ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মে’ পৃষ্ঠা ৯
  • এয়া ‘শেষ-কালৰ’ শেষ সময় হয়, সাজু থাকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এয়া ‘শেষ-কালৰ’ শেষ সময় হয়, সাজু থাকক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • আপুনি সাজু আছেনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • প্ৰতিবাদৰ সন্মুখীন হʼবলৈ আপুনি সাজু হৈছেনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • আৰ্থিক সমস্যাৰ সন্মুখীন হʼবলৈ আপুনি সাজু আছেনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • সমস্যাৰ সময়ত আনক সহায় কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মে’ পৃষ্ঠা ৯
এখন ঘৰত এটা পৰিয়ালে জৰুৰীকালীন পৰিস্থিতিৰ বাবে খোৱা বস্তু, পানী আৰু অন্যান্য সামগ্ৰী গোটাইছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

এয়া ‘শেষ-কালৰ’ শেষ সময় হয়, সাজু থাকক

আমি ‘শেষ-কালৰ’ শেষ সময়ত জীয়াই আছোঁ। সেইবাবে, দিনক দিনে সমস্যা আৰু বাঢ়িব। (২তীম ৩:১; মথি ২৪:৮) দুৰ্যোগৰ সময়ত আমি নিজৰ জীৱন ৰক্ষা কৰিবলৈ কি কৰা উচিত, তাৰ বিষয়ে সংগঠনে আমাক জনায়। যদি আমি এতিয়াৰেপৰা সংগঠনৰ নিৰ্দেশনা পালন কৰি সাজু থাকোঁ, তেনেহʼলে দুৰ্ঘটনাৰ সময়ত আমাৰ জীৱন ৰক্ষা পৰিব। আমি এতিয়াৰেপৰা যিহোৱাৰ লগত নিজৰ সম্পৰ্ক মজবুত কৰা উচিত আৰু ব্যৱহাৰিক পদক্ষেপ লোৱা উচিত।—লূক ১৬:১০.

  • যিহোৱাৰ লগত নিজৰ সম্পৰ্ক মজবুত কৰক: উপাসনাৰ লগত জড়িত কামবোৰ কৰিবলৈ ভাল অভ্যাস গঢ়ি তোলক। প্ৰচাৰ কৰাৰ বেলেগ বেলেগ উপায় শিকক। যদি কিছু সময়ৰ বাবে আপুনি ভাই-ভনীসকলৰ লগত লগ কৰিব নোৱাৰে, তেনেহʼলে ভয় নকৰিব। (যিচ ৩০:১৫) যিহোৱা আৰু যীচু সদায় আপোনাৰ লগত থাকিব।—od-HI ১৭৬ ¶১৫-১৭

  • ব্যৱহাৰিক পদক্ষেপ লওক: আপদকালীন বেগ তৈয়াৰ কৰক। ইয়াৰ উপৰিও, প্ৰতিটো পৰিয়ালত যথেষ্ট পৰিমাণে খোৱা বস্তু, পানী, দৰৱ আৰু আন প্ৰয়োজনীয় বস্তুবোৰ থকা উচিত। হঠাতে কিবা দুৰ্ঘটনা হʼলে আৰু তেওঁলোকে বেলেগ ঠাইত থাকিবলগীয়া হʼলে, এই বস্তুবোৰ কামত আহিব।—হিতো ২২:৩; g১৭.৫-HI ৪, ৬

প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হʼবলৈ সাজু আছেনে? নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ‘প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হʼবলৈ সাজু আছেনে?’ নামৰ ভিডিঅʼখনৰ চিনত এজন ভায়ে বাইবেল পঢ়িছে।

    দুৰ্যোগৰ সন্মুখীন হʼবলৈ আমি যিহোৱাৰ লগত নিজৰ সম্পৰ্ক কেনেকৈ মজবুত কৰিব পাৰোঁ?

  • ‘প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হʼবলৈ সাজু আছেনে?’ নামৰ ভিডিঅʼখনৰ চিনত ছবিত এটা আপদকালীন বেগ, যোগাযোগৰ তথ্য আৰু জৰুৰীকালীন পৰিস্থিতিত এটা পৰিয়ালে ক’ত লগ কৰিব, তাৰ এখন মানচিত্ৰ দেখুওৱা হৈছে।

    আমি কিয় . . .

    • প্ৰাচীনসকলৰ লগত যোগাযোগ ৰখা উচিত?

    • আমি আপদকালীন বেগ কিয় তৈয়াৰ কৰি ৰখা উচিত?

    • আমাৰ এলেকাত কি কি প্ৰাকৃতিক দুৰ্যোগ হʼব পাৰে আৰু এনে পৰিস্থিতিত কি কৰিব লাগে, তাৰ বিষয়ে আমি পৰিয়ালৰ লগত কিয় আলোচনা কৰা উচিত?

  • ‘প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হʼবলৈ সাজু আছেনে?’ নামৰ ভিডিঅʼখনৰ চিনত দেখুওৱা হৈছে যে ছবি: দুৰ্যোগৰ সন্মুখীন হোৱা লোকসকলক সহায় কৰাৰ উপায়। ১. এজন ভাই তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিছে। ২. ভাইসকলে দুৰ্যোগ সাহাৰ্য্যৰ সহায় কৰিছে। ৩. এজন ভায়ে বিশ্বজুৰি কামৰ বাবে দান বৰঙণী দিছে।

    দুৰ্ঘটনাৰ সন্মুখীন হোৱা ভাই-ভনীসকলক সহায় কৰিবলৈ আমি কি তিনিটা কাম কৰিব পাৰোঁ?

নিজকে সোধক, ‘COVID-19 মহামাৰীয়ে মোক কি শিকালে? মই প্ৰতিটো বিপদৰ বাবে আগতীয়াকৈ কেনেকৈ প্ৰস্তুত থাকিব পাৰোঁ?’

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক