ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 মে’ পৃষ্ঠা ৭
  • প্ৰতিবাদৰ সন্মুখীন হʼবলৈ আপুনি সাজু হৈছেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰতিবাদৰ সন্মুখীন হʼবলৈ আপুনি সাজু হৈছেনে?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • আপুনি সাজু আছেনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • এয়া ‘শেষ-কালৰ’ শেষ সময় হয়, সাজু থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • আৰ্থিক সমস্যাৰ সন্মুখীন হʼবলৈ আপুনি সাজু আছেনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—বাইবেল বিদ্যাৰ্থীসকলক আগতীয়াকৈ প্ৰস্তুতি কৰিবলৈ শিকাওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 মে’ পৃষ্ঠা ৭
এটা পৰিয়ালে টিভিত প্ৰতিবাদ হোৱা বাতৰি চাই আছে। তেওঁলোকৰ ওচৰতে আপাদকালীন পৰিস্থিতিৰ বাবে বেগ ৰখা আছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

প্ৰতিবাদৰ সন্মুখীন হʼবলৈ আপুনি সাজু হৈছেনে?

এই জগতৰ অন্ত একেবাৰে কাষ চাপিছে, সেইবাবে দিনক দিনে সন্ত্ৰাসবাদ, প্ৰতিবাদ আৰু যুদ্ধ বাঢ়ি গৈ আছে। (প্ৰকা ৬:৪) আহিবলগীয়া সমস্যাৰ সন্মুখীন হʼবলৈ আমি এতিয়াৰে পৰা কেনেকৈ সাজু থাকিব পাৰোঁ?

  • বিশ্বাসী হৈ থাকিবলৈ প্ৰস্তুতি কৰক: সমস্যাৰ সন্মুখীন হোৱাৰ বিষয়ে বাইবেলত উল্লেখ থকা সিদ্ধান্ত আৰু ঘটনাবোৰ পঢ়ক। এনে কৰিলে যিহোৱা আৰু তেওঁৰ সংগঠনৰ ওপৰত আপোনাৰ ভৰসা বাঢ়িব আৰু আপুনি নিৰপেক্ষ হৈ থাকিব পাৰিব। (হিতো ১২:৫; w১৩-HI ৯/১৫ ১৪ ¶১১) ইয়াৰ উপৰিও এতিয়াৰে পৰা মণ্ডলীৰ ভাই-ভনীসকলৰ লগত গভীৰ বন্ধুত্ব গঢ়ি তোলক।—১পিত ৪:৭, ৮.

  • প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহ কৰক: ঘৰত যথেষ্ট পৰিমাণে লাগতিয়াল বস্তুবোৰ গোটাই ৰাখক, যাতে ঘৰৰ ভিতৰত বন্ধ হৈ থাকিলেও আপুনি চলিব পাৰে। আগতীয়াকৈ চিন্তা কৰক যে ঘৰ এৰি যাবলগীয়া হʼলে আপুনি কʼত থাকিব। এটা বেগত গ্লভ্‌ছ আৰু মাস্ক, আন প্ৰয়োজনীয় বস্তু আৰু অলপ টকা-পইচা সুমুৱাই ৰাখক, যাতে বিপদ আহিলে সেই বেগ লৈ ওলাই যাব পাৰে। বেগত সকলো বস্তু ভাল অৱস্থাত আছে নে নাই মাজে-সময়ে চাই থাকক। এজনে-আনজনৰ লগত যোগাযোগ কৰিবলৈ প্ৰাচীনসকলক নিজৰ ঠিকনা আৰু ফোন নম্বৰ দিয়ক আৰু তেওঁলোকৰো ঠিকনা আৰু ফোন নম্বৰ লওক।—যিচ ৩২:২; g১৭.৫-HI ৩-৭

প্ৰতিবাদৰ সময়ছোৱাত সভাত উপস্থিত হʼবলৈ, প্ৰাৰ্থনা আৰু অধ্যয়ন কৰিবলৈ এৰি নিদিব। (ফিলি ১:৯) প্ৰয়োজন নোহোৱালৈকে ঘৰ সলনি নকৰিব। (মথি ১০:১৬) খোৱা বস্তুবোৰ আনকো দিয়ক।—ৰোম ১২:১৩.

আপুনি দুৰ্যোগৰ সন্মুখীন হʼবলৈ সাজু আছেনে? নামৰ ভিডিঅʼখন চাওক আৰু তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • দুৰ্যোগৰ সময়ত যিহোৱাই কেনেকৈ আমাক সহায় কৰিব পাৰে?

  • দুৰ্যোগৰ সন্মুখীন হʼবলৈ আমি এতিয়াৰেপৰা কি কৰিব পাৰোঁ?

  • দুৰ্যোগৰ সন্মুখীন হোৱা লোকসকলক আমি কেনেকৈ সহায় কৰিব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক