ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
ভাবি-চিন্তি জীৱন-সংগী বাছনি কৰক
চলোমনে মুৰ্খতাৰ কাম কৰিলে। তেওঁ এনে তিৰোতাবিলাকক বিয়া পাতিলে, যিসকলে মিছা দেৱী-দেৱতাবোৰক পূজা কৰিছিল (১ৰাজা ১১:১, ২; w১৮.০৭-HI ১৮ ¶৭)
চলোমনৰ পত্নীসকলে লাহে লাহে তেওঁৰ মন ভুলালে আৰু যিহোৱাৰ পৰা তেওঁক আঁতৰাই নিলে (১ৰাজা ১১:৩-৬; w১৯.০১-HI ১৫ ¶৬)
যিহোৱাই চলোমনক বহুত খং কৰিলে (১ৰাজা ১১:৯, ১০; w১৮.০৭-HI ১৯ ¶৯)
বাইবেলত সত্য খ্ৰীষ্টানসকলক পৰামৰ্শ দিয়া হৈছে যে তেওঁলোকে “কেৱল প্ৰভুত” বিয়া কৰিব লাগে। (১কৰি ৭:৩৯) কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে যদি এজন ব্যক্তিয়ে বাপ্তিষ্মা লৈছে, তেনেহʼলে তেওঁ আপোনাৰ ভাল জীৱন-সংগী হʼব। কাৰোবাৰ লগত বিয়া কৰিবলৈ খৰ-খেদা নকৰিব। অলপ সময় লৈ তেওঁৰ বিষয়ে জানিবলৈ চেষ্টা কৰক। নিজকে সোধক, ‘তেওঁ মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰিবলৈ মোক সহায় কৰিবনে? যিহোৱাৰ সেৱা কৰা তেওঁৰ কিছু বছৰ হʼলনে? তেওঁ হৃদয়েৰে যিহোৱাক প্ৰেম কৰে বুলি তেওঁৰ কামৰ পৰা বুজিব পাৰিনে?’