ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাত্ৰাপুস্তক ২৫-২৬
পবিত্ৰ স্থানত চন্দুকৰ ভূমিকা
২৫:৯, ২১, ২২
পবিত্ৰ স্থান আৰু ইস্ৰায়েলীসকলৰ ছাউনিত চন্দুকৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল। চন্দুকৰ ঢাকনিৰ ওপৰত দুটা কৰূব আছিল আৰু এই দুয়োটা কৰূবৰ মাজত যি ডাৱৰ আছিল, সেয়া যিহোৱাৰ উপস্থিতিক চিত্ৰিত কৰিছিল। প্ৰতিবছৰে প্ৰায়শ্চিতৰ দিনত মহা-পুৰোহিতসকলে পবিত্ৰ স্থানত গৈছিল আৰু পাপবৰণৰ ঢাকনিৰ ওচৰত এটা গৰু আৰু ছাগলীৰ তেজ ছটিয়াছিল, যাতে ইস্ৰায়েলীসকলে পাপৰপৰা ক্ষমা পাব পাৰে। (লেবী ১৬:১৪, ১৫) এই ব্যৱস্থা সেই কথাৰ চিন আছিল যে মহান মহা-পুৰোহিত যীচু খ্ৰীষ্ট স্বৰ্গত যিহোৱাৰ ওচৰত উপস্থিত হৈ, নিজৰ বলিদান উৎসৰ্গ কৰিব।—ইব্ৰী ৯:২৪-২৬.
তলত কিছুমান শাস্ত্ৰ পদ আৰু মুক্তিপণস্বৰূপ বলিদানৰপৰা পোৱা আশীৰ্বাদৰ বিষয়ে কোৱা হৈছে, কোনটো পদত কি আশীৰ্বাদৰ বিষয়ে উল্লেখ কৰা হৈছে কʼবনে:
পদবোৰ
আশীৰ্বাদ
অনন্ত জীৱন
পাপৰপৰা ক্ষমা
শুদ্ধ বিবেক
এই আশীৰ্বাদবোৰ লাভ কৰিবলৈ আমি কি কৰা উচিত?