ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 মে’ পৃষ্ঠা ৫
  • আৰ্থিক সমস্যাৰ সন্মুখীন হʼবলৈ আপুনি সাজু আছেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আৰ্থিক সমস্যাৰ সন্মুখীন হʼবলৈ আপুনি সাজু আছেনে?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • আপুনি সাজু আছেনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • এয়া ‘শেষ-কালৰ’ শেষ সময় হয়, সাজু থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • প্ৰতিবাদৰ সন্মুখীন হʼবলৈ আপুনি সাজু হৈছেনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 মে’ পৃষ্ঠা ৫

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আৰ্থিক সমস্যাৰ সন্মুখীন হʼবলৈ আপুনি সাজু আছেনে?

যেতিয়া পৃথিৱীত এনে কিছুমান ঘটনা ঘটে, যাৰ যোগেদি সকলো দেশত আৰ্থিক সমস্যা দেখিবলৈ পোৱা যায়, তেতিয়া আমি আচৰিত নহওঁ। কিয় বাৰু? কাৰণ আমি একেবাৰে শেষ কালত জীয়াই আছোঁ। ইয়াৰ উপৰিও আমি বাইবেলৰ এই পৰামৰ্শ পালন কৰোঁ, ‘ধনৰ অনিশ্চয়তাত ভাৰসা নকৰিবা।’ (১তীম ৬:১৭; ২তীম ৩:১) তথাপি আমি আৰ্থিক সমস্যাৰ সন্মুখীন হʼবলৈ সাজু থাকিব পাৰোঁ। এই ক্ষেত্ৰত আমি ৰজা যিহোচাফটৰ পৰা শিকিব পাৰোঁ।

যেতিয়া আন দেশে যিহূদাৰ ওপৰত আক্ৰমণ কৰিবলগীয়া আছিল, তেতিয়া যিহোচাফটে যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে। (২বং ২০:৯-১২) ইয়াৰ উপৰিও তেওঁ কিছুমান পদক্ষেপো লʼলে। যেনে, তেওঁ অনেক দুৰ্গ সাজিলে আৰু নগৰবোৰত সৈন্যদল ৰাখিলে। (২বং ১৭:১, ২, ১২, ১৩) সমস্যাৰ সন্মুখীন হʼবলৈ আমিও যিহোচাফটৰ দৰে যিহোৱাৰ ওপৰত ভৰসা কৰা উচিত আৰু কিছুমান পদক্ষেপ লোৱা উচিত।

আৰ্থিক সমস্যাৰ সন্মুখীন হʼবলৈ আমি আগতীয়াকৈ কি কৰিব পাৰোঁ?

যিহোৱাৰ লগত নিজৰ সম্পৰ্ক মজবুত কৰক: আপোনাৰ ওচৰত যি আছে, তাতে সন্তুষ্ট হৈ থাকক আৰু যিহোৱাই আপোনাৰ প্ৰয়োজনীয়তা পূৰ কৰিব বুলি ভৰসা ৰাখক। (মথি ৬:২৬; ১তীম ৬:৮) থিৰাং কৰক যে আপুনি নিজৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ কেতিয়াও বাইবেলৰ সিদ্ধান্তৰ বিৰুদ্ধে কাম নকৰিব। (ৰোম ২:২১) আগতীয়াকৈ চিন্তা কৰক যে যদি কাৰেন্ট বা ইন্টাৰনেট নাথাকে, তেনেহʼলে বাইবেল আৰু তাৰ ওপৰত আধাৰিত আলোচনীবোৰ পঢ়ি থাকিবলৈ আপুনি কি কৰিব। আপুনি ছপা কৰা আলোচনীবোৰ নিজৰ ওচৰত ৰাখিব পাৰে। সম্ভৱ হʼলে আপুনি ফোন বা টেবলেটত এইবোৰ আগতীয়াকৈ ডাউনলʼড কৰি ৰাখিব পাৰে।

টকা-পইচা আৰু প্ৰয়োজনীয় বস্তুবোৰৰ ক্ষেত্ৰত তৈয়াৰী কৰক: কোনো আৰ্থিক সমস্যা অহাৰ আগতে আপোনাৰ যি ধাৰ মাৰিবলগীয়া আছে, তাক মাৰক আৰু অদৰকাৰী খৰচ নকৰিব। (হিতো ২২:৭) সম্ভৱ হʼলে যথেষ্ট পৰিমাণে খোৱা-বোৱাৰ বস্তু আৰু আন প্ৰয়োজনীয় বস্তুবোৰ ঘৰত ৰাখক। কিছুমান লোকে হয়তো শাক-পাচলিৰ খেতি কৰি টকা-পইচা বচায়।

আপুনি দুৰ্যোগৰ সন্মুখীন হʼবলৈ সাজু আছেনে? নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

“আপুনি দুৰ্যোগৰ সন্মুখীন হʼবলৈ সাজু আছেনে?” নামৰ ভিডিঅʼখনৰ এটা দৃশ্য। ছবিখনত এখন বাইবেল, এটা আপাদকালীন বেগ, মোবাইল আৰু নিৰ্মাণ কামত সহায় কৰা ভাই-ভনীসকলক দেখুৱা হৈছে।
  • যিকোনো দুৰ্যোগৰ সন্মুখীন হʼবলৈ আমি প্ৰতিজনে কি তৈয়াৰী কৰিব পাৰোঁ?

“আপুনি দুৰ্যোগৰ সন্মুখীন হʼবলৈ সাজু আছেনে?” নামৰ ভিডিঅʼখনৰ এটা দৃশ্য। ভাই-ভনীসকলে সাহায্য কাম আৰু নিৰ্মাণ কামৰ বাবে ট্ৰাকৰ পৰা বস্তু নমাই আছে।
  • আনক সহায় কৰিবলৈ আমি কেনেকৈ সাজু থাকিব পাৰোঁ?

লক্ষ্য

পাৰিবাৰিক উপাসনাত ২০২২ চনৰ সচেতন থাকক! (হিন্দী) নং ১ আলোচনীৰ ওপৰত আলোচনা কৰক। লগতে এই বিষয়েও কথা পাতক যে দুৰ্যোগৰ সন্মুখীন হʼবলৈ আপুনি আৰু কি পদক্ষেপ লʼব পাৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক