আমি নিশ্চয়ে যিহোৱাৰ অধিকাৰৰ প্ৰতি সন্মান দেখুৱা উচিত
আপুনি যেতিয়া প্ৰাচীন সময়ৰ কোৰহ, দাথন আৰু অবীৰাম নামৰ ব্যক্তিসকলৰ নাম শুনে তেতিয়া আপোনাৰ মনলৈ তেওঁলোকৰ কেনে আচৰণৰ বিষয়ে ভাঁহি আহে? তেওঁলোক বিদ্ৰোহী নহয়নে বাৰু! কিহৰ বিৰোদ্ধে? ঈশ্বৰৰ অধীকাৰৰ অহিতে। তেওঁলোকে কৰা বিৰোধিতাৰ কেনে দুখজনক পৰিণাম হʼল, সেই বিষয়ে গণনা পুস্তক ১৬ অধ্যায় আৰু আগষ্ট ১, ২০০২ চনৰ প্ৰহৰীবুৰুজ আলোচনীখনত প্ৰকাশ পোৱা “ঈশ্বৰীয় অধিকাৰপ্ৰাপ্ত ব্যক্তিসকলৰ প্ৰতি আনুগত্যভাৱে অধীনস্থ হওক” নামৰ প্ৰবন্ধত বিতংকৈ বৰ্ণনা কৰা হৈছে। আপুনি সেই বিষয়ে জানি অধিককৈ লাভৱান হʼবলৈ এই সম্পৰ্কে দিয়া বাইবেলৰ অধ্যায় আৰু আলোচনীখন পঢ়ক আৰু তাৰ পিছত যিহোৱাৰ অধিকাৰক সন্মান কৰক নামৰ ভিডিঅʼখন চাওক। এই ভিডিঅʼখনত আপুনি যিহোৱাক বিশ্বাস কৰা পুতেক আৰু বিশ্বৰ সৰ্ব্বশক্তিমান ঈশ্বৰ যিহোৱাৰ বিৰোদ্ধে বিদ্ৰোহ কৰা তেওঁলোকৰ পিতৃ কোৰহৰ মাজত হোৱা তৰ্ক-বিতৰ্কৰ বিষয়ে দেখিবলৈ পাব। (গণ. ২৬:৯-১১) বাস্তৱ জীৱনৰ ওপৰত আধাৰিত এই নাটকে আমাৰ সকলোকে যিহোৱাৰ প্ৰতি সম্পূৰ্ণকৈ আনুগত্য বজাই ৰাখাত উৎসাহিত কৰা উচিত।
আপুনি যেতিয়া এই ভিডিঅʼখন চাব তেতিয়া এই ছটা ক্ষেত্ৰত কোৰহ আৰু তেওঁৰ অনুগামীসকলে আনুগত্য বজাই ৰাখাত কিয় বিফল হʼল, সেই সম্পৰ্কে প্ৰমাণ চাব পাৰিব। (১) তেওঁলোকে কিয় ঈশ্বৰৰ অধিকাৰপ্ৰাপ্ত ব্যক্তিসকলৰ প্ৰতি অনাদৰ কৰিলে? (২) অহঙ্কাৰ, অভিলাষ আৰু বিদ্বেষভাৱে কেনেকৈ তেওঁলোকক প্ৰভাৱিত কৰিলে? (৩) তেওঁলোকে কেনেকৈ যিহোৱাৰ নিযুক্তজনৰ অসম্পূৰ্ণতাৰ ওপৰত অধিক ধ্যান কেন্দ্ৰিত কৰিলে? (৪) তেওঁলোকে কেনে আপত্তিকাৰক মনোবৃত্তি বিকশিত কৰিছিল? (৫) তেওঁলোকে ঈশ্বৰৰ সেৱাত লাভ কৰা বিশেষাধিকাৰৰ প্ৰতি কিয় অসন্তুষ্টতা প্ৰকাশ কৰিলে? (৬) ঈশ্বৰৰ প্ৰতি আনুগত্য বজাই ৰাখাতকৈ পৰিয়াল আৰু বন্ধু-বান্ধৱসকলক তেওঁলোকে কেনেকৈ অধিক গুৰুত্ব দিছিল?
বিবেচনা কৰক যে ঈশ্বৰৰ অধিকাৰৰ প্ৰতি ব্যক্তিগত দৃষ্টিভঙ্গী ৰাখাৰ বিষয়ে বাইবেলৰ এই নাটকৰ পৰা আমি যি শিকিলোঁ সেয়া বৰ্তমান সময়ত কেনেকৈ প্ৰযোজ্য হয়: (১) মণ্ডলীৰ প্ৰাচীনসকলে লোৱা নিৰ্ণয়ৰ প্ৰতি আমি কেনে মনোভাৱ দেখুৱা উচিত আৰু কিয়? (২) আমাত থকা অনুচিত মনোবৃত্তিবোৰক আমি কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ? (৩) পৰিচালনা কৰিবলৈ নিযুক্তি দিয়াসকলৰ অসিদ্ধতাৰ প্ৰতি আমি কেনে প্ৰতিক্ৰিয়া দেখুৱা উচিত? (৪) আমাৰ হৃদয়ত বিকশিত হোৱা আপত্তিকাৰক মনোবৃত্তিক আঁতৰ কৰিবলৈ আমি কি কৰা আৱশ্যক? (৫) আমাক দিয়া বিশেষাধিকাৰৰ প্ৰতি আমি কেনে অনুভৱ কৰা উচিত? (৬) ঈশ্বৰৰ প্ৰতি বজাই ৰাখা আনুগত্যতকৈ কাক আমি অধিক গুৰুত্ব দিয়া উচিত নহয় আৰু কেতিয়া এইটো আমাৰ বাবে এক কঠিন পৰীক্ষা হʼব পাৰে?
মণ্ডলীত এই বিৱৰণীৰ বিষয়ে আলোচনা কৰাৰ পিছত পুনৰাই আকৌ এবাৰ ভিডিঅʼখন কিয় নাচায়? এতেকে এই ভিডিঅʼখন চাই যিহোৱাৰ অধিকাৰৰ প্ৰতি আমি কিয় সন্মান দেখুৱা উচিত, এই বিষয়ে আপোনাৰ মনত গভীৰভাৱে প্ৰভাৱিত কৰক।—গীত ১৮:২৫; হিতো. ২:৮.