খ্ৰীষ্টান হিচাপে জীৱন-যাপন
পৃথিৱীয়ে “নদী গ্ৰাস কৰিলে”
গোটেই ইতিহাসত কেইবাবাৰো জগতৰ অধিকাৰীসকলে যিহোৱাৰ লোকসকলক সহায় কৰিছিল। (ইজ্ৰা ৬:১-১২; ইষ্টে ৮:১০-১৩) বৰ্তমান সময়তো ‘নাগ’ বা চয়তানৰ সমৰ্থনত ‘নদী গ্ৰাস’ হোৱাটো ‘পৃথিবী’ অৰ্থাৎ এই ব্যৱস্থাই বেছি জগৰীয়া। (প্ৰকা ১২:১৬) “পৰিত্ৰাণ-সাধক ঈশ্বৰ” যিহোৱাই কেতিয়াবা কেতিয়াবা নিজৰ লোকসকলৰ শান্তি কঢ়িয়াই আনিবলৈ মানৱ শাসনকৰ্ত্তাসকলক অনুপ্ৰাণিত কৰে।—গীত ৬৮:২০; হিতো ২১:১.
যদি বিশ্বাসৰ বাবে আপোনাক জেলত বন্দী হʼবলগীয়া হয়, তেনেহʼলে কি কৰিব? ইয়াত কোনো সন্দেহ নাই যে যিহোৱাই আপোনাক লক্ষ্য কৰি আছে। (আদি ৩৯:২১-২৩; গীত ১০৫:১৭-২০) ভৰসা কৰক যে আপোনাৰ বিশ্বাসে আপোনাৰ বাবে আশীৰ্ব্বাদ কঢ়িয়াই আনিব আৰু আপোনাৰ নিষ্ঠাই গোটেই পৃথিৱীৰ ভাই-ভনীসকলক উৎসাহিত কৰিব।—ফিলি ১:১২-১৪; প্ৰকা ২:১০.
কোৰিয়াৰ ভাইসকলে জেলৰপৰা মুক্তি পায় নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
আমাৰ হাজাৰ হাজাৰ ভাইসকলক দক্ষিণ কোৰিয়াত বহু বছৰ ধৰি কিয় বন্দী কৰি ৰখা হৈছে?
কোনটো ন্যায়ালয়ে আমাৰ কিছুমান ভাইক সোনকালে মুক্ত কৰে?
নিজৰ বিশ্বাসৰ বাবে অলপতে জেললৈ যোৱা গোটেই পৃথিৱীৰ আমাৰ ভাইসকলক আমি কেনেকৈ সহায় কৰিব পাৰোঁ?
বৰ্তমান সময়ত আমি লাভ কৰা স্বতন্ত্ৰতাক কেনেকৈ ব্যৱহাৰ কৰা উচিত?
আমি লাভ কৰা কোনো মোকৰ্দ্দমাৰ জয়লাভৰ আঁৰত কোন থাকে?
মই মোৰ ব্যক্তিগত স্বাধীনতাক কেনেকৈ ব্যৱহাৰ কৰিছোঁ?