ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লূক ১০-১১
দয়ালু চমৰীয়াৰ দৃষ্টান্ত
“মোৰ চুবুৰীয়া নো কোন?” এই প্ৰশ্নৰ উত্তৰ দিয়াৰ সময়ত যীচুৱে দয়ালু চমৰীয়াৰ দৃষ্টান্ত ব্যৱহাৰ কৰিছিল। (লূক ১০:২৫-২৯) তেওঁ জানিছিল যে আগলৈ চমৰীয়া আৰু অন্যজাতি তথা ‘সকলো’ জাতিৰ লোকৰ দ্বাৰা খ্ৰীষ্টান মণ্ডলী গঠিত হʼব। (যোহ ১২:৩২) এই দৃষ্টান্তৰ দ্বাৰা যীচুৱে নিজৰ শিষ্যসকলক শিক্ষা দিয়ে যে তেওঁলোকে বেলেগ বেলেগ পৃষ্ঠভূমিৰপৰা অহা লোকসকলকো প্ৰেম দেখুৱাবলৈ বিশেষ চেষ্টা কৰা উচিত।
নিজকে সোধক:
‘বেলেগ বেলেগ সংস্কৃতিৰপৰা অহা ভাই-ভনীসকলৰ প্ৰতি মই কেনে অনুভৱ কৰোঁ?’
‘মই কেৱল এনে লোকসকলৰ লগত সময় অতিবাহিত কৰোঁ নেকি, যিসকলৰ চিন্তাধাৰা মোৰ নিচিনা হয়?’
‘বিভিন্ন পৃষ্ঠভূমিৰপৰা অহা ভাই-ভনীসকলৰ বিষয়ে জানিবলৈ চেষ্টা কৰি মই মোৰ হৃদয় বহল কৰিব পাৰিম নে?’ (২কৰি ৬:১৩)
মই নিমন্ত্ৰণ কৰিব বিচাৰোঁ . . .
মোৰ লগত ঘোষণা কাৰ্য্যত যাবলৈ
মোৰ ঘৰত এসাঁজ খাবলৈ
মোৰ পৰিয়ালৰ সৈতে পাৰিবাৰিক উপাসনাত ভাগ লʼবলৈ