত কৰক। খৰখেদাকৈ বিষয়টো বুজাই দিয়াৰ পৰিৱৰ্তে মূল বিষয় আৰু শাস্ত্ৰীয় পদবোৰ ভালদৰে বুজাবলৈ যথেষ্ট সময় অতিবাহিত কৰক যাতে তেওঁ বাইবেল আধাৰিত শিক্ষাবোৰ বুজি পাই লাভৱান হʼব পাৰে।—২ তীম. ৩:১৬, ১৭.
৪ বিষয়বস্তুৰ অনুসাৰে অধ্যয়ন পৰিচালিত কৰক: খৰধৰকৈ অধ্যয়ন পৰিচালিত নকৰাৰ উপৰি আমি বিষয়বস্তুৰ সৈতে পোনপটীয়াকৈ সন্মিলিত নথকা বিষয়বোৰ আলোচনা কৰাৰ পৰাও আঁতৰি থকা উচিত। যদি বিদ্যাৰ্থীজনে নিজৰ ব্যক্তিগত বিষয়বোৰ লৈ আলোচনা কৰিব বিচাৰিছে, তেন্তে অধ্যয়ন সমাপ্তি হোৱাৰ পিছত আলোচনা কৰা আৱশ্যক।—উপ. ৩:১.
৫ আনহাতে সত্যতাৰ প্ৰতি থকা আমাৰ উদ্দীপনাই অধ্যয়নৰ সময়ত অত্যধিক কথাবতৰা নকৰিবলৈ কঠিনতা উৎপন্ন কৰিব পাৰে। (গীত ১৪৫:৬, ৭) হয়তো বিদ্যাৰ্থীজনৰ সৈতে অন্য কোনো বিষয় বা অনুভৱ কোৱাটো লাভজনক হʼব পাৰে। কিন্তু সদায়ে তেনে কৰা বা সেই বিষয়বোৰত অধিক সময় অতিবাহিত কৰিলে বিদ্যাৰ্থীজনে বাইবেলৰ প্ৰাথমিক শিক্ষাবোৰ গ্ৰহণ কৰাত বাধা উৎপন্ন কৰিব পাৰে।
৬ প্ৰত্যেক অধ্যয়নৰ সময়ত বিদ্যাৰ্থীজনৰ দক্ষতাৰ অনুসাৰে বিষয়বস্তুবোৰ আলোচনা কৰি আমি তেওঁক “যিহোৱাৰ দীপ্তিতে চলি” থাকিবলৈ সহায় কৰিব পাৰিম।—যিচ. ২:৫.