খ্ৰীষ্টান হিচাপে জীৱন-যাপন
যীচুৰ পদচিহ্নক নিবিড়ভাৱে অনুকৰণ কৰক
যীচু খ্ৰীষ্টই আমাৰ বাবে এক উত্তম উদাহৰণ ৰাখিছে। বিশেষকৈ যেতিয়া আমি কোনো পৰীক্ষা বা তাড়নাৰ সন্মুখীন হওঁ, তেতিয়া আমি যীচুৰ উদাহৰণ অনুকৰণ কৰিব পাৰোঁ। (১পিত ২:২১-২৩) লোকসকলে যীচুক ঠাট্টা কৰা আৰু তাড়না দিয়াৰ সত্ত্বেও যীচুৱে কেতিয়াও তেওঁলোকৰ হানি কৰা নাছিল। (মাৰ্ক ১৫:২৯-৩২) সহন কৰি থাকিবলৈ যীচুক কিহে সহায় কৰিছিল? ঈশ্বৰৰ উদ্দেশ্য পূৰ কৰাই তেওঁৰ উদ্দেশ্য আছিল। (যোহ ৬:৩৮) ইয়াৰ উপৰিও যীচুৱে “তেওঁৰ আগত থকা আনন্দৰ” ওপৰত নিজৰ ধ্যান কেন্দ্ৰীভূত কৰিছিল।—ইব্ৰী ১২:২.
আমাৰ বিশ্বাসৰ বাবে যেতিয়া আমাক অপমান কৰা হয়, তেতিয়া আমি কেনে প্ৰতিক্ৰিয়া দেখুৱাওঁ? সত্য খ্ৰীষ্টানসকলে “অপকাৰৰ সলনি কাৰো অপকাৰ” নকৰে। (ৰোম ১২:১৪, ১৭) তাড়নাৰ সন্মুখীন হোৱাৰ সময়ত যদি আমি যীচুৰ দৰে সহন কৰোঁ, তেনেহʼলে আমি এই কথাত আনন্দ উপভোগ কৰিব পাৰোঁ যে যিহোৱা ঈশ্বৰৰ অনুমোদন আমাৰ ওপৰত আছে।—মথি ৫:১০-১২; ১পিত ৪:১২-১৪.
যিহোৱাৰ নাম আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ, ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
বন্দীশালত থকাৰ সময়ছোৱাত ভনী পয়েট-জিঙ্গাৰে নিজৰ সময়খিনি কেনেকৈ বুদ্ধিমতাৰে ব্যৱহাৰ কৰিছিল?
বিভিন্ন যাতনা শিবিৰত থকাৰ সময়ত ভাই আৰু ভনী পয়েট-জিঙ্গাৰে কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হʼবলগীয়া হৈছিল?
সহন কৰিবলৈ তেওঁলোকক কিহে সহায় কৰিছিল?
তাড়নাৰ সন্মুখীন হোৱাৰ সময়ত যীচুৰ পদচিহ্নক নিবিড়ভাৱে অনুকৰণ কৰক