ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ১ কৰিন্থীয়া ১-৩
আপুনি স্বাভাৱিক ব্যক্তি নে আত্মিক ব্যক্তি?
আমি সকলোৱে যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্ক দৃঢ় কৰা উচিত আৰু আধ্যাত্মিক ব্যক্তি হিচাপে আগবাঢ়ি যোৱা উচিত। (ইফি ৪:২৩, ২৪) এনে কৰিবলৈ আমি আধ্যাত্মিক জ্ঞান লোৱা, লক্ষ্য ৰখা আৰু পবিত্ৰ আত্মাৰ ফল বিকশিত কৰা উচিত।
এবছৰৰ আগত, দহ বছৰৰ আগত অথবা আপুনি বাপ্তিষ্মা লোৱাৰ সময়ৰ তুলনাত বৰ্তমান সময়ত ঈশ্বৰৰ লগত আপোনাৰ সম্পৰ্ক কেনেকুৱা?