স্মৰণীয় পৰ্ব্বৰ সোঁৱৰণী
এই বছৰৰ স্মৰণীয় পৰ্ব্ব মাৰ্চ ২৪ তাৰিখ, বৃহস্পতিবাৰ দিনা উদ্যাপন কৰা হʼব। সেইবাবে প্ৰাচীনসকলে তলত দিয়া বিষয়সমূহক মনোযোগ দিয়া আৱশ্যক:
▪ স্মৰণীয় পৰ্ব্বৰ সময়ত এইটো নিশ্চিত কৰা আৱশ্যক যে স্মৰণীয় প্ৰতীক চিহ্ন সূৰ্য্য অস্ত যোৱাৰ পাছতহে যেন হস্তান্তৰ কৰে।
▪ বক্তা আৰু সকলোকে স্মৰণীয় পৰ্ব্ব উদ্যাপনৰ সময় আৰু স্থানৰ বিষয়ে আগতীয়াকৈ জনাই দিয়া আৱশ্যক।
▪ উচিত প্ৰকাৰে পিঠা আৰু দ্ৰাক্ষাৰস তৈয়াৰ কৰা আৱশ্যক।—ফ্ৰেব্ৰুৱাৰী ১, ২০০৩ চনৰ প্ৰহৰীবুৰুজ, (w03-AE) ২৫-২৬ পৃষ্ঠাত চাওক।
▪ স্মৰণীয় পৰ্ব্ব উদ্যাপন কৰা স্থানলৈ প্লেট আৰু গিলাচ, উপযুক্ত মেজ আৰু মেজৰ কাপোৰ অনা আৱশ্যক। তদুপৰি সেইবোৰ আগতীয়াকৈ যথাস্থানত ৰখা উচিত।
▪ স্মৰণীয় পৰ্ব্বৰ বাবে ব্যৱহাৰ কৰা ৰাজ্যগৃহ বা আন স্থানক আগতীয়াকৈ সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰা আৱশ্যক।
▪ নিৰ্বাচিত কৰা এটেনডেনট্চ আৰু সকলোৰে আগত স্মাৰক প্ৰতীক চিহ্ন সঞ্চালিত কৰা ভাইসকলক তেওঁলোকৰ দায়িত্ব, সঠিক কাৰ্য্য পদ্ধতি আৰু সন্মানীয় সাজ-পোচাক পৰিধানৰ বিষয়ে আগতীয়াকৈ পৰামৰ্শ দিয়া উচিত।
▪ স্মৰণীয় পৰ্ব্বত উপস্থিত হʼব নোৱাৰা কোনো অসুস্থ অভিষিক্ত ব্যক্তিসকললৈ স্মৰণীয় পৰ্ব্বৰ প্ৰতীক চিহ্ন পঠিয়াবলৈ ব্যৱস্থা কৰা আৱশ্যক।
▪ যেতিয়া কেইবাখনো মণ্ডলীয়ে একেইখন ৰাজ্যগৃহত স্মৰণীয় পৰ্ব্ব উদ্যাপন কৰিবলৈ আঁচনি বনাই তেতিয়া মণ্ডলীয়ে ভালদৰে ব্যৱস্থা কৰা উচিত যাতে ৰাস্তা-পদূলি আৰু ৰাজ্যগৃহৰ প্ৰৱেশ দুৱাৰত অকাৰণতে ভিৰ নহয়।