ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 মে’ পৃষ্ঠা ৩
  • নিজকে যিহোৱাৰ দৃষ্টিৰে চাওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নিজকে যিহোৱাৰ দৃষ্টিৰে চাওক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • নম্ৰ হওক আৰু কিছুমান কথা নাজানোঁ বুলি মানি লওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • যিহোৱাই আপোনাক প্ৰেম কৰে বুলি বিশ্বাস ৰাখক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • যিহোৱাই “ভগ্ন-চিত্তীয়াবিলাকক সুস্থ কৰে”
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 মে’ পৃষ্ঠা ৩

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

নিজকে যিহোৱাৰ দৃষ্টিৰে চাওক

“যিহোৱাই নিজ প্ৰজাবিলাকত সন্তোষ পায়।” (গীত ১৪৯:৪) আমি যদিও অসিদ্ধ হয়, কিন্তু যিহোৱাই আমাৰ ভাল গুণবোৰলৈ ধ্যান দিয়ে। আমি কি কি কৰিব পাৰোঁ, তেওঁ সেয়াও চায়। কিন্তু কেতিয়াবা কেতিয়াবা হয়তো কিছুমান কাৰণৰ বাবে আমি নিজৰ মাজত ভাল গুণবোৰ দেখা নাপাওঁ। যেনে, আনে যেতিয়া আমাৰ লগত বেয়া ব্যৱহাৰ কৰে, তেতিয়া আমি ভাবিব পাৰোঁ যে আমি কোনো কামৰ যোগ্য নহয় অথবা অতীতত কৰা কোনো এটা ভুলৰ বাবে আমাক হয়তো লাগিব পাৰে যে যিহোৱাই আমাক প্ৰেম কৰিব নোৱাৰে। এনেধৰণৰ ভাৱনাৰ পৰা যুঁজিবলৈ আমি কি কৰিব পাৰোঁ?

মনত ৰাখক, মানুহে যিবোৰ চাব নোৱাৰে, সেইবোৰ যিহোৱাই চাব পাৰে। (১চমূ ১৬:৭) আনকি, আমি নিজৰ মাজত যিবোৰ দেখা নাপাওঁ, সেইবোৰ যিহোৱাই চাব পাৰে। লগতে আনন্দৰ কথা যে যিহোৱাই আমাক কি দৃষ্টিৰে চায়, সেয়া আমি বাইবেলৰ পৰা জানিব পাৰোঁ। বাইবেলত এনে বহুতো পদ আৰু উদাহৰণ দিয়া আছে, যাৰ পৰা আমি জানিব পাৰোঁ যে যিহোৱাই নিজৰ সেৱকসকলক কিমান প্ৰেম কৰে।

যিহোৱাই আপোনাক প্ৰেম কৰে বুলি নিজকে প্ৰমাণ দিয়ক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • এজন লʼৰা আৰু তেওঁৰ দেউতাকৰ উদাহৰণৰ পৰা আমি কি শিকিব পাৰোঁ?

  • যেতিয়া এজন ব্যক্তিয়ে গম্ভীৰ পাপ কৰাৰ পাছত যিহোৱাৰ ওচৰলৈ উভতি আহিবলৈ পদক্ষেপ লয়, তেতিয়া যিহোৱাই তেওঁক প্ৰেম কৰে বুলি তেওঁ নিজকে কেনেকৈ প্ৰমাণ দিব পাৰে?—১যোহ ৩:১৯, ২০

  • যেতিয়া ভাইজনে দায়ূদ আৰু যিহোচাফটৰ বিষয়ে পঢ়িলে আৰু ধ্যান কৰিলে, তেতিয়া তেওঁৰ কি লাভ হʼল?

বাইবেলৰ উদাহৰণ, যিয়ে আমাৰ বিশ্বাস বঢ়াই যে . . .

লোকসকলে আমাৰ বিষয়ে যিয়ে নাভাবক কিয়, যিহোৱাই আমাক প্ৰেম কৰে

  • হনোক (আদি ৫:২৪; ইব্ৰী ১১:৫; যিহূ ১৪, ১৫)

  • হান্না (১চমূ ১:১–২:১১, ১৮-২১, ২৬)

অনুতাপ কৰা লোকসকলক যিহোৱাই ক্ষমা কৰে

  • মনচি (২বং ৩৩:১-৭, ১২, ১৩)

  • পৌল (১তীম ১:১২-১৬)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক