ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাত্ৰাপুস্তক ১৩-১৪
“থিৰে থাকা; যিহোৱাই আজি তোমালোকলৈ যি পৰিত্ৰাণৰ কাৰ্য্য সিদ্ধ কৰিব, তাক দেখিবা”
১৪:১৩, ১৪, ২১, ২২, ২৬-২৮
যিহোৱাই নিজৰ সেৱকসকলক প্ৰেম আৰু আদৰ দেখুৱাই। মিচৰ দেশৰপৰা মুকলি কৰা সময়তো ঠিক সেইদৰেই কৰিছিল। কেনেকৈ বাৰু?
তেওঁ তেওঁলোকক সংগঠিত কৰিলে।—যাত্ৰা ১৩:১৮
তেওঁ তেওঁলোকক সঠিক পথ দেখুৱালে আৰু ৰক্ষা কৰিলে।—যাত্ৰা ১৪:১৯, ২০
তেওঁ সৰু, ডাঙৰ আদি কৰি বৃদ্ধ লোকসকলকো বন্দীৰপৰা মুকলি কৰিলে।—যাত্ৰা ১৪:২৯, ৩০
মহা-ক্লেশ অহালৈকে আপুনি কি কথাৰ ওপৰত ভৰসা কৰিব পাৰে?—যিচ ৩০:১৫