ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মাৰ্চ পৃষ্ঠা ৯
  • যিসকলে বিশ্বাসী হৈ নাথাকে, তেওঁলোকক অনুকৰণ নকৰিব

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিসকলে বিশ্বাসী হৈ নাথাকে, তেওঁলোকক অনুকৰণ নকৰিব
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • আনুগত্য বজাই ৰাখাটো লাভদায়কনে?
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • আমি নিশ্চয়ে যিহোৱাৰ অধিকাৰৰ প্ৰতি সন্মান দেখুৱা উচিত
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • পৰিয়ালৰ কোনো এজন সদস্যক বহিষ্কাৰ কৰাৰ সময়ত বিশ্বাসী হৈ থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মাৰ্চ পৃষ্ঠা ৯
মাটি দুভাগ হৈছে আৰু বিদ্ৰোহীসকল তাত সোমাই পৰিছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

যিসকলে বিশ্বাসী হৈ নাথাকে, তেওঁলোকক অনুকৰণ নকৰিব

কোৰহ, দাথন আৰু অবীৰামে উপাসনাৰ বাবে যিহোৱাই কৰা ব্যৱস্থাৰ বিৰুদ্ধে কাম কৰিলে। তেওঁলোকে যিহোৱাৰ বিশ্বাসী হৈ থাকিব নোৱাৰিলে। যিহোৱাই সেই তিনিজন আৰু তেওঁলোকক সমৰ্থন কৰা লোকসকলক ধ্বংস কৰিলে। (গণ ১৬:২৬, ২৭, ৩১-৩৩) তেনেহʼলে, কেনে পৰিস্থিতিত আমাৰ বিশ্বাসৰ পৰীক্ষা হʼব পাৰে? বাইবেলত উল্লেখ থকা কিছুমান বেয়া উদাহৰণৰ বিষয়ে ধ্যান দিলে, আমি তেওঁলোকৰ দৰে ভুল নকৰিম।

বিশ্বাসী হৈ নথকা লোকসকলক অনুকৰণ নকৰিব নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ‘বিশ্বাসী হৈ নথকা লোকসকলক অনুকৰণ নকৰিব’ নামৰ ভিডিঅʼখনৰ এখন দৃশ্য। নাডিয়াই কল্পনা কৰিছে যে যদি তাই পাৰ্টিত যায়, তেনেহʼলে হয়তো কোনো লʼৰাই তাইক মদ খাবলৈ জোৰ কৰিব পাৰে।

    নাডিয়াৰ বিশ্বাসৰ পৰীক্ষা কেনেকৈ হৈছিল? বিশ্বাসী হৈ থাকিবলৈ কাৰ বেয়া উদাহৰণে তাইক সতৰ্ক কৰিলে?

  • ‘বিশ্বাসী হৈ নথকা লোকসকলক অনুকৰণ নকৰিব’ নামৰ ভিডিঅʼখনৰ এখন দৃশ্য। এজন ভাই কিবা কথালৈ চিন্তিত হৈ আছে আৰু সেই বিষয়ে ভাবি আছে।

    এজন ভাই যেতিয়া বহুত চিন্তিত হৈ পৰিছিল, তেতিয়া তেওঁৰ বিশ্বাসৰ পৰীক্ষা কেনেকৈ হৈছিল আৰু বিশ্বাসী হৈ থাকিবলৈ কাৰ বেয়া উদাহৰণে তেওঁক সতৰ্ক কৰিলে?

  • ‘বিশ্বাসী হৈ নথকা লোকসকলক অনুকৰণ নকৰিব’ নামৰ ভিডিঅʼখনৰ এখন দৃশ্য। টেৰেন্চে কল্পনা কৰিছে যে তেওঁ অকলে ৰাজ্যগৃহৰ পাৰ্কিঙত, এজনী বিবাহ বিচ্ছেদ হোৱা তিৰোতাৰ লগত কথা পাতিছে।

    টেৰেন্চৰ বিশ্বাসৰ পৰীক্ষা কেনেকৈ হৈছিল আৰু বিশ্বাসী হৈ থাকিবলৈ কাৰ বেয়া উদাহৰণে তেওঁক সতৰ্ক কৰিলে?

  • ‘বিশ্বাসী হৈ নথকা লোকসকলক অনুকৰণ নকৰিব’ নামৰ ভিডিঅʼখনৰ এখন দৃশ্য। এজন লʼৰাই ভাইজনক এটা লিংক পঠিয়াইছে। যʼত তেওঁ অনলাইন জুৱা খেলিব পাৰে।

    স্কুলত এজন ভাইৰ বিশ্বাসৰ পৰীক্ষা কেনেকৈ হৈছিল আৰু বিশ্বাসী হৈ থাকিবলৈ কাৰ বেয়া উদাহৰণে তেওঁক সতৰ্ক কৰিলে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক